--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এহাল পতি-পত্নীৰ আত্মহত্যাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশত। পাটনাৰ বাসিন্দা হৰিশ বাগেশ আৰু গোৰখপুৰৰ বাসিন্দা সঞ্চিতা শ্ৰীবাস্তৱে স্কুলীয়া সময়ৰ পৰাই ইজনে সিজনক ভাল পাইছিল আৰু পাছত দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু বিবাহৰ কেইবছৰমানৰ পাছত দেওবাৰে বাৰাণসীত চিপ লৈ হৰিশে আত্মহত্যা কৰে। স্বামীৰ মৃত্যুৰ শোক সহ্য কৰিব নোৱাৰি সঞ্চিতাই পিতৃগৃহৰ ঘৰৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। 
Harish-Sanchita Suicide: 'तुम्हारे बिना नहीं जी पाऊंगी', बोलते हुए संचिता ने छत से लगा दी छलांग; पुल‍िस तलाश रही इस सवाल का जवाब
এই দম্পতীৰ আত্মহত্যাৰ পিছত দুয়োটা পৰিয়াল শোকত ভাগি পৰিছে। আৰক্ষীয়ে সদৰী কৰা অনুসৰি হৰিশ আৰু সঞ্চিতাই বাৰাণসীৰ একেখন বিদ্যালয়তে পঢ়া-শুনা কৰি একাদশ শ্ৰেণীত ইজনে সিজনৰ প্ৰেমত পৰে। পাছত দুয়ো প্ৰেম বিবাহ কৰে। ইয়াৰ পাছত তেওঁলোকে মুম্বাইত থাকিবলৈ আৰম্ভ কৰে য’ত হৰিশে এম বি এ কৰি ব্যক্তিগত বেংকত কাম কৰে। তেওঁলোকে সুখেৰে দিন কটাইছিল।
यूपी में कपल ने दी जान
কিছুদিনৰ পাছত সঞ্চিতা শ্ৰীবাস্তৱৰ স্বাস্থ্যৰ অৱনতি ঘটাত গোৰখপুৰৰ বিখ্যাত চিকিৎসক পিতৃ ৰামচৰণ দাসে তেওঁক নিজৰ চহৰলৈ লৈ গ’ল। খোদ গোৰখপুৰতে চিকিৎসাধীন হৈ আছিল সঞ্চিতা। পত্নীক চোৱাচিতা কৰিবলৈ হৰিশেও বেংকৰ চাকৰি এৰি গোৰখপুৰলৈ আহি যোৱা কেইবামাহো শহুৰেকৰ ঘৰত থাকি পত্নীক চম্ভালি লৈছিল।

প্ৰতিবেদন অনুসৰি এই সময়ছোৱাত হৰিশে বহু ঠাইত চাকৰি বিচাৰিছিল যদিও হতাশ হৈছিল। ক’তো চাকৰি নাপালে। দুদিন আগতে হৰিশে পাটনাত থকা নিজৰ ঘৰলৈ যাম বুলি শহুৰেকৰ ঘৰৰ পৰা ওলাই আহিছিল যদিও নিজৰ চহৰলৈ অহাৰ সলনি বাৰাণসীলৈ গৈছিল। পৰিয়ালৰ লোকে ফোন কৰি  তেওঁক নোপোৱাৰ পাছত পৰিয়ালৰ লোকে তেওঁক বিচাৰি বাৰাণসীৰ সাৰনাথ অঞ্চলত উপস্থিত হয়, য’ত হৰিশক হোম ষ্টেৰ এটা কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।
कपल ने दी जान
এই খবৰটো তেওঁৰ শহুৰেক ডাঃ ৰামচৰণ দাসে পোৱাৰ লগে লগে তেওঁ বাৰাণসীলৈ ৰাওনা হ’ল। সঞ্চিতাই স্বামীৰ মৃত্যুৰ কথা গম পাই সহ্য কৰিব নোৱাৰি ঘৰৰ ওপৰৰ চাদলৈ গৈ জপিয়াই দিয়ে। তাতেই তেওঁৰ মৃত্যু হয়।

সাৰনাথত আৰক্ষীয়ে হৰিশৰ মৃতদেহ চিনাক্ত কৰে তেওঁৰ লগত পোৱা আধাৰ কাৰ্ডৰ পৰা। আৰক্ষীয়ে হৰিশৰ মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। অৱশ্যে সেই স্থানৰ পৰা কোনো ছুইচাইড নোট পোৱা নগ’ল। 
Did MBA, Didn't Get A Job... Went To Banaras And Hanged Himself, Wife  Jumped From Building In Gorakhpur After Hearing News Of Death - Gondwana  University
প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে চাকৰি হেৰুৱাৰ পিছত হৰিশে হতাশাত জীয়াই থাকিবলৈ আৰম্ভ কৰিছিল আৰু সুৰা আসক্তও হৈ পৰিছিল। সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল