--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবাহিৰলৈ ফুৰিবলৈ যোৱাটো বহুতৰে চখ। ফুৰিলে নানা কথা জানিব পাৰি, নানা মানুহৰ সৈতে পৰিচয় হ’ব পাৰি। শিশুসকলেও ফুৰি বৰ ভালপায়। কিন্তু পৰিবেশৰ সলনিৰ বাবে ফুৰিবলৈ যোৱাৰ সময়ত বহু শিশু অসুস্থ হৈ পৰা অথবা নানান অসুবিধাৰ সন্মুখীন হোৱাও দেখা যায়। তেনে অসুবিধাৰ পৰা শিশুক মুক্ত ৰাখি শিশুক ভ্ৰমণৰ সম্পূৰ্ণ আনন্দ দিবলৈ কেইটামান বিশেষ কথালৈ সদায় মন কৰা ভাল।

শিশু এটিৰ  সৈতে ভ্ৰমণ কৰোঁতে কি কি কথা মনত ৰাখিব লাগে জানো আহক
১) শিশুটোৰ সৈতে ভ্ৰমণ কৰোঁতে মাজনিশা যাত্ৰা আৰম্ভ কৰা  বিমান বা ৰে’লৰ টিকট ক্ৰয় নকৰাই ভাল। এনে কৰিলে  গোটেই ৰাতি শিশুটিৰ টোপনি নাহিব পাৰে, ফলত শিশুটোৱে পিছদিনা অস্বস্তি বোধ কতৰিব পাৰে।  শিশুক  ভ্ৰমণ কৰোঁতে আৰামদায়ক অনুভৱ কৰিব পৰা কাপোৰ পিন্ধাব লাগে।

২)  ভ্ৰমণ কৰোঁতে শিশুটিৰ   বাবে  অতিৰিক্ত খাদ্য ৰাখিব। কিবা কাৰণত  .দি  ৰেল বা বিমানখন পলমকৈ গন্তব্যস্থানত উপস্থিত হয়,  তেন্তে শিশুটোৰ খাদ্যৰ ক্ষেত্ৰত  কোনো সমস্যা নহ’ব।  

৩) ভ্ৰমণলৈ যাওঁতে শিশুটোৰ বাবে অধিক কাপোৰ নিব। শিশুটিয়ে আৰামেৰে শুব পৰাকৈ এটা সৰু গাৰুও ৰাখিব পাৰে।

৪) যদি শিশুটোৰ হাপানি বা আন কোনো ৰোগ আছে, তেন্তে আপুনি ভ্ৰমণৰ পূৰ্বে  শিশু চিকিৎসকৰ পৰামৰ্শ ল'ব। শিশুটিৰ ঔষধবোৰ প্ৰথমে পেক কৰক আৰু সেইবোৰ মোনাত ভৰাই দিয়ক।

৫) বিমানত যাত্ৰা কৰিলে বিমানৰ উৰণৰ সময়ত  আৰু 'অৱতৰণ'ৰ সময়ত বহু শিশুৰ  কাণ বন্ধ হয়। শিশুটোক  এই সমস্যাৰ পৰা দূৰত ৰাখিবলৈ লগত  ললিপপ ৰাখিব পাৰে। ললিপপ খাই থাকিলে বিমানৰ উৰণ অথবা অৱতৰণৰ সময়ত শিশুৰ কাণ বন্ধ নহয়।

৬) শিশুটিকলৈ প্ৰথমবাৰৰ বাবে  বেছি দূৰলৈ ভ্ৰমণ নকৰাই ভাল। প্ৰথমে পৰীক্ষামূলক ভাবে কাষৰীয়া কোনো ঠাইলৈ ভ্ৰমণ কৰিব পাৰে। শিশুটিয়ে ভ্ৰমণৰ সৈতে অভ্যস্ত হৈ পৰা বুলি অনুভৱ কৰিলে দূৰ ভ্ৰমণৰ পৰিকল্পনা কৰকিব পাৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু