--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাৰিষাৰ এই উৎকট‌ গৰমত তেতিয়া ডাৱৰে আকাশ ক’লা কৰে  তেতিয়া হৃদয়ত এক অদ্ভুত সন্তুষ্টিৰ সৃষ্টি হয়, কিন্তু এই বতৰত বিভিন্ন ৰোগ আৰু জ্বলা-পোৰাৰ ভয়। বাৰিষাৰ সময়ত গছ-গছনিৰে ভৰা টাবৰ ফাঁকত লুকাই থকা সাপটোৱেও ভয়ৰ সঞ্চাৰ কৰে। কিয়নো বাৰিষাৰ দিনকেইটা সাপৰ প্ৰজনন কাল হোৱা বাবে এই সময়ছোৱাত সাপৰ সংখ্যা বৃদ্ধি পায়। ইফালে বাৰিষাৰ পানীয়ে সাপৰ অাশ্ৰয়স্থলৰ ক্ষতিসাধন কৰে বাবে নিৰুপায় হৈ ওখ শুকান ঠাইত অাশ্ৰয় ল’বলৈ গৈ মানুহৰ বসতি স্থানত প্ৰৱেশ কৰে।

শেহতীয়াকৈ নয়ডাৰ এখন সমাজত এমাহত ৫৯টা সাপ ওলোৱাৰ বাতৰি চৰ্চাত আছিল । এই সাপবোৰৰ ভিতৰত সৰ্বাধিক সংখ্যক আছিল কোব্ৰা বা ফেঁটীসাপ । ইফালে ছত্তীশগড়ত এটা ঘৰৰ দেৱাল ভাঙোতে ওলাই আহিছিল এক ডজনতকৈও অধিক সাপ। ঘৰত সাপৰ উপদ্ৰৱ হ’লে কি কৰিব লাগে জানো আহক

কাৰ্বলিক এচিড: সাপক বাধা দিবলৈ ব্যৱহাৰ কৰিব পৰা আটাইতকৈ উত্তম অস্ত্ৰ হৈছে কাৰ্বলিক এচিড । যদি ঘৰৰ চাৰিওফালে কাৰ্বলিক এচিড বিয়পাই দিব পাৰি, তেন্তে সাপৰ গতিবিধি কম কৰিব পাৰি। তদুপৰি এনে কৰিলে আন্ধাৰত খোজ কাঢ়াৰ ভয়ো কম  হয়।

চালফাৰ পাউদাৰ: হাতত কাৰ্বলিক এচিড নাথাকিলে সাপ লৰচৰ কৰা ঠাইত বা সাপতো অহা দিশত  চালফাৰ পাউদাৰ ছটিয়াই দিব লাগে। এনে কৰিলে সাপটো গুচি যায়। চালফাৰ গুড়িয়ে সাপৰ ছালত বিৰক্তি দিয়ে। ফলত সেই দিশলৈ সাপটো বৰ বেছি দূৰলৈ গতি নকৰে।

নহৰু: ঘৰত কাৰ্বলিক এচিড নাথাকিলে নহৰু ঘৰৰ চাৰিওফালে বিয়পাই দিব পাৰে। নহৰুখিনি থেতেলিয়াই তাৰ লগত সৰিয়হ তেল মিহলাই লওক। এদিনৰ বাবে থৈ দিব। আৰু সেই মিশ্ৰণটো ঘৰৰ চাৰিওফালে ছটিয়াই দিব। এনে কৰিলেও সাপৰ উপদ্ৰৱ কম হয়।

নেফথালিন: হাতত কাৰ্বলিক এচিড নাথাকিলে ইয়াৰ বিকল্প হিচাপে নেফথালিন ব্যৱহাৰ কৰিব পাৰে। এনে কৰিলে সাপটো গুচি যায়। লগতে ঘৰৰ চাৰিওফালে যদি জলাশয় থকা ঠাই আছে, বা বহুদিনৰ পৰা ক’ৰবাত পানী জমা হৈ আছে, তেন্তে তাত অলপ ভিনেগাৰ বিয়পাই দিব পাৰে। তেতিয়াও সেই ঠাইত লুকাই থকা সাপটো আঁতৰি যাব।

আচলতে ‘সাৱধানতাই হৈছে সৰ্প দংশন বা সাপ আঁতৰাই ৰখা আৰু হাত সাৰি থকাৰ অন্যতম উপায়। উল্লেখযোগ্য মানুহে সাপক যিমান ভয় কৰে তাতকৈ সাপে মানুহক বেছি ভয় কৰে। 
সেয়ে সতৰ্ক হওক কিন্তু সাপক বিনা কাৰণত ক্ষতি নকৰিব

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ