--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাৰ পৰা পোহৰলৈ আহিছে এক অদ্ভুত ঘটনা, য’ত এমাহৰ ভিতৰতে এজন যুৱকক সাপে পাঁচবাৰকৈ খুটিলে। কিন্তু প্ৰতিবাৰেই চিকিৎসাৰ পিছত যুৱকজন সুস্থ হৈ উঠিছিল। যুৱকজনক চিকিৎসা কৰা চিকিৎসকসকলেও আচৰিত হৈছে যে সাপে খুটাৰ পিছত তেওঁ বাৰে বাৰে কেনেকৈ সুস্থ হৈ উঠিছে।


সাপৰ ভয়ত যুৱকজনে ঘৰ এৰি মাহীয়েকৰ ঘৰত থাকিবলৈ আৰম্ভ কৰে। কিন্তু সাপে তেওঁক তাতো এৰি দিয়া নাই। মাহীয়েকৰ ঘৰতো সাপে দংশন কৰিলে যুৱকজনক। এই ঘটনাত যুৱকজনৰ লগতে তেওঁৰ পৰিয়ালৰ লোকক গভীৰভাৱে অশান্তি দিছে। ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে তেওঁলোক।

ঘটনাটো ফতেহপুৰ জিলাৰ মালৱা থানা এলেকাৰ সৌৰা গাঁৱৰ। ইয়াত বাস কৰা বিকাশ ডুবে (২৪)ক এমাহৰ ভিতৰত পাঁচবাৰকৈ সাপে খুটিলে যদিও প্ৰতিবাৰেই চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছিল। বৰ্তমানেও ব্যক্তিগত চিকিৎসালয়ত তেওঁ চিকিৎসাধীন হৈ আছে। কাৰণ, শেহতীয়াকৈ আকৌ সাপে খুটিলে বিকাশ ডুবেক।

বিকাশে কয় যে, যোৱা ২ জুনৰ নিশা ৯ বজাত বিচনাত শুবলৈ গৈ প্ৰথমবাৰৰ বাবে সাপে খুটিছিল। ইয়াৰ পিছত পৰিয়ালটোৱে তেওঁক ব্যক্তিগত নাৰ্চিং হোমলৈ লৈ যায়। দুদিন তাত ভৰ্তি হৈছিল। চিকিৎসাৰ অন্তত তেওঁ সুস্থ হৈ ঘৰলৈ আহিছিল। পৰিয়ালটোৱে অনুভৱ কৰিলে যে এইটো এটা স্বাভাৱিক ঘটনা। কিন্তু ১০ জুনৰ নিশা সাপে পুনৰ খুটিলে। মোৰ পৰিয়ালৰ লোকে লগে লগে মোক চিকিৎসালয়লৈ লৈ গ’ল। সৌভাগ্যৰ কথা যে এইবাৰো মই চিকিৎসাৰ পিছত আৰোগ্য লাভ কৰিলো। অৱশ্যে সাপলৈ ভয় খাই সাৱধানতা অৱলম্বন কৰিবলৈ ধৰিলো। কিন্তু সাত দিনৰ পাছত (১৭ জুন) সাপটোৱে আকৌ এবাৰ ঘৰত খুটিলে, যাৰ বাবে অৱস্থা বেয়া হ’বলৈ ধৰিলে আৰু পৰিয়ালৰ লোকে ভয় খালে। তাৰ পিছত একেখন হস্পিতালতে চিকিৎসা কৰি আৰোগ্য লাভ কৰিলোঁ।

আশ্চৰ্যজনক কথাটো হ’ল চতুৰ্থবাৰৰ বাবে সাপে ৭ দিনো পাৰ হ’বলৈ নিদিলে। ঘটনাৰ চতুৰ্থ দিনা সাপে বিকাশক আকৌ এবাৰ খুটিলে। যেতিয়া পৰিয়ালে তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ গ’ল, আনকি চিকিৎসকসকলো আচৰিত হ’ল। অৱশ্যে এইবাৰো তেওঁ চিকিৎসাৰ অন্তত বাচিল।

এনে অৱস্থাত আত্মীয়-স্বজন আৰু ডাক্তৰে উপদেশ দিলে যে বিকাশক কিছুদিনৰ বাবে আন ঠাইলৈ পঠিয়াব লাগে। সেই পৰামৰ্শ অনুসৰণ কৰি বিকাশ মাহীয়েকৰ ঘৰত (ৰাধাননগৰ) থাকিবলৈ গ’ল। কিন্তু যোৱা শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত তেওঁক পুনৰ মাহীয়েকৰ ঘৰত সাপে খুটিলে। ইয়াৰ পাছত পৰিয়ালে তেওঁক পুনৰ একেখন চিকিৎসালয়তে ভৰ্তি কৰে, য’ত বিকাশ বৰ্তমান চিকিৎসাধীন হৈ আছে।

এই ঘটনাক লৈ মানুহে বেলেগ বেলেগ কথা কৈছে। আনকি চিকিৎসকসকলো আচৰিত হৈ পৰিছে। ভৱিষ্যতে কিবা অশুভ ঘটনা ঘটিব পাৰে বুলি আতংকিত হৈ পৰিছে পৰিয়ালৰ লোক। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এমাহৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা
২১ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন
ৰাজ্যত আগন্তুক ৫ দিনলৈ আহিব বৰষুণ
বিলাসীপাৰাত চলিব অসম ইতিহাসৰ অন্যতম সৰ্ববৃহৎ উচ্ছেদ অভিযান
ডিমৌ-নিতাইপুখুৰী পথত দিনদুপৰতে দুৰ্বৃত্তই লুটি নিলে ১০ লক্ষাধিক টকা
বোকাখাতত আকাশৰ পৰা সৰি পৰিল ডাৱৰ!