--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা প্ৰেমৰ সম্পৰ্কত থকাৰ পাছতো কিছুমান মানুহে নিজকে নিসংগ আৰু আশাহীনৰ দৰে অনুভৱ কৰে। এনে অনুভৱ দীঘলীয়া হৈ গৈ থাকিলে ক্ৰমান্বয়ে সম্পৰ্কটোত ফাঁট মেলিবলৈ আৰম্ভ কৰে। ভিতৰি ভিতৰি সুখী নোহোৱা বাবেই সম্পৰ্কটো ভাঙোনমুখী হবলৈ ধৰে। আপুনি তেতিয়া  নিজকে প্ৰশ্ন কৰে কি ভুল হ’ল। কেতিয়াবা এই নিসংগতা ইমানেই আধিপত্যশীল হৈ পৰে যে আপুনিও হতাশাৰ বলি হৈ পৰে। এনে অৱস্থা কিয় হয় জানো আহক।

১)অত্যধিক আশা কৰা- এজন ব্যক্তিৰ স্বভাৱ যে যেতিয়া তেওঁ অলপ কিবা এটা পায়, তেতিয়া তেওঁ আৰু বেছি বিচাৰে। আপোনাৰ সংগীৰ পৰা আপুনিও কিবা আশা কৰাটো স্বাভাৱিক। কিন্তু অধিক আশা কৰাটো ভুল। সংগীৰ পৰা অধিক আশা কৰি, সেইমতে নাপালে মানুহ অসুখী হয়। আপুনি নিজে চিন্তা কৰক অধিক আশা কৰাটো সঠিক হয় নে নহয়। যদি আপোনাৰ সংগী আৰু আপোনাৰ কৰ্মৰ সময় বেলেগ বেলেগ, তেন্তে তেওঁৰ পৰা অধিক কিবাকিবি আশা কৰাটো ভুল। ইয়াত আপুনি নিজকে বুজাব পাৰিব লাগিব।

২)দুৰ্বল আৱেগিক বন্ধন- আৱেগিক বন্ধন হৈছে এটা সম্পৰ্কৰ এটা গুৰুত্বপূৰ্ণ সংযোগ যিয়ে আপোনাক কঠিন পৰিস্থিতিতো সংগীৰ সৈতে সংযোগ কৰি ৰাখে। ইজনে সিজনক বুজিবলৈ আৰু চিনি পোৱাত সহায় কৰে। কিন্তু যদি আপোনাৰ আৱেগিক বন্ধন ভাল নহয় তেন্তে ইজনে সিজনক বুজিব নোৱাৰে। এই সকলোবোৰ কথাই মানুহক সম্পৰ্কত অকলশৰীয়া অনুভৱ কৰায়।

৩)সংগীক সময় নিদিয়া- আজিৰ ব্যস্ত জীৱনত মানুহে নিজৰ সংগীক বহু সময় দিব নোৱাৰে। কিন্তু অলপ সময় দিব পাৰে। যদি সেইকণ সময়ো নাপায় তেন্তে সম্পৰ্কত ফাঁট মেলে। যদি আপুনি এজন ব্যক্তিৰ বাবে প্ৰয়োজনীয়, তেন্তে তেওঁ আপোনাৰ বাবে যেনেকৈ নহওক অলপ সময় আপোনাৰ বাবে উলিয়াবয়। বহুতে এই কথা গুৰুত্বপূৰ্ণ বা প্ৰয়োজনীয় বুলি নাভাবে বাবে সংগীক অকলশৰীয়া অনুভৱ কৰোৱায়।

৪)মোবাইলত ব্যস্ত হৈ থকা- এটা সম্পৰ্ক বেয়া কৰাৰ ক্ষেত্ৰত ছ’চিয়েল মিডিয়াইয়েও ভূমিকা পালন কৰে। আজিকালি মানুহ ফোনত ইমানেই ব্যস্ত থাকে যে তেওঁলোকৰ সংগী আৰু পিতৃ-মাতৃৰ লগত কথা পাতিবলৈ সময় নাথাকে। আপোনাৰ নিসংগতাৰ কাৰণো হ’ব পাৰে আপোনাৰ সংগী ফোনত অত্যধিক ব্যস্ত হৈ থকা।

নিসংগতা দূৰ কৰাৰ উপায়

এজন ব্যক্তি হিচাপে আপোনাৰ সুখী হোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে, যদি আপুনি অকলশৰীয়া অনুভৱ কৰি আছে তেন্তে আপুনি আপোনাৰ সংগীৰ সৈতে খুলাখুলিকৈ কথা পাতক আৰু এই সমস্যাটো দূৰ কৰিবলৈ চেষ্টা কৰক। তেতিয়াহে সম্পৰ্কবোৰ জীপাল হৈ উঠিব।





FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ