--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাৰিষাৰ এই উৎকট‌ গৰমত তেতিয়া ডাৱৰে আকাশ ক’লা কৰে  তেতিয়া হৃদয়ত এক অদ্ভুত সন্তুষ্টিৰ সৃষ্টি হয়, কিন্তু এই বতৰত বিভিন্ন ৰোগ আৰু জ্বলা-পোৰাৰ ভয়। বাৰিষাৰ সময়ত গছ-গছনিৰে ভৰা টাবৰ ফাঁকত লুকাই থকা সাপটোৱেও ভয়ৰ সঞ্চাৰ কৰে। কিয়নো বাৰিষাৰ দিনকেইটা সাপৰ প্ৰজনন কাল হোৱা বাবে এই সময়ছোৱাত সাপৰ সংখ্যা বৃদ্ধি পায়। ইফালে বাৰিষাৰ পানীয়ে সাপৰ অাশ্ৰয়স্থলৰ ক্ষতিসাধন কৰে বাবে নিৰুপায় হৈ ওখ শুকান ঠাইত অাশ্ৰয় ল’বলৈ গৈ মানুহৰ বসতি স্থানত প্ৰৱেশ কৰে।

শেহতীয়াকৈ নয়ডাৰ এখন সমাজত এমাহত ৫৯টা সাপ ওলোৱাৰ বাতৰি চৰ্চাত আছিল । এই সাপবোৰৰ ভিতৰত সৰ্বাধিক সংখ্যক আছিল কোব্ৰা বা ফেঁটীসাপ । ইফালে ছত্তীশগড়ত এটা ঘৰৰ দেৱাল ভাঙোতে ওলাই আহিছিল এক ডজনতকৈও অধিক সাপ। ঘৰত সাপৰ উপদ্ৰৱ হ’লে কি কৰিব লাগে জানো আহক

কাৰ্বলিক এচিড: সাপক বাধা দিবলৈ ব্যৱহাৰ কৰিব পৰা আটাইতকৈ উত্তম অস্ত্ৰ হৈছে কাৰ্বলিক এচিড । যদি ঘৰৰ চাৰিওফালে কাৰ্বলিক এচিড বিয়পাই দিব পাৰি, তেন্তে সাপৰ গতিবিধি কম কৰিব পাৰি। তদুপৰি এনে কৰিলে আন্ধাৰত খোজ কাঢ়াৰ ভয়ো কম  হয়।

চালফাৰ পাউদাৰ: হাতত কাৰ্বলিক এচিড নাথাকিলে সাপ লৰচৰ কৰা ঠাইত বা সাপতো অহা দিশত  চালফাৰ পাউদাৰ ছটিয়াই দিব লাগে। এনে কৰিলে সাপটো গুচি যায়। চালফাৰ গুড়িয়ে সাপৰ ছালত বিৰক্তি দিয়ে। ফলত সেই দিশলৈ সাপটো বৰ বেছি দূৰলৈ গতি নকৰে।

নহৰু: ঘৰত কাৰ্বলিক এচিড নাথাকিলে নহৰু ঘৰৰ চাৰিওফালে বিয়পাই দিব পাৰে। নহৰুখিনি থেতেলিয়াই তাৰ লগত সৰিয়হ তেল মিহলাই লওক। এদিনৰ বাবে থৈ দিব। আৰু সেই মিশ্ৰণটো ঘৰৰ চাৰিওফালে ছটিয়াই দিব। এনে কৰিলেও সাপৰ উপদ্ৰৱ কম হয়।

নেফথালিন: হাতত কাৰ্বলিক এচিড নাথাকিলে ইয়াৰ বিকল্প হিচাপে নেফথালিন ব্যৱহাৰ কৰিব পাৰে। এনে কৰিলে সাপটো গুচি যায়। লগতে ঘৰৰ চাৰিওফালে যদি জলাশয় থকা ঠাই আছে, বা বহুদিনৰ পৰা ক’ৰবাত পানী জমা হৈ আছে, তেন্তে তাত অলপ ভিনেগাৰ বিয়পাই দিব পাৰে। তেতিয়াও সেই ঠাইত লুকাই থকা সাপটো আঁতৰি যাব।

আচলতে ‘সাৱধানতাই হৈছে সৰ্প দংশন বা সাপ আঁতৰাই ৰখা আৰু হাত সাৰি থকাৰ অন্যতম উপায়। উল্লেখযোগ্য মানুহে সাপক যিমান ভয় কৰে তাতকৈ সাপে মানুহক বেছি ভয় কৰে। 
সেয়ে সতৰ্ক হওক কিন্তু সাপক বিনা কাৰণত ক্ষতি নকৰিব

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু