--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আৰক্ষী বিভাগৰ সংস্কাৰ তথা আৰক্ষীৰ লোকসকলক মানৱীয়তাপূৰ্ণ আৰু সংবেদনশীল কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ সময়ে সময়ে গ্ৰহণ কৰি অহা হৈছে যদিও একাংশ আৰক্ষীৰ লোকৰ নিষ্ঠুৰতা আৰু বৰ্বৰতাই সকলো সংবেদনশীল লোককে হতচকিত কৰি আহিছে। এইবাৰ আৰক্ষীৰ বৰ্বৰতাৰ আন এক মৰ্মস্পৰ্শী কাহিনী পোহৰলৈ আহিছে। এইবাৰ ৰাজপথতে এজন দিব্যাংগ কিশোৰক দুজন আৰক্ষীৰ লোকে দৌৰাই দৌৰাই প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে। চিচিটিভিত আৰক্ষীৰ দুষ্কাৰ্যৰ এই ভিডিঅ’ পোহৰলৈ অহাৰ পাছতে সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।


ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বৰেলীত। বৰেলীৰ বিথৰী চৈনপুৰ এলেকাত এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত। মাছ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা ১৫বছৰীয়া দিব্যাংগ কিশোৰ এজনক প্ৰচণ্ড মাৰ-পিট কৰে। চিচিটিভিত বন্দী হোৱা ভিডিঅ’ত দেখা গৈছে যে, পথৰ কাষেৰে খোজকাঢ়ি আহি থকা কিশোৰজনৰ কাষত দুজন আৰক্ষীৰ লোক বাইকেৰে আহি ৰয়হি আৰু তাৰ পাছত কোনো কথাৰ অৱতাৰণা নকৰাকৈ মাৰপিট কৰিবলৈ ধৰে। প্ৰথমে চৰ-গোৰ শোধাই ক্ষান্ত নহৈ আৰক্ষীৰ লোক দুজনে লাঠীৰে নিৰ্মমভাৱে প্ৰহাৰ কৰে কিশোৰজনক। আৰক্ষীৰ হাতৰ পৰা সাৰিবলৈ দৌৰি পলায়নৰ চেষ্টা কৰে কিশোৰটিয়ে। কিন্তু আৰক্ষীৰ লোক দুজনে তেওঁক পিছে পিছে খেদি গৈ প্ৰহাৰ কৰে আৰু গুৰুতৰভাৱে আহত কৰি পথৰ ওপৰতে পেলাই থৈ যায়।


কিশোৰটিৰ পৰিয়ালৰ লোক আৰু ভুক্তভোগী চিকিৎসাধীন কিশোটিয়ে সদৰি কৰা মতে আৰক্ষীৰ লোক দুজন তেওঁৰ পৰা ব্যৱসায়ৰ চান কাঢ়িব খুজিছিল। তেওঁ মাছ বিক্ৰী কৰা কাৰ্য অবৈধ বুলি অভিহিত কৰি তেওঁৰ ধন দাবী কৰিছিল। ধন দিবলৈ অস্বীকাৰ কৰা বাবেই এনেদৰে নিৰ্মম প্ৰহাৰ কৰে দিব্যাংগ কিশোৰজনক। কিশোৰজন এতিয়া গুৰুতৰভাৱে আহত অৱস্থাত জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই ঘটনাৰ কথা পোহৰলৈ অহাৰ পাছতে হেড কনিষ্টবল আৰু কনিষ্টবল নবীন মালিকক চাকৰিৰ পৰা নিলম্বিত কৰিছে বেৰেলীৰ এছএছপি ৰোহিত সিং ছজবানে। এই ঘটনাৰ তদন্তৰো নিৰ্দেশ দিছে আৰক্ষী বিষয়াগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাছিয়াত বিমান দুর্ঘটনাত ৪৮জনৰ মৃত্যু
শীতল পানীয়, কুঁহিয়াৰৰ ৰস, নেমুৰ চৰবতৰ বিপণীত গ্ৰাহকৰ ভিৰ
কি কি বাস্তুদোষ থাকিলে টোপনি ব্যাহত হয়?
৭৭ বছৰত নদীত বিলীন ৰাজ্যৰ ৪৩২ গাঁও
বাৰ্ষিক টোল পাছৰ বুকিং কেতিয়াৰ পৰা আৰম্ভ হ’ব?
৩৪ বিলিয়ন ডলাৰ বৃদ্ধি হ'ব দুয়ো ৰাষ্ট্ৰৰ ব্যৱসায়! বৃহত্তম বাণিজ্য চুক্তিত স্বাক্ষৰ ভাৰত-ব্রিটেইনৰ
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
২ খন নাওৰ সৈতে ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক
ট্ৰাম্পৰ ভ্ৰমণ খবৰ মিছা ! স্পষ্টীকৰণ হোৱাইট হাউচৰ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
মাজুলীৰ পথাৰত ছিঁৰাল ফাট