--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এতিয়া চীনৰ লক্ষ্য হৈ পৰিছে উত্তৰ মেৰু আৰু ইয়াত থকা বিশাল দুর্লভ খনিজ সম্পদ। এই কথা প্রকাশ কৰিছে আমেৰিকাৰ সামৰিক বাহিনীৰ এজন জ্যেষ্ঠ বিষয়াই। বিষয়াজনে এই বুলি সতৰ্ক কৰি দিয়ে যে চীনে আলস্কাৰ কাষত নিজৰ সামৰিক শক্তি অহৰহ বৃদ্ধি কৰি আছে। দেশখনে অতি সোনকালে আলস্কাৰ কাষত বোমা বৰ্ষণকাৰী বিমান পৰিবাহী যুঁজাৰু জাহাজ মোতায়েন কৰাৰ লগতে সামৰিক ঘাটি স্থাপনৰ দিশত আগবাঢ়িছে। আমেৰিকাৰ উত্তৰ কমাণ্ড (নর্থকম) আৰু উত্তৰ আমেৰিকা এৰ'স্পেচ ডিফেন্স কমাণ্ডৰ মুৰব্বী জেনেৰেল গ্রেগৰি এম গুইলোটে চিনেটৰ সশস্ত্ৰ সেৱা কমিটীৰ আগত এই কথা প্রকাশ কৰে। 

তেওঁ কয় যে চীনে কেৱল আকাশতে নহয় সমুদ্রতো নিজৰ শক্তি বৃদ্ধি কৰিছে। ইয়াৰ লগতে চীন আৰু ৰাছিয়াৰ সহযোগিতাই আমেৰিকাৰ প্ৰতিৰক্ষা কৌশলৰ প্ৰতি ডাঙৰ ভাবুকিৰ সৃষ্টি কৰিছে বুলি তেওঁ কয়। তেওঁৰ মতে উত্তৰ মেৰু এতিয়া সামৰিক শক্তি প্ৰদৰ্শনৰ এক মঞ্চ হৈ পৰিছে। তেওঁ কয় যে উত্তৰ মেৰুত এতিয়া দ্রুত গতিত পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। চীন আৰু ৰাছিয়াই অঞ্চলটোত আধিপত্য বিস্তাৰৰ চেষ্টা কৰি আছে। ইয়াৰ লগতে জলবায়ু পৰিৱৰ্তনৰ ফলত বৰফ গলিবলৈ ধৰিছে। ইয়াৰ ফলত উত্তৰ মেৰুত এতিয়া বিশ্বৰ মহাশক্তিসমূহৰ শক্তি প্ৰদৰ্শনৰ এক নতুন ক্ষেত্ৰত পৰিণত হৈছে। 

সেয়েহে আমেৰিকাই উত্তৰ মেৰুত চীন আৰু ৰাছিয়াৰ পৰা সম্মুখীন হোৱা ভাবুকিৰ সৈতে মোকাবিলা কৰাৰ বাবে নিজৰ মিত্ৰ দেশসমূহৰ সৈতে সজাগ আৰু সতর্ক হৈ থকাৰ প্ৰয়োজন হৈছে। উত্তৰ মেৰুৰ বৰফ গলাৰ ফলত এতিয়া উত্তৰ সামুদ্রিক পথে এক যুগান্তকাৰী পৰিৱৰ্তন আনিছে। ইয়াৰ জৰিয়তে এছিয়া আৰু ইউৰোপৰ মাজত যাত্ৰাৰ সময় যথেষ্ট হ্রাস কৰিছে। আনহাতে উত্তৰ মেৰুত ভূগৰ্ভত থকা বিশ্বৰ ১৩% খাৰুৱা তেল আৰু ৩০% প্রাকৃতিক গেছৰ ভাণ্ডাৰ আছে। ইয়াৰ লগতে আন ভালেমান মূল্যৱান খনিজেৰে ভৰপূৰ হৈ আছে উত্তৰ মেৰু। চীনে ইয়াৰ প্ৰতি চকু ৰাখিছে। চীনৰ পৰা উত্তৰ মেৰুলৈ বহুদূৰ যদিও দেশখনে নিজকে কুমেৰুৰ কাষৰ দেশ বুলি ঘোষণা কৰিছে। ইয়াৰ লগতে কুমেৰুৰ যিটো অংশ নিজৰ কাষৰ বুলি চীনে ঘোষণা কৰিছে উক্ত অঞ্চলটোৰ উন্নয়নৰ বাবে বৃহৎ পৰিমাণৰ ধনো বিনিয়োগ কৰিছে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ