--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘ইমান পঢ়া-শুনা কৰি ডিগ্ৰীটো লৈছো, এতিয়া আৰু ব্যৱসায় কৰিম নেকি? চৰকাৰী চাকৰি কৰিম নহ’লে ঘৰতে বঢ়ি থাকিম৷’- বৰ্তমানৰ নৱ-প্ৰজন্মৰ এয়া এক সাধাৰণ মানসিকতা৷ সকলো লোকে পঢ়া-শুনা কৰি কেৱল এটা চাকৰিৰ পিছত দৌৰে৷ কিন্তু জনসংখ্যা দ্ৰুত হাৰত বৃদ্ধিৰ লগে-লগে এটা চাকৰি পোৱাটো বহুতৰ বাবে আকাশত চাংপতাৰ দৰে কথা হৈ পৰিছে৷ কিন্তু মাজে-সময়ে সেই চাকৰিৰ মোহ এৰি দুই-এজন যুৱক- vযুৱতীৰ ব্যৱসায়ৰ মাজেৰে স্বাৱলম্বিতাৰ বাট অংকন কৰাৰ খবৰে শিৰোনাম দখল কৰে।

ব্যৱসায়ৰ জৰিয়তে আত্ম সংস্হাপনৰ বাট মুকলি কৰা এগৰাকী যুৱতীয়ে বৰ্তমান ৰাষ্ট্ৰীয় শিৰোনাম দখল কৰিছে৷ যুৱতীগৰাকীৰ নাম টুকটুকী দাস৷ কলকাতাৰ যুৱতীগৰাকীয়ে এমএ ডিগ্ৰী লৈ কলকাতাৰ হাব্ৰা ৰে’ল ষ্টেচনত চাহৰ দোকান দি এতিয়া শিৰানাম দখল কৰিছে৷ সৰুৰেপৰা শিক্ষয়িত্ৰী হোৱাৰ মন পুহি ৰখা যুৱতীগৰাকীয়ে চাকৰিৰ পাছত ঘূৰি ঘূৰি অৱশেষত ভাগৰি পৰিল৷ তেওঁ সিদ্ধান্ত ল’লে যে চাকৰিৰ পিছত দৌৰি সময় নষ্ট কৰাতকৈ যদি নিজে কিবা এটা কৰি আত্মসংস্হাপন পাব পাৰি তাতকৈ আৰু ডাঙৰ কথা একো হ’ব নোৱাৰে৷

টুকটুকীয়ে তাৰ পাছত এখন চাহৰ দোকান খোলিবলৈ মন মেলিলে, কিন্তু তাই ভাবিলে যে যিহেতু চাহৰ দোকান সকলোৱে খুলি সকলোৱে স্বাৱলল্বী হ’ব পাৰে, সেয়েহে তাইৰ চাহৰ দোকানখন যদি অলপ পৃথক কৰিব পাৰি তেনেহ’লে ভাল হ’ব, পৃথক মনোভাৱেৰে তাই চাহৰ দোকানখনৰ নাম ৰাখিলে ‘এম এ ইংৰাজী চাইৱালা’ নামেৰে৷ বৰ্তমান তাইৰ চাহৰ দোকানখনলৈ গ্ৰাহকৰ সোঁত বলিছে আৰু তাইৰ প্ৰচেষ্টাক সকলোৱে একমুখে শ’লাগ লৈছে৷ ঘৰখনৰ সম্পূৰ্ণ সঁহাৰি থকা যুৱতীগৰাতীয়ে কৰা কৰ্মক লৈ তেওঁৰ পিতৃ-মাতৃ যথেষ্ট গৌৰাম্বিত হোৱাৰ লগতে টুকটুকীৰ দৰে আন হাজাৰজন মানুহ ভাৰতত আছে, কেৱল লাগে মানুহৰ কাম কৰাৰ অকণমান সদিচ্ছা, টুকটুকীৰ পিতৃয়ে এনেদৰে কয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক