--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীপাৱলী শেষ হোৱাৰ লগে লগে আৰম্ভ হয় ষঠ পূজাৰ প্ৰস্তুতি। ছট পূজা বা ষঠ পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ। ষঠ পূজা ভাৰতীয় উপমহাদেশৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগৰ লগতে নেপালৰ মধেশ অঞ্চলৰ স্থানীয় উৎসৱ। প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ষঠ পূজা অনুষ্ঠিত কৰা হয়। উত্তৰ ভাৰতৰ অন্যতম জনপ্ৰিয় উৎসৱ ষঠ পূজা ঘাইকৈ বিহাৰ, উত্তৰ প্ৰদেশ আদিত পালন কৰা হয় যদিও আজিকালি প্ৰায় সকলো ঠাইতে ইয়াৰ উদযাপন কৰা দেখা যায়। বহু মানুহ এই দিনটো উপবাসে থাকে। এইবাৰ ষঠ পূজা উদযাপন হব ৩০ অক্টোবৰত।

এই সময়ত মহিলাসকলে ব্ৰত পালন কৰি পৰিয়ালৰ লোকসকলৰ সমৃদ্ধি, সফলতা আৰু কল্যাণৰ বাবে ভগৱান সূৰ্যৰ ওচৰত প্ৰাৰ্থনা কৰে। শক্তিৰ দেৱতা ভগৱান সূৰ্য্যক আৰাধনা কৰিবলৈ ষঠ পূজা পালন কৰা হয়। ভগৱান সূৰ্যৰ পূজা কৰিলে সকলো ৰোগ নাশ হয় বুলি বিশ্বাস কৰা হয়। কিন্তু এই সময়ত ব্ৰত পালন কৰা সকলে কিছুমান কথাত বিশেষ যত্ন লোৱা উচিত।

আশীৰ্বাদঃ ষঠ পূজাৰ সময়ত কোনো শুভ অনুষ্ঠানত ভাগ লোৱাৰ আগতে স্নান কৰিব লাগিব। এই সময়ত আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনৰ আশীৰ্বাদ লওক। দেহটো ভালদৰে পৰিষ্কাৰ কৰি অৰ্থাৎ হাত ভৰি ধোৱাৰ পিছতহে ভোগ বা প্ৰসাদ বনাব লাগে।

ব্ৰত কথাঃ ভগৱান সূৰ্যক গাখীৰ আৰু পানী অৰ্পণ কৰক। ভালদৰে পূজা কৰক। নিশাৰ সময়ত ব্ৰত কথা শুনিবলৈ নাপাহৰিব। ব্ৰতৰ শেষত চৰ্বত খাই ষঠ পূজাত আগবঢ়োৱা প্ৰসাদ সেৱন কৰিব পাৰিব।

গা ধোৱাঃ সূৰ্য্য দেৱতাক পূজা কৰাৰ আগতে কেতিয়াও প্ৰসাদ সেৱন নকৰিব। স্নান নকৰাকৈ পূজা-পাতলৰ বাবে নিৰ্মিত যিকোনো বস্তু স্পৰ্শ কৰাৰ পৰা বিৰত থাকক। ষঠ পূজাৰ দিনটোত নিৰামিষ খাদ্য সেৱন কৰিব। ইয়াৰ লগতে সুৰাপান বা ধূমপান নকৰিব।

নিমখঃ ভগৱান সূৰ্য্যলৈ আগবঢ়োৱা প্ৰসাদত সাধাৰণ নিমখ ব্যৱহাৰ নকৰিব আৰু লগতে হালধি আৰু পিয়াঁজ খোৱাৰ পৰা বিৰত থাকক। পূজাৰ বাবে সদায় নতুন টোপোলা ব্যৱহাৰ কৰক। গোটেই সময়খিনিত কাকো গালি-গালাজ নাপাৰিব, খং নকৰিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ