--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ব্যক্তিয়ে কৰা কামে জীৱনত শুভ আৰু অশুভ প্ৰভাৱ পেলায়। সেয়েহে প্ৰতিটো কাম নিৰ্দিষ্ট সময়ত কৰাটো শুভ। কিছুমান কাম নিৰ্দিষ্ট সময় অনুসৰি কৰিবলৈ কোৱা হৈছে যাতে গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ অশুভ প্ৰভাৱৰ পৰা হাত সাৰিব পৰা যায়। কিন্তু কেতিয়াবা মানুহে এইবোৰ কথা আওকাণ কৰে। ইয়াৰে এটা হ’ল অসময়ত টোপনি যোৱা বা বিচনাত পৰি থকা।

কোৱা হয় যে এজন ব্যক্তিৰ স্বাস্থ্য বজাই ৰাখিবলৈ আৰু ভাগৰ আদি দূৰ কৰিবলৈ পৰ্যাপ্ত পৰিমাণে টোপনিৰ প্ৰয়োজন হয়। কিন্তু এই কাম যদি ভুল সময়ত কৰা হয়, তেন্তে তাৰ প্ৰভাৱ মানুহজনৰ ওপৰত পৰা দেখা যায়। জ্যোতিষৰ মতে জানো আহক কি সময়ত শুলে মানুহৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰে।

ধৰ্মীয় বিশ্বাস অনুসৰি কোনো ব্যক্তিয়ে সূৰ্যাস্তৰ সময়ত বা সন্ধিয়া সময়ত শুব নালাগে। এই সময়ত যদি কোনো ব্যক্তি শুই থাকে, তেতিয়া দেৱতাসকল ক্ৰোধিত হয় বুলি বিশ্বাস কৰা হয়। আৰু ইয়াৰ ফলত তেওঁলোকৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহে। জ্যোতিষীসকলৰ মতে, সূৰ্যাস্তৰ সময়ত দেৱ-দেৱীয়ে পৃথিৱীত ভ্ৰমণ কৰে। সূৰ্যাস্তৰ সময়ত বা সন্ধিয়া সময়ত মানুহ শুই থাকিলে দেৱ-দেৱী ৰুষ্ট হয়, ফলত টোপনিয়ে সেই সময়ত নেতিবাচকতাৰ সৃষ্টি কৰে আৰু তেওঁৰ জীৱনৰ অগ্ৰগতিত বাধা আহিবলৈ ধৰে।

শাস্ত্ৰ অনুসৰি এজন ব্যক্তিয়ে ব্ৰহ্মমুহূৰ্তত উঠিলে ভাল বুলি গণ্য কৰা হৈছে। একে সময়তে যিসকলে সূৰ্য্য উদয়ৰ পিছত বহু সময় শুই থাকে, সেইসকল লোকৰ ওপৰত মা লক্ষ্মীৰ খং উঠে। এনে অৱস্থাত ঘৰৰ সুখ-সমৃদ্ধি কমি আহে।

ব্ৰহ্মমুহূৰ্ত মানে সূৰ্য্য উদয়ৰ পূৰ্বে দেৱ-দেৱীৰ মিলন হয় বুলি বিশ্বাস কৰা হয়। টোপনিৰ পৰা সাৰ পোৱাৰ সময় উত্তম বুলি গণ্য কৰা হয়। এনে অৱস্থাত সূৰ্য্য উদয়ৰ সময়ত যি সকল নুঠে, দেৱতাসকলৰ তেওঁলোকৰ ওপৰত খং উঠে। এজন ব্যক্তিৰ এই অভ্যাসে তেওঁৰ জীৱনৰ বহু ক্ষতি কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ