--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শিৱসাগৰ জিলাৰ নামতি দৌলৰ ৰাজকুমাৰ দুৱৰাই পূৰ্বৰ আমগুৰি বিধানসভা সমষ্টিৰ পৰা চাৰিবাৰ আৰু যোৰহাট লোকসভা সমষ্টিৰ পৰা পাঁচবাৰকৈ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে।

ডিজিটেল ডেস্ক: শিৱসাগৰত এজন নিৰ্বাচনৰ প্ৰাৰ্থীক লৈ সৰ্বত্ৰে চৰ্চা। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰাৰ্থীজনৰ একপ্ৰকাৰ নিচা। লোকসভা আৰু বিধানসভা নিৰ্বাচনত মুঠ দহবাৰকৈ প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰাৰ্থীজনে।


চাইকেলখনেই প্ৰাৰ্থীজনৰ পৰিচয়। চাইকেল লৈ প্ৰচাৰ চলাই প্ৰাৰ্থীজনে।


প্ৰাৰ্থীজনৰ নাম ৰাজকুমাৰ দুৱৰা। শিৱসাগৰ জিলাৰ নামতি দৌলৰ ৰাজকুমাৰ দুৱৰাই পূৰ্বৰ আমগুৰি বিধানসভা সমষ্টিৰ পৰা চাৰিবাৰ আৰু যোৰহাট লোকসভা সমষ্টিৰ পৰা পাঁচবাৰকৈ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে।


পূৰ্বতে আৰ চি পি আই আৰু অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৰাজকুমাৰ দুৱৰাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে।


২০২৬ ৰ বিধানসভা নিৰ্বাচনতো পিছ পৰি থকা নাই ৰাজকুমাৰ দুৱৰা। শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা পুনৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।


বাৰে বাৰে পৰাজিত হৈও ভাগৰি পৰা নাই ৰাজকুমাৰ দুৱৰা।


২০০৪ চনৰ পৰা ২০২৪ চনলৈ ১০ বাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীজনে সমাগত নিৰ্বাচনত ৫০ হাজাৰ ভোট পাব বুলি আশাবাদী।


২০০৬ চনৰ ২০২১ চনলৈকে বিধানসভা নিৰ্বাচনত পূৰ্বৰ আমগুৰি সমষ্টিৰ পৰা ৰাজকুমাৰ দুৱৰাই ক্ৰমে ৮৫৩,১৪০৫,৬৯৯,৯৫৯ ভোট লাভ কৰিছিল।


২০০৪ চনৰ পৰা ২০২৪ চনলৈকে যোৰহাট লোকসভা সমষ্টিৰ পৰা ৰাজকুমাৰ দুৱৰাই প্ৰতিদ্বন্দিতা কৰি ক্ৰমে ১৬৬৯১,৫৭৬৬,৪৭৩৭,৩৪৩৮,৮৩৭০ টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল।


বিধানসভাত চাৰিবাৰ প্ৰতিদ্বন্দিতা কৰি ৩৯১৬ আৰু লোকসভাত নিৰ্বাচনত মুঠ পাঁচবাৰকৈ প্ৰতিদ্বন্দিতা কৰি ৩৯০০২ টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ