--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শিৱসাগৰ জিলাৰ নামতি দৌলৰ ৰাজকুমাৰ দুৱৰাই পূৰ্বৰ আমগুৰি বিধানসভা সমষ্টিৰ পৰা চাৰিবাৰ আৰু যোৰহাট লোকসভা সমষ্টিৰ পৰা পাঁচবাৰকৈ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে।

ডিজিটেল ডেস্ক: শিৱসাগৰত এজন নিৰ্বাচনৰ প্ৰাৰ্থীক লৈ সৰ্বত্ৰে চৰ্চা। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰাৰ্থীজনৰ একপ্ৰকাৰ নিচা। লোকসভা আৰু বিধানসভা নিৰ্বাচনত মুঠ দহবাৰকৈ প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰাৰ্থীজনে।


চাইকেলখনেই প্ৰাৰ্থীজনৰ পৰিচয়। চাইকেল লৈ প্ৰচাৰ চলাই প্ৰাৰ্থীজনে।


প্ৰাৰ্থীজনৰ নাম ৰাজকুমাৰ দুৱৰা। শিৱসাগৰ জিলাৰ নামতি দৌলৰ ৰাজকুমাৰ দুৱৰাই পূৰ্বৰ আমগুৰি বিধানসভা সমষ্টিৰ পৰা চাৰিবাৰ আৰু যোৰহাট লোকসভা সমষ্টিৰ পৰা পাঁচবাৰকৈ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে।


পূৰ্বতে আৰ চি পি আই আৰু অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৰাজকুমাৰ দুৱৰাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে।


২০২৬ ৰ বিধানসভা নিৰ্বাচনতো পিছ পৰি থকা নাই ৰাজকুমাৰ দুৱৰা। শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা পুনৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।


বাৰে বাৰে পৰাজিত হৈও ভাগৰি পৰা নাই ৰাজকুমাৰ দুৱৰা।


২০০৪ চনৰ পৰা ২০২৪ চনলৈ ১০ বাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীজনে সমাগত নিৰ্বাচনত ৫০ হাজাৰ ভোট পাব বুলি আশাবাদী।


২০০৬ চনৰ ২০২১ চনলৈকে বিধানসভা নিৰ্বাচনত পূৰ্বৰ আমগুৰি সমষ্টিৰ পৰা ৰাজকুমাৰ দুৱৰাই ক্ৰমে ৮৫৩,১৪০৫,৬৯৯,৯৫৯ ভোট লাভ কৰিছিল।


২০০৪ চনৰ পৰা ২০২৪ চনলৈকে যোৰহাট লোকসভা সমষ্টিৰ পৰা ৰাজকুমাৰ দুৱৰাই প্ৰতিদ্বন্দিতা কৰি ক্ৰমে ১৬৬৯১,৫৭৬৬,৪৭৩৭,৩৪৩৮,৮৩৭০ টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল।


বিধানসভাত চাৰিবাৰ প্ৰতিদ্বন্দিতা কৰি ৩৯১৬ আৰু লোকসভাত নিৰ্বাচনত মুঠ পাঁচবাৰকৈ প্ৰতিদ্বন্দিতা কৰি ৩৯০০২ টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু