--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় পৰিচালক ৰাম গোপাল বাৰ্মাই শ্ৰীদেৱীক বহুত ভাল পাইছিল, সেই কথা সকলোৱে জানে। তেওঁ কেতিয়াও এই কথা লুকুৱাই থোৱা নাই। সুযোগ পালেই শ্ৰীদেৱীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৰাম গোপাল বাৰ্মা। আনকি এবাৰ তেওঁ শ্ৰীদেৱীক উদ্দ্যেশি কথা কৈ বিতৰ্কৰ মাজতো সোমাই পৰিছিল। তেওঁ কৈছিল- শ্ৰীদেৱী ইমান সুন্দৰী হৈ বনী কাপুৰৰ দৰে মানুহ এজনকহে স্বামী বৰিলে। 

শেহতীয়াকৈ এক সাক্ষাৎকাৰত ৰাম গোপাল বাৰ্মাই আকৌ এবাৰ শ্ৰীদেৱীৰ কথা উল্লেখ কৰিলে। এইবাৰ তেওঁ শ্ৰীদেৱীৰ কন্যা জাহ্নৱী কাপুৰক লৈও নিজৰ মতামত প্ৰকাশ কৰে।

ৰাম গোপাল বাৰ্মাই কৈছিল- এতিয়ালৈকে শ্ৰীদেৱীক জাহ্নৱীৰ মাজত মই দেখা পোৱা নাই। শ্ৰীদেৱীক প্ৰশংসা কৰি ৰামে কয়- ‘‘তেওঁ বহুত সুন্দৰ আছিল আৰু তেওঁৰ অপৰিসীম অভিনয় দক্ষতা আছিল। আগতে তেওঁৰ অভিনয় চাই থাকোঁতে পাহৰি গৈছিলোঁ যে মই এজন পৰিচালক। মই তেওঁক দৰ্শকৰ দৰে চাইছিলোঁ। এয়াই তেওঁৰ অভিনয়ৰ প্ৰতিভা।’’

জাহ্নৱীৰ কাপুৰৰ সৈতে কাম কৰা সম্পৰ্কে ৰাম গোপালক সোধাত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় - ‘‘মাকক মোৰ ভাল লাগিছিল, কিন্তু ছোৱালীজনীক ভাল নালাগে। এই কথা মই নেতিবাচকভাৱে কোৱা নাই। সঁচা কথা ক’বলৈ গ’লে মোৰ কেৰিয়াৰৰ সময়ছোৱাত এনে বহু অভিনেতা আৰু ডাঙৰ তাৰকা আছে যাৰ লগত মই কোনো বিশেষ সংযোগ স্থাপন কৰিব পৰা নাছিলো। গতিকে জাহ্নৱীৰ লগত এখন চিনেমা কৰাৰ মোৰ কোনো উদ্দেশ্য নাই।’’

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে ৰাম গোপাল বাৰ্মাই নতুন প্ৰজেক্টেৰে কামবেক কৰাৰ প্ৰস্তুতি চলাইছে। ইয়াত মনোজ বাজপেয়ীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ