--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ব্যক্তিয়ে কৰা কামে জীৱনত শুভ আৰু অশুভ প্ৰভাৱ পেলায়। সেয়েহে প্ৰতিটো কাম নিৰ্দিষ্ট সময়ত কৰাটো শুভ। কিছুমান কাম নিৰ্দিষ্ট সময় অনুসৰি কৰিবলৈ কোৱা হৈছে যাতে গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ অশুভ প্ৰভাৱৰ পৰা হাত সাৰিব পৰা যায়। কিন্তু কেতিয়াবা মানুহে এইবোৰ কথা আওকাণ কৰে। ইয়াৰে এটা হ’ল অসময়ত টোপনি যোৱা বা বিচনাত পৰি থকা।

কোৱা হয় যে এজন ব্যক্তিৰ স্বাস্থ্য বজাই ৰাখিবলৈ আৰু ভাগৰ আদি দূৰ কৰিবলৈ পৰ্যাপ্ত পৰিমাণে টোপনিৰ প্ৰয়োজন হয়। কিন্তু এই কাম যদি ভুল সময়ত কৰা হয়, তেন্তে তাৰ প্ৰভাৱ মানুহজনৰ ওপৰত পৰা দেখা যায়। জ্যোতিষৰ মতে জানো আহক কি সময়ত শুলে মানুহৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰে।

ধৰ্মীয় বিশ্বাস অনুসৰি কোনো ব্যক্তিয়ে সূৰ্যাস্তৰ সময়ত বা সন্ধিয়া সময়ত শুব নালাগে। এই সময়ত যদি কোনো ব্যক্তি শুই থাকে, তেতিয়া দেৱতাসকল ক্ৰোধিত হয় বুলি বিশ্বাস কৰা হয়। আৰু ইয়াৰ ফলত তেওঁলোকৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহে। জ্যোতিষীসকলৰ মতে, সূৰ্যাস্তৰ সময়ত দেৱ-দেৱীয়ে পৃথিৱীত ভ্ৰমণ কৰে। সূৰ্যাস্তৰ সময়ত বা সন্ধিয়া সময়ত মানুহ শুই থাকিলে দেৱ-দেৱী ৰুষ্ট হয়, ফলত টোপনিয়ে সেই সময়ত নেতিবাচকতাৰ সৃষ্টি কৰে আৰু তেওঁৰ জীৱনৰ অগ্ৰগতিত বাধা আহিবলৈ ধৰে।

শাস্ত্ৰ অনুসৰি এজন ব্যক্তিয়ে ব্ৰহ্মমুহূৰ্তত উঠিলে ভাল বুলি গণ্য কৰা হৈছে। একে সময়তে যিসকলে সূৰ্য্য উদয়ৰ পিছত বহু সময় শুই থাকে, সেইসকল লোকৰ ওপৰত মা লক্ষ্মীৰ খং উঠে। এনে অৱস্থাত ঘৰৰ সুখ-সমৃদ্ধি কমি আহে।

ব্ৰহ্মমুহূৰ্ত মানে সূৰ্য্য উদয়ৰ পূৰ্বে দেৱ-দেৱীৰ মিলন হয় বুলি বিশ্বাস কৰা হয়। টোপনিৰ পৰা সাৰ পোৱাৰ সময় উত্তম বুলি গণ্য কৰা হয়। এনে অৱস্থাত সূৰ্য্য উদয়ৰ সময়ত যি সকল নুঠে, দেৱতাসকলৰ তেওঁলোকৰ ওপৰত খং উঠে। এজন ব্যক্তিৰ এই অভ্যাসে তেওঁৰ জীৱনৰ বহু ক্ষতি কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু