--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’ত হেৰাল ৰণবীৰ এলাহাবাদিয়া( Ranveer Allahbadia)? তেওঁৰ ঘৰত ওলমি আছে তলা, ফোন বন্ধ৷ তদন্ততো ৰণবীৰে কৰা নাই সহযোগ৷ মুম্বাই আৰক্ষীৰ বিষয়াসকল এতিয়া বিমোৰত পৰিছে৷ ৰণবীৰ এলাহাবাদিয়াই এতিয়াও তেওঁৰ বক্তব্য ৰেকৰ্ড কৰা নাই আৰু আৰক্ষীৰ লগত কৰা নাই যোগাযোগ৷

সময় ৰাইনাৰ শ্ব’ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ত ভাগ লৈ বিপদত পৰিছে ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া। শ্ব’টোত এজন প্ৰতিযোগীক ৰণবীৰে পিতৃ-মাতৃৰ যৌন জীৱনৰ বিষয়ে প্ৰশ্ন কৰিছিল, যাৰ ফলত ইণ্টাৰনেটত হুলস্থুলৰ সৃষ্টি হৈছিল। এই হুলস্থুল ইমানেই বাঢ়ি গ’ল যে জনসাধাৰণৰ লগতে নেতা, ৰাজনীতিবিদ আৰু ধৰ্মীয় সংগঠনেও ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে ওলাই আহিল। বিষয়টো সংসদলৈ যোৱাৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত ৰণবীৰৰ নামত এফআইআৰ পঞ্জীয়ন কৰা হয়।

ৰণবীৰ এলাহাবাদিয়াৰ লগতে শ্ব’টোৰ আয়োজক সময় ৰাইনা, ইনফ্লুৱেন্সাৰ অপূৰ্ব মাখিজা, ইউটিউবাৰ আশীষ চনচনালি আৰু ‘ইণ্ডিয়াজ গট লেটেণ্ট’ শ্ব’টোৰ দলটোও আইনী সমস্যাত আবদ্ধ হৈ পৰিছে। এই সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এনে পৰিস্থিতিত এজন এজনকৈ সকলোকে প্ৰশ্নোত্তৰৰ বাবে মুম্বাইৰ খাৰ থানালৈ মাতি অনা হৈছে। ৰণবীৰ এলাহাবাদিয়াও আৰক্ষীৰ সন্মুখত সোধা-পোছাৰ বাবে হাজিৰ হ’ব লাগিছিল যদিও তেওঁ থানাত উপস্থিত নহ’ল। দ্বিতীয়বাৰৰ বাবে আৰক্ষীয়ে মাতি অনাৰ পাছত ১৩ ফেব্ৰুৱাৰীত ৰণবীৰে তেওঁৰ ঘৰলৈ আহি তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু ৰণবীৰৰ ঘৰত বৰ্তমান ওলমি আছে তলা, ফোনো বন্ধ৷ 

ইনফ্লুৱেন্সাৰ অপূৰ্ব মাখিজা আৰু ইউটিউবাৰ আশীষ চনচনালিৰ বক্তব্য ৰেকৰ্ড কৰিছে মুম্বাই আৰক্ষীয়ে। দুয়োজনে নিজৰ বিবৃতিত কয় যে সময় ৰাইনাৰ এই অনুষ্ঠানৰ চিত্ৰনাট্য নাই। যি মন যায় কোৱাৰ স্বাধীনতা আছিল। শ্ব’টোৰ খণ্ডটোক লৈ হোৱা বিতৰ্কৰ পাছত ইনফ্লুৱেন্সাৰ আৰু ইউটিউবাৰসকলে বৃহৎ লোকচানৰ সন্মুখীন হৈছে। ইনষ্টাগ্ৰামত কমিছে ৰণবীৰ এলাহাবাদিয়াৰ ফ’ল’ৱাৰ। বহু ব্ৰেণ্ডৰ সৈতেও তেওঁ চুক্তি হেৰুৱাব পাৰে। আনহাতে অহা মাহত জয়পুৰত অনুষ্ঠিত হ’বলগীয়া আইআইএফএৰ পৰা অপূৰ্ব মাখিজাক বহিষ্কাৰ কৰা হৈছে। অপূৰ্ব আছিল আইআইএফএৰ চৰকাৰী ৰাষ্ট্ৰদূত। কিন্তু এতিয়া এই ডাঙৰ অনুষ্ঠানৰ পৰা তেওঁৰ নাম আঁতৰাই দিয়া হৈছে।

ৰণবীৰ এলাহাবাদিয়াই ছ’চিয়েল মিডিয়াত তেওঁৰ এই কথাৰ বাবে ক্ষমা বিচাৰিছিল। কমেডিয়ান সময় ৰাইনাই ‘ইণ্ডিয়া গট লেটেণ্ট’ৰ সকলো খণ্ড ডিলিট কৰিছে। তেওঁ তদন্তত সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement