--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আফগানিস্তানত ৰৈ যোৱা অস্ত্ৰ-শস্ত্ৰসমূহ উভতাই দিব লাগিব বুলি শেহতীয়াকৈ মন্তব্য প্ৰকাশ কৰিছে। অস্ত্ৰ-শস্ত্ৰসমূহ উভতাই নিদিলে তালিবানে মূল্য পৰিশোধ কৰিব লাগিব বুলিও প্ৰকাশ কৰিছে ট্ৰাম্পে। আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰৰ প্ৰক্ৰিয়াক সমালোচনা কৰি ৰিপাব্লিকান দলৰ পৰা নিৰ্বাচিত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ‘আমেৰিকাৰ ইতিহাসত এনেকৈ কোনো দেশৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰা হোৱা নাছিল। তালিবানে অস্ত্ৰ-শস্ত্ৰ তথা সামৰিক সঁজুলিসমূহ ঘূৰাই দিবলৈ অস্বীকাৰ কৰিলে সামৰিক বাহিনীয়ে বোমা বিস্ফোৰণ কৰিব লাগিব নতুবা পুনৰ যুঁদ্ধৰ পৰামৰ্শ প্ৰদান কৰিছে ট্ৰাম্পে।’


উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত নাটো সৈন্যদলক আফগানিস্তানৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। অৱশ্যে, আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানক ৮,৫০০ নিযুত ড’লাৰ অস্ত্ৰ প্ৰদান কৰি দেশখনৰ সামৰিক বাহিনীক তালিবান বিৰোধী যুঁজত এক দক্ষ শক্তি হিচাপে গঢ়ি তুলিছিল। ৰাষ্ট্ৰপতি বাইডেনে দেশখনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যক হঠাতে প্ৰত্যাহাৰ কৰা আৰু তালিবানৰ সেই অস্ত্ৰ আৰু সামৰিক সঁজুলিসমূহ হস্তান্তৰ কৰাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ৩০ আগষ্টত কাবুলৰ হামিদ কাৰজাই বিমানবন্দৰ এৰাৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিনীয়ে চৰকাৰী প্ৰযুক্তিৰ ৭৩ খন সামৰিক বিমান ধ্বংস কৰা বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক জেনেৰেল কেনেথ মেকেঞ্জীয়ে সদৰী কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক