--°C
Loading...
Listen to Article
2 min read
80%

লাডাখঃ পৃথিৱীৰ সবাটোকৈ উচ্চ স্থানত নিৰ্মাণ কৰা হৈছে এটা চিনেমা হল। লাডাখৰ লেহাৰ পালডনৰ 'পিকচাৰ টাইম' নামৰ চিনেমা হলটো চীনৰ সীমান্তত নিৰ্মাণ কৰা হৈছে। সাগৰ পৃষ্ঠৰ পৰা ১১,৫৬২ ফুট উচ্চতাত নিৰ্মিত চিনেমা হলটো আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত বলীউড অভিনেতা পংকজ ত্ৰিপাঠী উপস্থিত থাকে। লগতে উপস্থিত থাকে লাডাখ বুডিষ্ট এছ'ছিয়েশ্যনৰ সভাপতি থুপস্তান চেৱাং। চাংপা নোমাডছৰ চুটি ছবি 'চেইন' পৃথিৱীৰ আটাইতকৈ ওখ চিনেমা হলত পোন প্ৰথমে অনুষ্ঠানত প্ৰদৰ্শিত হৈছিল।

একেটা দিনতে সন্ধিয়া অক্ষয় কুমাৰৰ বহুল বিতৰ্ক সৃষ্টি কৰা ছবি 'বেল বটম' প্ৰদৰ্শিত হৈছিল। ১২০ খন আসনৰ সম্পূৰ্ণ শীত-তাপ নিয়ন্ত্ৰিত ডিজিটেল চিনেমা হলটোৰ মূল্য ৬৫,০০০ ডলাৰ বুলি জানিবলৈ পোৱা গৈছে। চিনেমা হলটোৰ মুখ্য উদ্যোগী সুশীলে সদৰী কৰে যে, ‘দূৰৱৰ্তী পাহাৰীয়া অঞ্চলসমূহৰ নাগৰিকক মনোৰঞ্জন প্ৰদানৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে।‘ অঞ্চলটোত আৰু ৪টা চিনেমা হল মুকলিৰ কথাও প্ৰকাশ কৰিছে সুশীলে।


উল্লেখ্য যে, চিনেমা হলটোত পৰ্যাপ্ত আধুনিক সা-সুবিধা আছে। চিনেমাখন -২৮ ডিগ্ৰী চেলচিয়াছ উষ্ণতাত বহি উপভোগ কৰা যাব। টিকটৰ মূল্য মাত্ৰ ৭০ টকা। প্ৰতি বছৰে, সমগ্ৰ বিশ্বৰ পৰা বহুতো লোক লাডাখত একত্ৰিত হয়। নতুন থিয়েটাৰখনে অধিক পৰ্যটকক আকৰ্ষিত কৰিব বুলি আশা কৰা হৈছে। পৃথিৱীৰ আটাইতকৈ ওখ চিনেমা হলত বহি চিনেমা চোৱাৰ বিমল আনন্দৰ ভাগ-বতৰা পৰ্যটকসকলে নিশ্চিতভাৱে কৰিব! প্ৰণিধানযোগ্য যে, ভাৰতত প্ৰতি বছৰে ১হাজাৰৰো অধিক চলচ্চিত্ৰ নিৰ্মাণ কৰা হয় লাডাখত। ইয়াৰে এক-পঞ্চমাংশই হিন্দীত নিৰ্মাণ কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?