--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীপাৱলী শেষ হোৱাৰ লগে লগে আৰম্ভ হয় ষঠ পূজাৰ প্ৰস্তুতি। ছট পূজা বা ষঠ পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ। ষঠ পূজা ভাৰতীয় উপমহাদেশৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগৰ লগতে নেপালৰ মধেশ অঞ্চলৰ স্থানীয় উৎসৱ। প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ষঠ পূজা অনুষ্ঠিত কৰা হয়। উত্তৰ ভাৰতৰ অন্যতম জনপ্ৰিয় উৎসৱ ষঠ পূজা ঘাইকৈ বিহাৰ, উত্তৰ প্ৰদেশ আদিত পালন কৰা হয় যদিও আজিকালি প্ৰায় সকলো ঠাইতে ইয়াৰ উদযাপন কৰা দেখা যায়। বহু মানুহ এই দিনটো উপবাসে থাকে। এইবাৰ ষঠ পূজা উদযাপন হব ৩০ অক্টোবৰত।

এই সময়ত মহিলাসকলে ব্ৰত পালন কৰি পৰিয়ালৰ লোকসকলৰ সমৃদ্ধি, সফলতা আৰু কল্যাণৰ বাবে ভগৱান সূৰ্যৰ ওচৰত প্ৰাৰ্থনা কৰে। শক্তিৰ দেৱতা ভগৱান সূৰ্য্যক আৰাধনা কৰিবলৈ ষঠ পূজা পালন কৰা হয়। ভগৱান সূৰ্যৰ পূজা কৰিলে সকলো ৰোগ নাশ হয় বুলি বিশ্বাস কৰা হয়। কিন্তু এই সময়ত ব্ৰত পালন কৰা সকলে কিছুমান কথাত বিশেষ যত্ন লোৱা উচিত।

আশীৰ্বাদঃ ষঠ পূজাৰ সময়ত কোনো শুভ অনুষ্ঠানত ভাগ লোৱাৰ আগতে স্নান কৰিব লাগিব। এই সময়ত আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনৰ আশীৰ্বাদ লওক। দেহটো ভালদৰে পৰিষ্কাৰ কৰি অৰ্থাৎ হাত ভৰি ধোৱাৰ পিছতহে ভোগ বা প্ৰসাদ বনাব লাগে।

ব্ৰত কথাঃ ভগৱান সূৰ্যক গাখীৰ আৰু পানী অৰ্পণ কৰক। ভালদৰে পূজা কৰক। নিশাৰ সময়ত ব্ৰত কথা শুনিবলৈ নাপাহৰিব। ব্ৰতৰ শেষত চৰ্বত খাই ষঠ পূজাত আগবঢ়োৱা প্ৰসাদ সেৱন কৰিব পাৰিব।

গা ধোৱাঃ সূৰ্য্য দেৱতাক পূজা কৰাৰ আগতে কেতিয়াও প্ৰসাদ সেৱন নকৰিব। স্নান নকৰাকৈ পূজা-পাতলৰ বাবে নিৰ্মিত যিকোনো বস্তু স্পৰ্শ কৰাৰ পৰা বিৰত থাকক। ষঠ পূজাৰ দিনটোত নিৰামিষ খাদ্য সেৱন কৰিব। ইয়াৰ লগতে সুৰাপান বা ধূমপান নকৰিব।

নিমখঃ ভগৱান সূৰ্য্যলৈ আগবঢ়োৱা প্ৰসাদত সাধাৰণ নিমখ ব্যৱহাৰ নকৰিব আৰু লগতে হালধি আৰু পিয়াঁজ খোৱাৰ পৰা বিৰত থাকক। পূজাৰ বাবে সদায় নতুন টোপোলা ব্যৱহাৰ কৰক। গোটেই সময়খিনিত কাকো গালি-গালাজ নাপাৰিব, খং নকৰিব।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু