--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা প্ৰেমৰ সম্পৰ্কত থকাৰ পাছতো কিছুমান মানুহে নিজকে নিসংগ আৰু আশাহীনৰ দৰে অনুভৱ কৰে। এনে অনুভৱ দীঘলীয়া হৈ গৈ থাকিলে ক্ৰমান্বয়ে সম্পৰ্কটোত ফাঁট মেলিবলৈ আৰম্ভ কৰে। ভিতৰি ভিতৰি সুখী নোহোৱা বাবেই সম্পৰ্কটো ভাঙোনমুখী হবলৈ ধৰে। আপুনি তেতিয়া  নিজকে প্ৰশ্ন কৰে কি ভুল হ’ল। কেতিয়াবা এই নিসংগতা ইমানেই আধিপত্যশীল হৈ পৰে যে আপুনিও হতাশাৰ বলি হৈ পৰে। এনে অৱস্থা কিয় হয় জানো আহক।

১)অত্যধিক আশা কৰা- এজন ব্যক্তিৰ স্বভাৱ যে যেতিয়া তেওঁ অলপ কিবা এটা পায়, তেতিয়া তেওঁ আৰু বেছি বিচাৰে। আপোনাৰ সংগীৰ পৰা আপুনিও কিবা আশা কৰাটো স্বাভাৱিক। কিন্তু অধিক আশা কৰাটো ভুল। সংগীৰ পৰা অধিক আশা কৰি, সেইমতে নাপালে মানুহ অসুখী হয়। আপুনি নিজে চিন্তা কৰক অধিক আশা কৰাটো সঠিক হয় নে নহয়। যদি আপোনাৰ সংগী আৰু আপোনাৰ কৰ্মৰ সময় বেলেগ বেলেগ, তেন্তে তেওঁৰ পৰা অধিক কিবাকিবি আশা কৰাটো ভুল। ইয়াত আপুনি নিজকে বুজাব পাৰিব লাগিব।

২)দুৰ্বল আৱেগিক বন্ধন- আৱেগিক বন্ধন হৈছে এটা সম্পৰ্কৰ এটা গুৰুত্বপূৰ্ণ সংযোগ যিয়ে আপোনাক কঠিন পৰিস্থিতিতো সংগীৰ সৈতে সংযোগ কৰি ৰাখে। ইজনে সিজনক বুজিবলৈ আৰু চিনি পোৱাত সহায় কৰে। কিন্তু যদি আপোনাৰ আৱেগিক বন্ধন ভাল নহয় তেন্তে ইজনে সিজনক বুজিব নোৱাৰে। এই সকলোবোৰ কথাই মানুহক সম্পৰ্কত অকলশৰীয়া অনুভৱ কৰায়।

৩)সংগীক সময় নিদিয়া- আজিৰ ব্যস্ত জীৱনত মানুহে নিজৰ সংগীক বহু সময় দিব নোৱাৰে। কিন্তু অলপ সময় দিব পাৰে। যদি সেইকণ সময়ো নাপায় তেন্তে সম্পৰ্কত ফাঁট মেলে। যদি আপুনি এজন ব্যক্তিৰ বাবে প্ৰয়োজনীয়, তেন্তে তেওঁ আপোনাৰ বাবে যেনেকৈ নহওক অলপ সময় আপোনাৰ বাবে উলিয়াবয়। বহুতে এই কথা গুৰুত্বপূৰ্ণ বা প্ৰয়োজনীয় বুলি নাভাবে বাবে সংগীক অকলশৰীয়া অনুভৱ কৰোৱায়।

৪)মোবাইলত ব্যস্ত হৈ থকা- এটা সম্পৰ্ক বেয়া কৰাৰ ক্ষেত্ৰত ছ’চিয়েল মিডিয়াইয়েও ভূমিকা পালন কৰে। আজিকালি মানুহ ফোনত ইমানেই ব্যস্ত থাকে যে তেওঁলোকৰ সংগী আৰু পিতৃ-মাতৃৰ লগত কথা পাতিবলৈ সময় নাথাকে। আপোনাৰ নিসংগতাৰ কাৰণো হ’ব পাৰে আপোনাৰ সংগী ফোনত অত্যধিক ব্যস্ত হৈ থকা।

নিসংগতা দূৰ কৰাৰ উপায়

এজন ব্যক্তি হিচাপে আপোনাৰ সুখী হোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে, যদি আপুনি অকলশৰীয়া অনুভৱ কৰি আছে তেন্তে আপুনি আপোনাৰ সংগীৰ সৈতে খুলাখুলিকৈ কথা পাতক আৰু এই সমস্যাটো দূৰ কৰিবলৈ চেষ্টা কৰক। তেতিয়াহে সম্পৰ্কবোৰ জীপাল হৈ উঠিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু