--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এহাল পতি-পত্নীৰ আত্মহত্যাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশত। পাটনাৰ বাসিন্দা হৰিশ বাগেশ আৰু গোৰখপুৰৰ বাসিন্দা সঞ্চিতা শ্ৰীবাস্তৱে স্কুলীয়া সময়ৰ পৰাই ইজনে সিজনক ভাল পাইছিল আৰু পাছত দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। কিন্তু বিবাহৰ কেইবছৰমানৰ পাছত দেওবাৰে বাৰাণসীত চিপ লৈ হৰিশে আত্মহত্যা কৰে। স্বামীৰ মৃত্যুৰ শোক সহ্য কৰিব নোৱাৰি সঞ্চিতাই পিতৃগৃহৰ ঘৰৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। 
Harish-Sanchita Suicide: 'तुम्हारे बिना नहीं जी पाऊंगी', बोलते हुए संचिता ने छत से लगा दी छलांग; पुल‍िस तलाश रही इस सवाल का जवाब
এই দম্পতীৰ আত্মহত্যাৰ পিছত দুয়োটা পৰিয়াল শোকত ভাগি পৰিছে। আৰক্ষীয়ে সদৰী কৰা অনুসৰি হৰিশ আৰু সঞ্চিতাই বাৰাণসীৰ একেখন বিদ্যালয়তে পঢ়া-শুনা কৰি একাদশ শ্ৰেণীত ইজনে সিজনৰ প্ৰেমত পৰে। পাছত দুয়ো প্ৰেম বিবাহ কৰে। ইয়াৰ পাছত তেওঁলোকে মুম্বাইত থাকিবলৈ আৰম্ভ কৰে য’ত হৰিশে এম বি এ কৰি ব্যক্তিগত বেংকত কাম কৰে। তেওঁলোকে সুখেৰে দিন কটাইছিল।
यूपी में कपल ने दी जान
কিছুদিনৰ পাছত সঞ্চিতা শ্ৰীবাস্তৱৰ স্বাস্থ্যৰ অৱনতি ঘটাত গোৰখপুৰৰ বিখ্যাত চিকিৎসক পিতৃ ৰামচৰণ দাসে তেওঁক নিজৰ চহৰলৈ লৈ গ’ল। খোদ গোৰখপুৰতে চিকিৎসাধীন হৈ আছিল সঞ্চিতা। পত্নীক চোৱাচিতা কৰিবলৈ হৰিশেও বেংকৰ চাকৰি এৰি গোৰখপুৰলৈ আহি যোৱা কেইবামাহো শহুৰেকৰ ঘৰত থাকি পত্নীক চম্ভালি লৈছিল।

প্ৰতিবেদন অনুসৰি এই সময়ছোৱাত হৰিশে বহু ঠাইত চাকৰি বিচাৰিছিল যদিও হতাশ হৈছিল। ক’তো চাকৰি নাপালে। দুদিন আগতে হৰিশে পাটনাত থকা নিজৰ ঘৰলৈ যাম বুলি শহুৰেকৰ ঘৰৰ পৰা ওলাই আহিছিল যদিও নিজৰ চহৰলৈ অহাৰ সলনি বাৰাণসীলৈ গৈছিল। পৰিয়ালৰ লোকে ফোন কৰি  তেওঁক নোপোৱাৰ পাছত পৰিয়ালৰ লোকে তেওঁক বিচাৰি বাৰাণসীৰ সাৰনাথ অঞ্চলত উপস্থিত হয়, য’ত হৰিশক হোম ষ্টেৰ এটা কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।
कपल ने दी जान
এই খবৰটো তেওঁৰ শহুৰেক ডাঃ ৰামচৰণ দাসে পোৱাৰ লগে লগে তেওঁ বাৰাণসীলৈ ৰাওনা হ’ল। সঞ্চিতাই স্বামীৰ মৃত্যুৰ কথা গম পাই সহ্য কৰিব নোৱাৰি ঘৰৰ ওপৰৰ চাদলৈ গৈ জপিয়াই দিয়ে। তাতেই তেওঁৰ মৃত্যু হয়।

সাৰনাথত আৰক্ষীয়ে হৰিশৰ মৃতদেহ চিনাক্ত কৰে তেওঁৰ লগত পোৱা আধাৰ কাৰ্ডৰ পৰা। আৰক্ষীয়ে হৰিশৰ মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। অৱশ্যে সেই স্থানৰ পৰা কোনো ছুইচাইড নোট পোৱা নগ’ল। 
Did MBA, Didn't Get A Job... Went To Banaras And Hanged Himself, Wife  Jumped From Building In Gorakhpur After Hearing News Of Death - Gondwana  University
প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে চাকৰি হেৰুৱাৰ পিছত হৰিশে হতাশাত জীয়াই থাকিবলৈ আৰম্ভ কৰিছিল আৰু সুৰা আসক্তও হৈ পৰিছিল। সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ