--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১১৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি মাৰিয়া ব্ৰানিয়াছ মৰেৰাই। ১৯০৭ চনত আমেৰিকাত জন্মগ্ৰহণ কৰা আৰু দুটা মহামাৰী আৰু দুখন বিশ্বযুদ্ধৰ সাক্ষী হোৱা বিশ্বৰ আটাইতকৈ পুৰণি ব্যক্তি হিচাপে পৰিচিত স্পেইনৰ মাৰিয়া ব্ৰানিয়াছ মৰেৰাৰ ১১৭ বছৰ বয়সত মৃত্যু হোৱা বুলি তেওঁৰ পৰিয়ালৰ লোকে সদৰি কৰিছে ।

জানিবলৈ পোৱা মতে ১৯১৮ চনৰ ফ্লু, প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধ লগতে স্পেইনৰ গৃহযুদ্ধৰো সাক্ষী ব্ৰানিয়াছৰ ১১৩ সংখ্যক জন্মদিনৰ মাত্ৰ কেইসপ্তাহমানৰ পিছতে ২০২০ চনত ক’ভিড ১৯ ত আক্ৰান্ত হৈছিল। ঘৰৰ কোঠাত আবদ্ধ হৈ আছিল যদিও সম্পূৰ্ণ সুস্থ হৈ উঠিছিল
‘শৃংখলাবদ্ধতা, মানসিক শান্তি, পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে ভাল সংযোগ, প্ৰকৃতিৰ সৈতে সংস্পৰ্শ, আৱেগিক স্থিৰতা, কোনো চিন্তা, কোনো আক্ষেপ, বহুত ইতিবাচকতা আৰু অসৎ সংগৰ পৰা আঁতৰি থকা’ তেওঁৰ দীৰ্ঘায়ুৰ মূল মন্ত্ৰ বুলি জনাইছিল গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছক।
জীৱনৰ পিছৰ কালছোৱাত নিজৰ কথা প্ৰকাশ কৰিবলৈ ভইচ টু টেক্সট ডিভাইচ ব্যৱহাৰ কৰা ব্ৰানিয়াছে কয় যে, ‘মই ভাবো দীৰ্ঘায়ুও ভাগ্যৱান হোৱাৰ কথা।’

বাৰ্চিলোনা বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে ব্ৰানিয়াছৰ দীৰ্ঘায়ুৰ কাৰণ নিৰ্ণয় কৰিবলৈ ডি এন এৰ অধ্যয়ন কৰিছিল আৰু ২০২৩ চনৰ অক্টোবৰ মাহত স্পেইনৰ দৈনিক কাকত এবিচিক জনাইছিল যে তেওঁৰ সুস্বাস্থ্যৰ বাবে তেওঁলোক আচৰিত হৈছিল।
“তেওঁৰ স্মৃতিশক্তি অতি প্ৰসৰ।তেওঁ চাৰি বছৰ বয়সৰ স্মৃতি স্পষ্টভবে মনত পেলাইছে, আৰু তেওঁৰ কোনো হৃদ ৰোগ নাই, যিটো বৃদ্ধসকলৰ মাজত সাধাৰণ। একমাত্ৰ সমস্যা আছিল চলাফোৰা কৰা আৰু শ্ৰৱণ শক্তিৰ উপৰত।’ ই অবিশ্বাস্য বুলি মত প্ৰকাশ কৰে জেনেটিক্সৰ অধ্যাপকগৰাকীয়ে।

আমেৰিকাৰ জেৰ’ণ্ট’লজী ৰিচাৰ্চ গ্ৰুপে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান আটাইতকৈ বয়সীয়াল জীৱিত ব্যক্তিজন হৈছে ১৯০৮ চনৰ ২৩ মে’ত জন্ম গ্ৰহণ কৰা জাপানৰ টমিকো ইটুকা তেওঁৰ এতিয়া ১১৬ বছৰীয়া৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক