--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ঘটনা৷ ওমদুৰমান চহৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে চুডানৰ এখন সামৰিক বিমান। বুধবাৰে সামৰিক আৰু স্বাস্থ্য বিষয়াসকলে এক চমু বিবৃতিত জনোৱা মতে, মঙলবাৰে ওমদুৰমানৰ উত্তৰ দিশৰ ৱাডি ছায়েদনা বিমানঘাটিৰ পৰা উৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় এণ্টন’ভ বিমানখন। ওমদুৰমান ৰাজধানী খাৰ্টুমৰ ভগ্নী চহৰ। মঙলবাৰে খাৰ্টুমৰ উপকণ্ঠ অঞ্চলত সংঘটিত এই ঘটনাৰ ফলত প্ৰায় ৪৬ জনলোকৰ মৃত্যু হোৱাৰ বুলি জানিব পৰা গৈছে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সেনাৰ বিবৃতি অনুসৰি এই দুৰ্ঘটনাত নিহত হৈছে সামৰিক জোৱান আৰু সাধাৰণ নাগৰিক। অৱশ্যে এই পৰ্যন্ত কিমানজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে সেয়া প্ৰকাশ কৰা হোৱা নাই। কিহৰ বাবে দুৰ্ঘটনা সংঘটিত হৈছে সেই কথাও কোৱা হোৱা নাই।

ইফালে, স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, কমেও ৪৬ জন লোকৰ মৃত্যু হৈছে, যাৰ মৃতদেহ ওমদুৰমানৰ নাউলৈ স্থানান্তৰ কৰা হৈছে। দুজন কণমানি ভাই-ভনীকে ধৰি পাঁচজন আহত সাধাৰণ নাগৰিককো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উল্লেখ্য যে, ২০২৩ চনৰ পৰা চুডান সেনাই আৰ এ এফৰ সৈতে যুদ্ধ কৰি আহিছে। শেহতীয়াকৈ চুডানৰ কেইবাখনো চহৰ আৰু নগৰ আৰ এ এফৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰিছে সেনাই। দুবছৰ ধৰি আৰ এ এফে দখল কৰি ৰখা মুখ্য চহৰ এল-ওবেইদকো মুক্ত কৰে চুডান সনাই। যাৰ পাছত ৰাজপথত একাংশ জনতাই বিজয় উদযাপন কৰা দেখা গৈছে। উত্তৰ কৰ্ডোফান ৰাজ্যৰ ৰাজধানীখন খাৰ্টুমক দাৰফুৰৰ সৈতে সংযোগ কৰা এক কৌশলগত কেন্দ্ৰ। এই ক্ষেত্ৰত শেহতীয়াকৈ লাভ কৰা বিজয়ে সংঘাতৰ এক টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ