--°C
Loading...
Listen to Article
2 min read
80%

ইছলামাবাদ : আফগান ভূমিত পুনৰ তালিবানৰ উত্থানে সমগ্ৰ বিশ্বতে উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই মৌলবাদী সন্ত্ৰাসবাদী সংগঠনটোৰ ক্ষমতা দখলে বিশ্বত সন্ত্ৰাসবাদৰ আন এটা ৰক্তাক্ত অধ্যায়ৰ সূত্ৰপাত ঘটাব বুলি আশংকা কৰিছে আন্তঃৰাষ্ট্ৰীয় মহলে। চীন আৰু পাকিস্তানৰ মদদপুষ্ট তালিবান আটাইতকৈ শংকাৰ কাৰণ হৈ পৰিব পাৰে ভাৰতৰ বাবে। এই আশংকাক এইবাৰ অধিক গাঢ় কৰি তুলিছে এগৰাকী প্ৰাক্তন আফগান কূটনীবিদৰ মন্তব্যই। ভাৰতৰ ওচৰত প্ৰত্যাহ্বান সৃষ্টিৰ বাবেই পাকিস্তানে তালিবানৰ জন্ম দিছিল বুলি দাবী কৰিছে আফগান কূচনীতিক মহম্মদ ছাইকালে।

ইয়াৰ বাবে তেওঁ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেনেৰেল পাৰভেজ মুছাৰফৰ মন্তব্যৰ প্ৰসংগ উত্থাপন কৰে। আফগানিস্তানৰ প্ৰাক্তন উপ বৈদেশিক মন্ত্ৰী তথা ৰাষ্ট্ৰসংঘ আৰু অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰদূত ছাইকালে শনিবাৰে টুইটযোগে এই বিস্ফোৰক তথ্য সদৰি কৰে। তেওঁ টুইটযোগে সদৰি কৰে যে, ‘পাৰভেজ মুছাৰফৰ মতে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে প্ৰত্যাহ্বান সৃষ্টি কৰাৰ বাবে তালিবানৰ জন্ম দিছিল।’

তেওঁ ‘দ্য ছান ইন দি স্কাই’ নামৰ এখন গৱেষণাপত্ৰৰ প্ৰসংগও উল্লেখ কৰে। য’ত পাকিস্তানৰ আইএছআই আৰু আফগান সন্ত্ৰাসবাদী দলৰ সম্পৰ্কৰ বিষয়ে উল্লেখ আছে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত এই গৱেষণা পত্ৰ প্ৰস্তুত কৰিছিল বিশ্ববিদ্যালয়খনৰ মাট ৱাল্ডমেন কাৰ চেণ্টাৰ ফৰ হিউমেন ৰাইটছ পলিচী কেনেডী স্কুল অব গৱৰ্নমেণ্টে। এই তথ্যই তালিবানৰ শেহতীয়া উত্থানৰ পাছত ভাৰতৰ শংকা বৃদ্ধি কৰাটো অস্বাভাৱিক নহয়। কিয়নো তালিবান সন্ত্ৰাসবাদীক ব্যৱহাৰ কৰি চীন আৰু পাকিস্তান উভয়েই ভাৰতৰ বিৰুদ্ধে কূটকৌশল ৰচনা কৰাৰ আশংকা আছে। এতিয়াও তালিবানে পাকিস্তানৰ পৰা প্ৰত্যক্ষভাৱে সহযোগ লাভ কৰি থকাটো স্পষ্ট হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত ভাৰত অধিক সতৰ্ক হৈ থকাটো জৰুৰী বিবেচিত হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক