--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বৰ সৰ্বোচ্চ ডাকঘৰটো ক'ত অৱস্থিত জানেনে? ভাৰতৰে হিমাচল প্ৰদেশৰ স্পিতি জিলাৰ হিক্কিমত অৱস্থিত বিশ্বৰ সৰ্বোচ্চ ডাকঘৰ। সাগৰ পৃষ্ঠৰ পৰা ১৪,৫৬৭ ফুট উচ্চতাত অৱস্থিত এই ডাকঘৰটো। বিশ্বৰ সৰ্বোচ্চ ডাকঘৰটোৱে এতিয়া এক নতুন ৰূপ লাভ কৰিছে। পৰ্যটকক আকৰ্ষিত কৰিব পৰাকৈ ই এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। 

মূলত: পৰ্যটকক আকৰ্ষিত কৰিবলৈয়ে ডাকঘৰটোক নতুন ৰূপত পুনৰ্নিৰ্মাণ কৰা হৈছে।  ডাকঘৰটোক এতিয়া এটা লেটাৰবক্সৰ আকাৰত গঢ়ি তোলা হৈছে। সামাজিক মাধ্যমত এই নতুন গৃহটিৰ ছবি ভাইৰেল হৈ পৰাৰ পিছত স্বাভাৱিকতেই ই এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে।

বিশ্বৰ সৰ্বোচ্চ এই ডাকঘৰটো ১৯৮৩ চনৰ পৰা হিকিম গাঁৱত এটা পুৰণি ভৱনত চলি আছিল। যিহেতু ভৱনটো জৰাজীৰ্ণ অৱস্থাত আছে, বিভাগটোৱে নতুনকৈ এই কাৰ্যালয়টো নিৰ্মাণ কৰিছে।

লেটাৰবক্স আকৃতিৰ এই ডাকঘৰটো ভাৰতীয় ডাক বিভাগৰ হিমাচল চক্ৰৰ মুখ্য পোষ্ট মাষ্টাৰ জেনেৰেল বন্দিতা কৌলে উদ্বোধন কৰে। আনহাতে সহকাৰী উপায়ুক্ত অভিষেক বাৰ্মা সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।

ডাকঘৰটো উদ্বোধন কৰি কৌলে কয় “দেশত এই ডাকঘৰটোৰ দৰে কোনো ডাকঘৰ নাই। ই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। পৃথিৱীৰ পৰা অহা পৰ্যটকসকলে হিকিমি ডাকঘৰৰ পৰা তেওঁলোকৰ নিকট তম প্ৰিয়জনক পত্ৰ প্ৰেৰণ কৰে। পৰ্যটনৰ দিশৰ পৰাও ই অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব।”

আনহাতে, লাহৌল স্পিতিৰ সহকাৰী উপায়ুক্ত অভিষেক বাৰ্মাই কয় যে হিকিমৰ ডাকঘৰ স্পিতলৈ অহা পৰ্যটকৰ প্ৰিয় স্থানবোৰৰ ভিতৰত অন্যতম।

“এতিয়া পৰ্যটকসকলেও এই লেটাৰ বক্সৰ আকৃতিত চলি থকা ডাকঘৰটো ভাল পাব। এই নতুন কাৰ্যালয় গৃহটো লাংচা পঞ্চায়তত স্থাপন কৰা হৈছে।” বাৰ্মাই কয়।

বন্দিতা কৌলৰ মতে, হিকিম গাওঁলৈ অহা পৰ্যটকসকলে সমগ্ৰ দেশ আৰু বিদেশত থকা তেওঁলোকৰ নিকটতম আৰু প্ৰিয়জনক পত্ৰ প্ৰেৰণ কৰে। তেওঁ কয়, "ডাক বিভাগ এতিয়া ডিজিটেল হৈ পৰিছে। ক’ভিদৰ সময়ত, ডাক বিভাগে জনসাধাৰণৰ ঘৰলৈ তেওঁলোকৰ প্ৰাপ্য পেঞ্চন কঢ়িয়াই লৈ গৈছিল। বিভাগটোৱে অনলাইনত অৰ্ডাৰ কৰা সামগ্ৰীও বিতৰণ কৰি আছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু