--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰদূষণৰ কৱলৰ পৰা মুক্ত হোৱা নাই দিল্লী৷ ৰাজধানী চহৰ খনৰ  বায়ু পুনৰ অতি বিষাক্ত হৈ পৰাৰ আঁৰত অবাধ জাবৰ জ্বলোৱা বুলি মত প্ৰকাশ কৰে ৩৬% নাগৰিকে আনহাতে ২১% নাগৰিকে ঔদ্যোগিক আৰু বিদ্যুৎ কেন্দ্ৰৰ নিৰ্গমনৰ বাবে বায়ু প্ৰদূষন হোৱা বুলি সত প্ৰকাশ কৰিছে৷ লোকেলচাৰ্কলছৰ এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য।

এই সমীক্ষাত দিল্লী, গুৰুগ্ৰাম, নয়ডা, ফৰিদাবাদ আৰু গাজিয়াবাদৰ বাসিন্দাসকলৰ পৰা ২০ হাজাৰৰো অধিক সঁহাৰি লাভ কৰা হৈছিল। সমীক্ষাটোত ৬৩% পুৰুষ, ৩৭% মহিলাই আংশগ্ৰহণ কৰিছিল৷

সমীক্ষাটোত অংশগ্ৰহণ কৰা দিল্লী এনচিআৰৰ ১০,২৪৬ গৰাকী বাসিন্দাসকলৰ ৩৬% লোকে কয় যে "অবাধ জাবৰ জ্বলোৱা" বাবে বায়ু প্ৰদূষণৰ মূল কাৰণ বুলি অভিহিত কৰে; ২১% লোকে “ঔদ্যোগিক আৰু শক্তি কেন্দ্ৰৰ নিৰ্গমন” বুলি কয়; আৰু ৮% লোকে “ৰাস্তাৰ ধূলি আৰু হাতেৰে ঝাড়ু দিয়া” বুলি কয় আৰু ১৪% লোকৰ পৰা স্পষ্ট উত্তৰ লাভ কৰা নাছিল।

সমীক্ষাটোত দিল্লী এনচিআৰৰ বাসিন্দাসকলে তেওঁলোকৰ এলেকাত প্ৰদূষণৰ ৰোধৰ বাবে জিআৰএপি আৰু আনুষংগিক নিয়ম বলবৎ কৰাৰ ক্ষেত্ৰত প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ আৰু নাগৰিক সংস্থাসমূহৰ সফলাতা সন্দৰ্ভত দিল্লী-এনচিআৰৰ বাসিন্দাৰ  ১০,১০০ লোকৰ ভিতৰত ২৯% লোকে জিআৰএপি আৰু আনুষংগিক নিয়ম কাৰ্যকৰী হোৱা নাই বুলি কয় আৰু ২১% লোকে স্পষ্ট উত্তৰ প্ৰদান নকৰিলে।

সমীক্ষা অনুসৰি অংশগ্ৰহণ কৰা দিল্লী-এনচিআৰৰ এজনো বাসিন্দাই যে তেওঁলোকৰ অঞ্চলৰ প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ আৰু নাগৰিক সংস্থাসমূহে প্ৰদূষণৰ মূল কাৰণৰ হিচাপে জিআৰএপি আৰু আনুষংগিক নিয়ম বলবৎ কৰাত ফলপ্ৰসূ হোৱা নাই বুলি  মত প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ