--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বৰ সৰ্বোচ্চ ডাকঘৰটো ক'ত অৱস্থিত জানেনে? ভাৰতৰে হিমাচল প্ৰদেশৰ স্পিতি জিলাৰ হিক্কিমত অৱস্থিত বিশ্বৰ সৰ্বোচ্চ ডাকঘৰ। সাগৰ পৃষ্ঠৰ পৰা ১৪,৫৬৭ ফুট উচ্চতাত অৱস্থিত এই ডাকঘৰটো। বিশ্বৰ সৰ্বোচ্চ ডাকঘৰটোৱে এতিয়া এক নতুন ৰূপ লাভ কৰিছে। পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ ই এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। 

মূলত: পৰ্যটকক আকৰ্ষিত কৰিবলৈয়ে ডাকঘৰটোক নতুন ৰূপত পুনৰ্নিৰ্মাণ কৰা হৈছে।  ডাকঘৰটোক এতিয়া এটা লেটাৰবক্সৰ আকাৰত গঢ়ি তোলা হৈছে। সামাজিক মাধ্যমত এই নতুন গৃহটিৰ ছবি ভাইৰেল হৈ পৰাৰ পিছত স্বাভাৱিকতেই ই এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে।

বিশ্বৰ সৰ্বোচ্চ এই ডাকঘৰটো ১৯৮৩ চনৰ পৰা হিকিম গাঁৱত এটা পুৰণি ভৱনত চলি আছিল। যিহেতু ভৱনটো জৰাজীৰ্ণ অৱস্থাত আছে, বিভাগটোৱে নতুনকৈ এই কাৰ্যালয়টো নিৰ্মাণ কৰিছে।

লেটাৰবক্স আকৃতিৰ এই ডাকঘৰটো ভাৰতীয় ডাক বিভাগৰ হিমাচল চক্ৰৰ মুখ্য পোষ্ট মাষ্টাৰ জেনেৰেল বন্দিতা কৌলে উদ্বোধন কৰে। আনহাতে সহকাৰী উপায়ুক্ত অভিষেক বাৰ্মা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।

ডাকঘৰটো উদ্বোধন কৰি কৌলে কয় “দেশত এই ডাকঘৰটোৰ দৰে কোনো ডাকঘৰ নাই। ই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। পৃথিৱীৰ পৰা অহা পৰ্যটকসকলে হিকিমি ডাকঘৰৰ পৰা তেওঁলোকৰ নিকট তম প্ৰিয়জনক পত্ৰ প্ৰেৰণ কৰে। পৰ্যটনৰ দিশৰ পৰাও ই অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব।”

আনহাতে, লাহৌল স্পিতিৰ সহকাৰী উপায়ুক্ত অভিষেক বাৰ্মাই কয় যে হিকিমৰ ডাকঘৰ স্পিতলৈ অহা পৰ্যটকৰ প্ৰিয় স্থানবোৰৰ ভিতৰত অন্যতম।

“এতিয়া পৰ্যটকসকলেও এই লেটাৰ বক্সৰ আকৃতিত চলি থকা ডাকঘৰটো ভাল পাব। এই নতুন কাৰ্যালয় গৃহটো লাংচা পঞ্চায়তত স্থাপন কৰা হৈছে।” বাৰ্মাই কয়।

বন্দিতা কৌলৰ মতে, হিকিম গাওঁলৈ অহা পৰ্যটকসকলে সমগ্ৰ দেশ আৰু বিদেশত থকা তেওঁলোকৰ নিকটতম আৰু প্ৰিয়জনক পত্ৰ প্ৰেৰণ কৰে। তেওঁ কয়, "ডাক বিভাগ এতিয়া ডিজিটেল হৈ পৰিছে। ক’ভিদৰ সময়ত, ডাক বিভাগে জনসাধাৰণৰ ঘৰলৈ তেওঁলোকৰ প্ৰাপ্য পেঞ্চন কঢ়িয়াই লৈ গৈছিল। বিভাগটোৱে অনলাইনত অৰ্ডাৰ কৰা সামগ্ৰীও বিতৰণ কৰি আছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ