--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি শাওণৰ প্ৰথমটো সোমবাৰ। সেয়েহে শাওণ মাহ আৰম্ভ হোৱাৰ লগে লগে বাবা মহাকালৰ দৰবাৰত ভক্তৰ ভিৰ বৃদ্ধি পাইছে। শাওণৰ প্ৰথম সোমবাৰে মহাকালেশ্বৰ মন্দিৰত বাবা মহাকালৰ এক বিশেষ ভস্ম আৰতি সম্পন্ন কৰা হয়। এই সময়ত মন্দিৰত বৃহৎসংখ্যক ভক্ত উপস্থিত আছিল। মধ্যপ্ৰদেশৰ উজ্জয়িন নগৰত অৱস্থিত মহাকালেশ্বৰ জ্যোতিৰ্লিংৰ ভস্ম আৰতি অতি বিখ্যাত।

 শ্মশানৰ ছাইৰে কৰা হয় আৰতি-

উজ্জয়িনক বাবা মহাকাল নগৰ বুলি কোৱা হয়। ইয়াত অৱস্থিত মহাকালেশ্বৰ মন্দিৰত প্ৰতিদিনে পুৱা ভগৱান শিৱৰ ৰুদ্ৰৱতৰ ভগৱান মহাকালৰ ওচৰত ভস্ম আৰতি কৰা হয়। এই আৰতিত বাবা মহাকালক যি ভস্ম অৰ্পণ কৰা হয়, সেয়া হৈছে দাহস্থলীৰ ছাই। এই আৰতিৰ বাবে কৰা হৈছে বাবা মহাকালৰ বিশেষ প্ৰস্তুতি। এই সময়ত মহাকালক ত্ৰিপুন্দ, ত্ৰিশুল, আৰু মুকুটেৰে শোভা পায়। চন্দন, অক্ষত, বেলপাত, ফুল আদি ভগৱানৰ ওচৰত অৰ্পণ কৰা হয়। ভস্ম আৰতিৰ পাছত বাবা মহাকালক ফল-মূল আৰু মিঠাই আগবঢ়োৱা হয়। দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে মহাকালেশ্বৰ মন্দিৰত উপস্থিত হৈ পুৱাৰ ভাগত অনুষ্ঠিত হোৱা এই ভস্ম আৰতি চাবলৈ অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হয়।

 সম্পূৰ্ণ শাওণ মাহটোত থাকে ভক্তৰ সমাৱেশ-

শাওণ মাহত বাবা মহাকাল চাবলৈ মহাকালেশ্বৰ মন্দিৰত উপস্থিত হয় দূৰ-দূৰণিৰ ভক্তসকল। শাওণৰ সোমবাৰকে ধৰি গোটেই শাওণ মাহত মন্দিৰত বিশেষ পূজা-অভিষেক কৰা হয়। মহাকালেশ্বৰ মন্দিৰত শাওণ মাহত ৰুদ্ৰভিষেক অনুষ্ঠিত কৰাৰ বাবে কেইবাদিনো আগতীয়াকৈ অনলাইনৰ জৰিয়তে বুকিং আৰম্ভ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ