--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাৰ পৰা পোহৰলৈ আহিছে এক অদ্ভুত ঘটনা, য’ত এমাহৰ ভিতৰতে এজন যুৱকক সাপে পাঁচবাৰকৈ খুটিলে। কিন্তু প্ৰতিবাৰেই চিকিৎসাৰ পিছত যুৱকজন সুস্থ হৈ উঠিছিল। যুৱকজনক চিকিৎসা কৰা চিকিৎসকসকলেও আচৰিত হৈছে যে সাপে খুটাৰ পিছত তেওঁ বাৰে বাৰে কেনেকৈ সুস্থ হৈ উঠিছে।


সাপৰ ভয়ত যুৱকজনে ঘৰ এৰি মাহীয়েকৰ ঘৰত থাকিবলৈ আৰম্ভ কৰে। কিন্তু সাপে তেওঁক তাতো এৰি দিয়া নাই। মাহীয়েকৰ ঘৰতো সাপে দংশন কৰিলে যুৱকজনক। এই ঘটনাত যুৱকজনৰ লগতে তেওঁৰ পৰিয়ালৰ লোকক গভীৰভাৱে অশান্তি দিছে। ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে তেওঁলোক।

ঘটনাটো ফতেহপুৰ জিলাৰ মালৱা থানা এলেকাৰ সৌৰা গাঁৱৰ। ইয়াত বাস কৰা বিকাশ ডুবে (২৪)ক এমাহৰ ভিতৰত পাঁচবাৰকৈ সাপে খুটিলে যদিও প্ৰতিবাৰেই চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছিল। বৰ্তমানেও ব্যক্তিগত চিকিৎসালয়ত তেওঁ চিকিৎসাধীন হৈ আছে। কাৰণ, শেহতীয়াকৈ আকৌ সাপে খুটিলে বিকাশ ডুবেক।

বিকাশে কয় যে, যোৱা ২ জুনৰ নিশা ৯ বজাত বিচনাত শুবলৈ গৈ প্ৰথমবাৰৰ বাবে সাপে খুটিছিল। ইয়াৰ পিছত পৰিয়ালটোৱে তেওঁক ব্যক্তিগত নাৰ্চিং হোমলৈ লৈ যায়। দুদিন তাত ভৰ্তি হৈছিল। চিকিৎসাৰ অন্তত তেওঁ সুস্থ হৈ ঘৰলৈ আহিছিল। পৰিয়ালটোৱে অনুভৱ কৰিলে যে এইটো এটা স্বাভাৱিক ঘটনা। কিন্তু ১০ জুনৰ নিশা সাপে পুনৰ খুটিলে। মোৰ পৰিয়ালৰ লোকে লগে লগে মোক চিকিৎসালয়লৈ লৈ গ’ল। সৌভাগ্যৰ কথা যে এইবাৰো মই চিকিৎসাৰ পিছত আৰোগ্য লাভ কৰিলো। অৱশ্যে সাপলৈ ভয় খাই সাৱধানতা অৱলম্বন কৰিবলৈ ধৰিলো। কিন্তু সাত দিনৰ পাছত (১৭ জুন) সাপটোৱে আকৌ এবাৰ ঘৰত খুটিলে, যাৰ বাবে অৱস্থা বেয়া হ’বলৈ ধৰিলে আৰু পৰিয়ালৰ লোকে ভয় খালে। তাৰ পিছত একেখন হস্পিতালতে চিকিৎসা কৰি আৰোগ্য লাভ কৰিলোঁ।

আশ্চৰ্যজনক কথাটো হ’ল চতুৰ্থবাৰৰ বাবে সাপে ৭ দিনো পাৰ হ’বলৈ নিদিলে। ঘটনাৰ চতুৰ্থ দিনা সাপে বিকাশক আকৌ এবাৰ খুটিলে। যেতিয়া পৰিয়ালে তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ গ’ল, আনকি চিকিৎসকসকলো আচৰিত হ’ল। অৱশ্যে এইবাৰো তেওঁ চিকিৎসাৰ অন্তত বাচিল।

এনে অৱস্থাত আত্মীয়-স্বজন আৰু ডাক্তৰে উপদেশ দিলে যে বিকাশক কিছুদিনৰ বাবে আন ঠাইলৈ পঠিয়াব লাগে। সেই পৰামৰ্শ অনুসৰণ কৰি বিকাশ মাহীয়েকৰ ঘৰত (ৰাধাননগৰ) থাকিবলৈ গ’ল। কিন্তু যোৱা শুকুৰবাৰে নিশা প্ৰায় ১২ বজাত তেওঁক পুনৰ মাহীয়েকৰ ঘৰত সাপে খুটিলে। ইয়াৰ পাছত পৰিয়ালে তেওঁক পুনৰ একেখন চিকিৎসালয়তে ভৰ্তি কৰে, য’ত বিকাশ বৰ্তমান চিকিৎসাধীন হৈ আছে।

এই ঘটনাক লৈ মানুহে বেলেগ বেলেগ কথা কৈছে। আনকি চিকিৎসকসকলো আচৰিত হৈ পৰিছে। ভৱিষ্যতে কিবা অশুভ ঘটনা ঘটিব পাৰে বুলি আতংকিত হৈ পৰিছে পৰিয়ালৰ লোক। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ