--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১১৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি মাৰিয়া ব্ৰানিয়াছ মৰেৰাই। ১৯০৭ চনত আমেৰিকাত জন্মগ্ৰহণ কৰা আৰু দুটা মহামাৰী আৰু দুখন বিশ্বযুদ্ধৰ সাক্ষী হোৱা বিশ্বৰ আটাইতকৈ পুৰণি ব্যক্তি হিচাপে পৰিচিত স্পেইনৰ মাৰিয়া ব্ৰানিয়াছ মৰেৰাৰ ১১৭ বছৰ বয়সত মৃত্যু হোৱা বুলি তেওঁৰ পৰিয়ালৰ লোকে সদৰি কৰিছে ।

জানিবলৈ পোৱা মতে ১৯১৮ চনৰ ফ্লু, প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধ লগতে স্পেইনৰ গৃহযুদ্ধৰো সাক্ষী ব্ৰানিয়াছৰ ১১৩ সংখ্যক জন্মদিনৰ মাত্ৰ কেইসপ্তাহমানৰ পিছতে ২০২০ চনত ক’ভিড ১৯ ত আক্ৰান্ত হৈছিল। ঘৰৰ কোঠাত আবদ্ধ হৈ আছিল যদিও সম্পূৰ্ণ সুস্থ হৈ উঠিছিল
‘শৃংখলাবদ্ধতা, মানসিক শান্তি, পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে ভাল সংযোগ, প্ৰকৃতিৰ সৈতে সংস্পৰ্শ, আৱেগিক স্থিৰতা, কোনো চিন্তা, কোনো আক্ষেপ, বহুত ইতিবাচকতা আৰু অসৎ সংগৰ পৰা আঁতৰি থকা’ তেওঁৰ দীৰ্ঘায়ুৰ মূল মন্ত্ৰ বুলি জনাইছিল গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছক।
জীৱনৰ পিছৰ কালছোৱাত নিজৰ কথা প্ৰকাশ কৰিবলৈ ভইচ টু টেক্সট ডিভাইচ ব্যৱহাৰ কৰা ব্ৰানিয়াছে কয় যে, ‘মই ভাবো দীৰ্ঘায়ুও ভাগ্যৱান হোৱাৰ কথা।’

বাৰ্চিলোনা বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে ব্ৰানিয়াছৰ দীৰ্ঘায়ুৰ কাৰণ নিৰ্ণয় কৰিবলৈ ডি এন এৰ অধ্যয়ন কৰিছিল আৰু ২০২৩ চনৰ অক্টোবৰ মাহত স্পেইনৰ দৈনিক কাকত এবিচিক জনাইছিল যে তেওঁৰ সুস্বাস্থ্যৰ বাবে তেওঁলোক আচৰিত হৈছিল।
“তেওঁৰ স্মৃতিশক্তি অতি প্ৰসৰ।তেওঁ চাৰি বছৰ বয়সৰ স্মৃতি স্পষ্টভবে মনত পেলাইছে, আৰু তেওঁৰ কোনো হৃদ ৰোগ নাই, যিটো বৃদ্ধসকলৰ মাজত সাধাৰণ। একমাত্ৰ সমস্যা আছিল চলাফোৰা কৰা আৰু শ্ৰৱণ শক্তিৰ উপৰত।’ ই অবিশ্বাস্য বুলি মত প্ৰকাশ কৰে জেনেটিক্সৰ অধ্যাপকগৰাকীয়ে।

আমেৰিকাৰ জেৰ’ণ্ট’লজী ৰিচাৰ্চ গ্ৰুপে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান আটাইতকৈ বয়সীয়াল জীৱিত ব্যক্তিজন হৈছে ১৯০৮ চনৰ ২৩ মে’ত জন্ম গ্ৰহণ কৰা জাপানৰ টমিকো ইটুকা তেওঁৰ এতিয়া ১১৬ বছৰীয়া৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ