--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ক লৈ হোৱা বিতৰ্কৰ পিছত এতিয়া সময় ৰাইনাই শ্ব’টোৰ সকলো খণ্ড ডিলিট কৰিছে। 

‘ইণ্ডিয়াজ গট লেটেণ্ট’ক লৈ হোৱা বিতৰ্কৰ পিছত এতিয়া শ্ব’টোৰ আয়োজক সময় ৰাইনাই শ্ব’টোৰ সকলো খণ্ড ডিলিট কৰিছে। এই হুলস্থুলৰ প্ৰতি তেওঁৰ প্ৰতিক্ৰিয়াও এক্সত পোষ্ট কৰিছে । এই সকলোবোৰ চম্ভালিবলৈ তেওঁৰ বাবে কঠিন হৈ পৰিছিল বুলি তেওঁ কৈছে। ইয়াৰ উপৰিও সময়ে এই সমগ্ৰ বিষয়টোত সংস্থাসমূহক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও জনাইছে।

সময় ৰাইনাই নিজৰ পোষ্টত লিখিছে -যিয়েই নহওঁক এই ঘটনা, মোৰ বাবে অত্যধিক হৈ পৰিছে ৷ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ৰ সকলো ভিডিঅ' মোৰ চেনেলৰ পৰা আঁতৰাই দিলোঁ। মোৰ একমাত্ৰ উদ্দেশ্য আছিল মানুহক হাস্যৰস,মনোৰঞ্জন আৰু ভাল সময় দিয়া। তেওঁলোকৰ তদন্ত যাতে নিৰপেক্ষভাৱে সম্পূৰ্ণ হয় তাৰ বাবে মই সকলো সংস্থাৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিম। ধন্যবাদ।'

উল্লেখ্য যে এতিয়ালৈকে খাৰ আৰক্ষীয়ে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ বিতৰ্ক সন্দৰ্ভত ৬ জন লোকৰ মন্তব্য লিপিবদ্ধ কৰিছে। আশীষ চাঞ্চলনী আৰু অপূৰ্ব মাখিজাৰ বক্তব্যও লৈছে আৰক্ষীয়ে। তেওঁলোকৰ বিবৃতিত অপূৰ্ব মাখিজা আৰু আশীষ চাঞ্চলনীয়ে শ্ব’টোৰ বিষয়ে কৈছিল যে ইয়াৰ চিত্ৰনাট্য নাই। শ্ব’টোত বিচাৰক আৰু অংশগ্ৰহণকাৰীসকলক মুকলিকৈ কথা পাতিবলৈ কোৱা হয়।

আশীষ আৰু অপুৰ্বই কয় যে ‘ইণ্ডিয়াজ গট লেটেণ্ট’ত বিচাৰকক পাৰিশ্ৰমিক দিয়া নহয়। অৱশ্যে বিচাৰকসকলে শ্ব’টোৰ বিষয়বস্তু নিজৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰিব পাৰে। এই অনুষ্ঠানত দৰ্শক হিচাপে অংশগ্ৰহণ কৰিবলৈ হ’লে টিকট কিনিব লাগে। টিকট বিক্ৰীৰ পৰা যি ধন আহে সেই ধন শ্ব’ৰ বিজয়ীক দিয়া হয়।

সময় ৰাইনা দেশৰ বাহিৰত খকাৰ বাবে আৰক্ষীয়ে তেওঁৰ মন্তব্য লিপিবদ্ধ কৰিব নোৱাৰিলে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ