--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আফগানিস্তানত ৰৈ যোৱা অস্ত্ৰ-শস্ত্ৰসমূহ উভতাই দিব লাগিব বুলি শেহতীয়াকৈ মন্তব্য প্ৰকাশ কৰিছে। অস্ত্ৰ-শস্ত্ৰসমূহ উভতাই নিদিলে তালিবানে মূল্য পৰিশোধ কৰিব লাগিব বুলিও প্ৰকাশ কৰিছে ট্ৰাম্পে। আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰৰ প্ৰক্ৰিয়াক সমালোচনা কৰি ৰিপাব্লিকান দলৰ পৰা নিৰ্বাচিত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, ‘আমেৰিকাৰ ইতিহাসত এনেকৈ কোনো দেশৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰা হোৱা নাছিল। তালিবানে অস্ত্ৰ-শস্ত্ৰ তথা সামৰিক সঁজুলিসমূহ ঘূৰাই দিবলৈ অস্বীকাৰ কৰিলে সামৰিক বাহিনীয়ে বোমা বিস্ফোৰণ কৰিব লাগিব নতুবা পুনৰ যুঁদ্ধৰ পৰামৰ্শ প্ৰদান কৰিছে ট্ৰাম্পে।’


উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত নাটো সৈন্যদলক আফগানিস্তানৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। অৱশ্যে, আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানক ৮,৫০০ নিযুত ড’লাৰ অস্ত্ৰ প্ৰদান কৰি দেশখনৰ সামৰিক বাহিনীক তালিবান বিৰোধী যুঁজত এক দক্ষ শক্তি হিচাপে গঢ়ি তুলিছিল। ৰাষ্ট্ৰপতি বাইডেনে দেশখনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যক হঠাতে প্ৰত্যাহাৰ কৰা আৰু তালিবানৰ সেই অস্ত্ৰ আৰু সামৰিক সঁজুলিসমূহ হস্তান্তৰ কৰাৰ বাবে তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ৩০ আগষ্টত কাবুলৰ হামিদ কাৰজাই বিমানবন্দৰ এৰাৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিনীয়ে চৰকাৰী প্ৰযুক্তিৰ ৭৩ খন সামৰিক বিমান ধ্বংস কৰা বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক জেনেৰেল কেনেথ মেকেঞ্জীয়ে সদৰী কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?