--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবাহিৰলৈ ফুৰিবলৈ যোৱাটো বহুতৰে চখ। ফুৰিলে নানা কথা জানিব পাৰি, নানা মানুহৰ সৈতে পৰিচয় হ’ব পাৰি। শিশুসকলেও ফুৰি বৰ ভালপায়। কিন্তু পৰিবেশৰ সলনিৰ বাবে ফুৰিবলৈ যোৱাৰ সময়ত বহু শিশু অসুস্থ হৈ পৰা অথবা নানান অসুবিধাৰ সন্মুখীন হোৱাও দেখা যায়। তেনে অসুবিধাৰ পৰা শিশুক মুক্ত ৰাখি শিশুক ভ্ৰমণৰ সম্পূৰ্ণ আনন্দ দিবলৈ কেইটামান বিশেষ কথালৈ সদায় মন কৰা ভাল।

শিশু এটিৰ  সৈতে ভ্ৰমণ কৰোঁতে কি কি কথা মনত ৰাখিব লাগে জানো আহক
১) শিশুটোৰ সৈতে ভ্ৰমণ কৰোঁতে মাজনিশা যাত্ৰা আৰম্ভ কৰা  বিমান বা ৰে’লৰ টিকট ক্ৰয় নকৰাই ভাল। এনে কৰিলে  গোটেই ৰাতি শিশুটিৰ টোপনি নাহিব পাৰে, ফলত শিশুটোৱে পিছদিনা অস্বস্তি বোধ কতৰিব পাৰে।  শিশুক  ভ্ৰমণ কৰোঁতে আৰামদায়ক অনুভৱ কৰিব পৰা কাপোৰ পিন্ধাব লাগে।

২)  ভ্ৰমণ কৰোঁতে শিশুটিৰ   বাবে  অতিৰিক্ত খাদ্য ৰাখিব। কিবা কাৰণত  .দি  ৰেল বা বিমানখন পলমকৈ গন্তব্যস্থানত উপস্থিত হয়,  তেন্তে শিশুটোৰ খাদ্যৰ ক্ষেত্ৰত  কোনো সমস্যা নহ’ব।  

৩) ভ্ৰমণলৈ যাওঁতে শিশুটোৰ বাবে অধিক কাপোৰ নিব। শিশুটিয়ে আৰামেৰে শুব পৰাকৈ এটা সৰু গাৰুও ৰাখিব পাৰে।

৪) যদি শিশুটোৰ হাপানি বা আন কোনো ৰোগ আছে, তেন্তে আপুনি ভ্ৰমণৰ পূৰ্বে  শিশু চিকিৎসকৰ পৰামৰ্শ ল'ব। শিশুটিৰ ঔষধবোৰ প্ৰথমে পেক কৰক আৰু সেইবোৰ মোনাত ভৰাই দিয়ক।

৫) বিমানত যাত্ৰা কৰিলে বিমানৰ উৰণৰ সময়ত  আৰু 'অৱতৰণ'ৰ সময়ত বহু শিশুৰ  কাণ বন্ধ হয়। শিশুটোক  এই সমস্যাৰ পৰা দূৰত ৰাখিবলৈ লগত  ললিপপ ৰাখিব পাৰে। ললিপপ খাই থাকিলে বিমানৰ উৰণ অথবা অৱতৰণৰ সময়ত শিশুৰ কাণ বন্ধ নহয়।

৬) শিশুটিকলৈ প্ৰথমবাৰৰ বাবে  বেছি দূৰলৈ ভ্ৰমণ নকৰাই ভাল। প্ৰথমে পৰীক্ষামূলক ভাবে কাষৰীয়া কোনো ঠাইলৈ ভ্ৰমণ কৰিব পাৰে। শিশুটিয়ে ভ্ৰমণৰ সৈতে অভ্যস্ত হৈ পৰা বুলি অনুভৱ কৰিলে দূৰ ভ্ৰমণৰ পৰিকল্পনা কৰকিব পাৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ