--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় পৰিচালক ৰাম গোপাল বাৰ্মাই শ্ৰীদেৱীক বহুত ভাল পাইছিল, সেই কথা সকলোৱে জানে। তেওঁ কেতিয়াও এই কথা লুকুৱাই থোৱা নাই। সুযোগ পালেই শ্ৰীদেৱীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৰাম গোপাল বাৰ্মা। আনকি এবাৰ তেওঁ শ্ৰীদেৱীক উদ্দ্যেশি কথা কৈ বিতৰ্কৰ মাজতো সোমাই পৰিছিল। তেওঁ কৈছিল- শ্ৰীদেৱী ইমান সুন্দৰী হৈ বনী কাপুৰৰ দৰে মানুহ এজনকহে স্বামী বৰিলে। 

শেহতীয়াকৈ এক সাক্ষাৎকাৰত ৰাম গোপাল বাৰ্মাই আকৌ এবাৰ শ্ৰীদেৱীৰ কথা উল্লেখ কৰিলে। এইবাৰ তেওঁ শ্ৰীদেৱীৰ কন্যা জাহ্নৱী কাপুৰক লৈও নিজৰ মতামত প্ৰকাশ কৰে।

ৰাম গোপাল বাৰ্মাই কৈছিল- এতিয়ালৈকে শ্ৰীদেৱীক জাহ্নৱীৰ মাজত মই দেখা পোৱা নাই। শ্ৰীদেৱীক প্ৰশংসা কৰি ৰামে কয়- ‘‘তেওঁ বহুত সুন্দৰ আছিল আৰু তেওঁৰ অপৰিসীম অভিনয় দক্ষতা আছিল। আগতে তেওঁৰ অভিনয় চাই থাকোঁতে পাহৰি গৈছিলোঁ যে মই এজন পৰিচালক। মই তেওঁক দৰ্শকৰ দৰে চাইছিলোঁ। এয়াই তেওঁৰ অভিনয়ৰ প্ৰতিভা।’’

জাহ্নৱীৰ কাপুৰৰ সৈতে কাম কৰা সম্পৰ্কে ৰাম গোপালক সোধাত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় - ‘‘মাকক মোৰ ভাল লাগিছিল, কিন্তু ছোৱালীজনীক ভাল নালাগে। এই কথা মই নেতিবাচকভাৱে কোৱা নাই। সঁচা কথা ক’বলৈ গ’লে মোৰ কেৰিয়াৰৰ সময়ছোৱাত এনে বহু অভিনেতা আৰু ডাঙৰ তাৰকা আছে যাৰ লগত মই কোনো বিশেষ সংযোগ স্থাপন কৰিব পৰা নাছিলো। গতিকে জাহ্নৱীৰ লগত এখন চিনেমা কৰাৰ মোৰ কোনো উদ্দেশ্য নাই।’’

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে ৰাম গোপাল বাৰ্মাই নতুন প্ৰজেক্টেৰে কামবেক কৰাৰ প্ৰস্তুতি চলাইছে। ইয়াত মনোজ বাজপেয়ীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু