--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি শাওণৰ প্ৰথমটো সোমবাৰ। সেয়েহে শাওণ মাহ আৰম্ভ হোৱাৰ লগে লগে বাবা মহাকালৰ দৰবাৰত ভক্তৰ ভিৰ বৃদ্ধি পাইছে। শাওণৰ প্ৰথম সোমবাৰে মহাকালেশ্বৰ মন্দিৰত বাবা মহাকালৰ এক বিশেষ ভস্ম আৰতি সম্পন্ন কৰা হয়। এই সময়ত মন্দিৰত বৃহৎসংখ্যক ভক্ত উপস্থিত আছিল। মধ্যপ্ৰদেশৰ উজ্জয়িন নগৰত অৱস্থিত মহাকালেশ্বৰ জ্যোতিৰ্লিংৰ ভস্ম আৰতি অতি বিখ্যাত।

 শ্মশানৰ ছাইৰে কৰা হয় আৰতি-

উজ্জয়িনক বাবা মহাকাল নগৰ বুলি কোৱা হয়। ইয়াত অৱস্থিত মহাকালেশ্বৰ মন্দিৰত প্ৰতিদিনে পুৱা ভগৱান শিৱৰ ৰুদ্ৰৱতৰ ভগৱান মহাকালৰ ওচৰত ভস্ম আৰতি কৰা হয়। এই আৰতিত বাবা মহাকালক যি ভস্ম অৰ্পণ কৰা হয়, সেয়া হৈছে দাহস্থলীৰ ছাই। এই আৰতিৰ বাবে কৰা হৈছে বাবা মহাকালৰ বিশেষ প্ৰস্তুতি। এই সময়ত মহাকালক ত্ৰিপুন্দ, ত্ৰিশুল, আৰু মুকুটেৰে শোভা পায়। চন্দন, অক্ষত, বেলপাত, ফুল আদি ভগৱানৰ ওচৰত অৰ্পণ কৰা হয়। ভস্ম আৰতিৰ পাছত বাবা মহাকালক ফল-মূল আৰু মিঠাই আগবঢ়োৱা হয়। দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে মহাকালেশ্বৰ মন্দিৰত উপস্থিত হৈ পুৱাৰ ভাগত অনুষ্ঠিত হোৱা এই ভস্ম আৰতি চাবলৈ অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হয়।

 সম্পূৰ্ণ শাওণ মাহটোত থাকে ভক্তৰ সমাৱেশ-

শাওণ মাহত বাবা মহাকাল চাবলৈ মহাকালেশ্বৰ মন্দিৰত উপস্থিত হয় দূৰ-দূৰণিৰ ভক্তসকল। শাওণৰ সোমবাৰকে ধৰি গোটেই শাওণ মাহত মন্দিৰত বিশেষ পূজা-অভিষেক কৰা হয়। মহাকালেশ্বৰ মন্দিৰত শাওণ মাহত ৰুদ্ৰভিষেক অনুষ্ঠিত কৰাৰ বাবে কেইবাদিনো আগতীয়াকৈ অনলাইনৰ জৰিয়তে বুকিং আৰম্ভ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু