--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জ্যোতিষ শাস্ত্ৰৰ মতে এই যোগ অতি সংবেদনশীল বুলি গণ্য কৰা হয় আৰু ইয়াৰ প্ৰভাৱে বহু ৰাশিৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ডিজিটেল ডেস্ক: ১৩ ফেব্ৰুৱাৰীত সূৰ্য্যই কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। ইতিমধ্যে এই ৰাশিত ৰাহু উপস্থিত থকাৰ ফলত সূৰ্য্য আৰু ৰাহুৰ সংযোগে এক গুৰুত্বপূৰ্ণ গ্ৰহণ যোগৰ সৃষ্টি কৰিব। জ্যোতিষ শাস্ত্ৰৰ মতে এই যোগ অতি সংবেদনশীল বুলি গণ্য কৰা হয় আৰু ইয়াৰ প্ৰভাৱে বহু ৰাশিৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। 


মন কৰিবলগীয়া যে এই সংযোগৰ ফলতেই ১৭ ফেব্ৰুৱাৰীত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ সংঘটিত হ’ব। যদিও এই সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহয় আৰু সুতক সময়ো নাথাকিব, তথাপিও সূৰ্যগ্ৰহণৰ প্ৰভাৱৰ পৰা আপুনি সাৱধান হ'ব লাগিব, কিয়নো ই কুম্ভৰাশিত সংঘটিত হৈছে। সূর্যগ্রহণো এই সংযোগৰ বাবেই হয়। যাৰ ফলত ইয়াৰ প্ৰভাৱ গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে।


১) কৰ্কট ৰাশিৰ ওপৰত গ্ৰহণৰ প্ৰভাৱ - এই গ্রহণে কৰ্কট ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব। এই ৰাশিৰ অধীনত জন্ম লোৱা মানুহে নেতিবাচক চিন্তাৰ অনুভৱ কৰিব পাৰে আৰু মনোযোগ বিচ্যুতি হোৱাৰ সম্ভাৱনা আছে। আইনী সমস্যাও উদ্ভৱ হ'ব পাৰে। বিত্তীয় বিষয়ত সাৱধানতা অৱলম্বন কৰা অত্যাৱশ্যক।


২) মকৰ ৰাশিৰ ওপৰত গ্ৰহণৰ প্ৰভাৱ - মকৰ ৰাশিৰ ক্ষেত্ৰত শনিৰ সাৰেসাতী শেহতীয়াকৈ শেষ হ’লেও গ্ৰহণৰ প্ৰভাৱে কৰ্মক্ষেত্ৰত ব্যাঘাত সৃষ্টি কৰিব পাৰে। কাম-কাজত সমস্যা, সিদ্ধান্ত গ্ৰহণত জটিলতা আৰু প্ৰেম জীৱনত অসুবিধা দেখা দিব পাৰে। বিনিয়োগৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰাটো জৰুৰী, কিয়নো আৰ্থিক লোকচানৰ আশংকা আছে।


৩) কুম্ভ ৰাশিৰ ওপৰত গ্ৰহণৰ প্ৰভাৱ - কুম্ভ ৰাশিত সূৰ্যগ্ৰহণ আৰু শনিৰ সাৰেসাতীৰ প্ৰভাৱত দাম্পত্য বা সংগীৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। আয় হ্ৰাস আৰু খৰচ বৃদ্ধি পাব পাৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ