--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰৰ ক্লান্তি বা ভাগৰ দূৰ কৰিবলৈ পৰ্যাপ্ত পৰিমাণে জিৰণি লোৱা আৰু সঠিক টোপনি অতি প্ৰয়োজনীয়। মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ দৈনিক ৬-৮ ঘণ্টা গভীৰ টোপনিৰ বৰ প্ৰয়োজন।

কিন্তু বহু লোকে যিমান সময় শুব লাগে সিমান সময় নুশুৱে। যাৰ ফলত গোটেই দিনটো শৰীৰে ভাগৰুৱা অনুভৱ কৰে। ইয়াৰ উপৰিও আন ৮টা কাৰণ আছে যিয়ে আপোনাক সকলো সময়তে ভাগৰুৱা অনুভৱ কৰাব পাৰে। কি জানি লওক -

১)পৰ্যাপ্ত পৰিমাণে নোখোৱাঃ পানী আমাৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান। বিভিন্ন গৱেষণাৰ তথ্য অনুসৰি ডিহাইড্ৰেচন অৰ্থাৎ পৰ্যাপ্ত পৰিমাণে পানী নাখালে মানুহে অধিক ভাগৰুৱা অনুভৱ কৰে। কাৰণ শৰীৰত পানী নোহোৱা হ’লে তেজৰ সোঁত কমি যায়। ফলত শৰীৰত অক্সিজেন আৰু প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহ পোৱাৰ গতি কমি যায়। সেয়ে শৰীৰে ভাগৰ অনুভৱ কৰে।

২)আইৰণৰ অভাৱঃ আইৰণৰ অভাৱত শৰীৰ কেৱল ভাগৰুৱা হোৱাই নহয়, খিংখিঙীয়াও হৈ পৰে। শৰীৰত আইৰণৰ অভাৱৰ ফলত পেশী আৰু কোষত অক্সিজেন কমকৈ পোৱা যায়। কম পৰিমাণে আইৰণ সেৱন কৰিলেও ৰক্তহীনতা হ’ব পাৰে। আইৰণৰ অভাৱ পূৰণ কৰিবলৈ বিন, কণী, সেউজীয়া শাক-পাচলি, বাদাম আৰু পনীৰ নিয়মিতভাৱে খাব লাগে।

৩)ব্ৰেকফাষ্ট এৰি দিয়াঃ ব্যস্ততাৰ বাবে বহুতে ৰাতিপুৱা ব্ৰেকফাষ্ট নকৰাকৈ ওলাই যায়। কিন্তু ব্ৰেকফাষ্টে শৰীৰক শক্তি দিয়ে। ৰাতিপুৱা পুষ্টিকৰ খাদ্য খালেও মেটাবলিজমৰ হাৰ বৃদ্ধি পায়। ব্ৰেকফাষ্ট এৰি দিয়া লোকসকলে অধিক ভাগৰুৱা অনুভৱ কৰে। ব্ৰেকফাষ্টত কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু ভাল চৰ্বি থাকিব লাগে।

৪)ৱৰ্কআউট কৰা নহয়ঃ বহুতে ব্যায়াম কৰিবলৈ ভাল নাপায়, আৰু কিছুমানৰ সময় নাথাকে। কিন্তু আপুনি জানি আচৰিত হ’ব, ব্যায়ামৰ ফলত সুখী হৰম’নৰ নিৰ্গমন বৃদ্ধি পায়, যিয়ে আপোনাক অধিক শক্তিশালী কৰি তুলিব আৰু দিনটোৰ ক্লান্তিৰ পৰা উপশম পাব।

৫)কঠোৰ পৰিশ্ৰম আৰু মানসিক চাপঃ চিন্তা কৰি কৰ্মস্থলীত অতিৰিক্ত ঘণ্টা সময় কটালেও আপুনি সকলো সময়তে ভাগৰুৱা অনুভৱ কৰিব পাৰে। জীৱনৰ আন দিশবোৰক আওকাণ কৰি কেতিয়াও সুখী হ’ব নোৱাৰে। মানসিক চাপে ক্লান্তিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। মনত ৰাখিব, মানসিক চাপ হৈছে আটাইতকৈ ডাঙৰ নীৰৱ হত্যাকাৰী।

৬)শোৱাৰ আগতে মদ্যপান কৰাঃ শোৱাৰ আগতে মদ্যপান কৰাটো শৰীৰৰ বাবে অতি ক্ষতিকাৰক। বিশেষজ্ঞসকলৰ মতে এই অভ্যাসৰ ফলত এড্ৰিনেলিন ব্যৱস্থাত হঠাতে উত্থান ঘটে, যাৰ ফলত টোপনিত বাধাৰ সৃষ্টি হয়। ফলত কেতিয়াও গভীৰ টোপনি নাহে। ইয়াৰ বাবে ৰাতি বাৰে বাৰে সাৰ পাব পাৰে। যিটোৱে পিছদিনা আপোনাৰ ভাগৰ বৃদ্ধিৰ বাবে দায়ী।

৭)স্মাৰ্টফোনৰ অত্যধিক ব্যৱহাৰঃ অত্যধিক স্মাৰ্টফোনৰ ব্যৱহাৰে টোপনিত ব্যাঘাত জন্মায়। ফলত গোটেই দিনটো মানুহে ভাগৰুৱা অনুভৱ কৰে।

৮)অত্যধিক কেফেইন সেৱন কৰাঃ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কেইবা কাপ কেফেইন সেৱন কৰে বহু কফিপ্ৰেমীয়ে। ফলত শৰীৰে ভাগৰ অনুভৱ কৰে। কফিয়ে আপোনাৰ টোপনিত গুৰুতৰভাৱে ব্যাঘাত জন্মাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ