ডিজিটেল ডেস্কঃ ‘ইমান পঢ়া-শুনা কৰি ডিগ্ৰীটো লৈছো, এতিয়া আৰু ব্যৱসায় কৰিম নেকি? চৰকাৰী চাকৰি কৰিম নহ’লে ঘৰতে বঢ়ি থাকিম৷’- বৰ্তমানৰ নৱ-প্ৰজন্মৰ এয়া এক সাধাৰণ মানসিকতা৷ সকলো লোকে পঢ়া-শুনা কৰি কেৱল এটা চাকৰিৰ পিছত দৌৰে৷ কিন্তু জনসংখ্যা দ্ৰুত হাৰত বৃদ্ধিৰ লগে-লগে এটা চাকৰি পোৱাটো বহুতৰ বাবে আকাশত চাংপতাৰ দৰে কথা হৈ পৰিছে৷ কিন্তু মাজে-সময়ে সেই চাকৰিৰ মোহ এৰি দুই-এজন যুৱক- vযুৱতীৰ ব্যৱসায়ৰ মাজেৰে স্বাৱলম্বিতাৰ বাট অংকন কৰাৰ খবৰে শিৰোনাম দখল কৰে।
ব্যৱসায়ৰ জৰিয়তে আত্ম সংস্হাপনৰ বাট মুকলি কৰা এগৰাকী যুৱতীয়ে বৰ্তমান ৰাষ্ট্ৰীয় শিৰোনাম দখল কৰিছে৷ যুৱতীগৰাকীৰ নাম টুকটুকী দাস৷ কলকাতাৰ যুৱতীগৰাকীয়ে এমএ ডিগ্ৰী লৈ কলকাতাৰ হাব্ৰা ৰে’ল ষ্টেচনত চাহৰ দোকান দি এতিয়া শিৰানাম দখল কৰিছে৷ সৰুৰেপৰা শিক্ষয়িত্ৰী হোৱাৰ মন পুহি ৰখা যুৱতীগৰাকীয়ে চাকৰিৰ পাছত ঘূৰি ঘূৰি অৱশেষত ভাগৰি পৰিল৷ তেওঁ সিদ্ধান্ত ল’লে যে চাকৰিৰ পিছত দৌৰি সময় নষ্ট কৰাতকৈ যদি নিজে কিবা এটা কৰি আত্মসংস্হাপন পাব পাৰি তাতকৈ আৰু ডাঙৰ কথা একো হ’ব নোৱাৰে৷
টুকটুকীয়ে তাৰ পাছত এখন চাহৰ দোকান খোলিবলৈ মন মেলিলে, কিন্তু তাই ভাবিলে যে যিহেতু চাহৰ দোকান সকলোৱে খুলি সকলোৱে স্বাৱলল্বী হ’ব পাৰে, সেয়েহে তাইৰ চাহৰ দোকানখন যদি অলপ পৃথক কৰিব পাৰি তেনেহ’লে ভাল হ’ব, পৃথক মনোভাৱেৰে তাই চাহৰ দোকানখনৰ নাম ৰাখিলে ‘এম এ ইংৰাজী চাইৱালা’ নামেৰে৷ বৰ্তমান তাইৰ চাহৰ দোকানখনলৈ গ্ৰাহকৰ সোঁত বলিছে আৰু তাইৰ প্ৰচেষ্টাক সকলোৱে একমুখে শ’লাগ লৈছে৷ ঘৰখনৰ সম্পূৰ্ণ সঁহাৰি থকা যুৱতীগৰাতীয়ে কৰা কৰ্মক লৈ তেওঁৰ পিতৃ-মাতৃ যথেষ্ট গৌৰাম্বিত হোৱাৰ লগতে টুকটুকীৰ দৰে আন হাজাৰজন মানুহ ভাৰতত আছে, কেৱল লাগে মানুহৰ কাম কৰাৰ অকণমান সদিচ্ছা, টুকটুকীৰ পিতৃয়ে এনেদৰে কয়৷