--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: সীমা সমস্যা সন্দৰ্ভত সদনত শুকুৰবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক বিবৃতি প্ৰকাশ কৰে৷ অৰুণাচল আৰু নাগালেণ্ড সন্দৰ্ভত বৰ্তমানেও গোচৰ চলি আছে বুলি অভিহিত কৰে তেওঁ৷ মিজোৰামে সীমান্তৰ বনভূমি নিজৰ বুলি দাবী কৰিছিল৷ অসমৰ সীমান্তত আক্ৰমণ চলাইছিল মিজোৰামে বুলি তথ্য সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ লগতে তেওঁ কয়, ‘আমি ২০০ হেক্টৰ ভূমি পুনৰ দখললৈ আনিছিলো’৷

মিজোৰামে অসমৰ সীমাত ক'ভিড চেণ্টাৰ পাতিছিল৷ অসমৰ মাটিত জুম খেতি কৰাৰ পক্ষত আছিল মিজোৰাম৷ পাহাৰৰ শিখৰৰ পৰা অসম আৰক্ষীলৈ গুলীয়াইছিল বুলিও অভিযোগ কৰি হিমন্তই উল্লেখ কৰে যে, বিগত দুমাহত অসমৰ মাটি দখল কৰিব পৰা নাই মিজোৰামে৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অসমে চুবুৰীয়া ৰাজ্যৰ লগত সংঘাত নিবিচাৰে৷ শান্তি-সমৃদ্ধি বজাই ৰখাটো আমাৰ কাম্য বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ