--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আৰক্ষী বিভাগৰ সংস্কাৰ তথা আৰক্ষীৰ লোকসকলক মানৱীয়তাপূৰ্ণ আৰু সংবেদনশীল কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ সময়ে সময়ে গ্ৰহণ কৰি অহা হৈছে যদিও একাংশ আৰক্ষীৰ লোকৰ নিষ্ঠুৰতা আৰু বৰ্বৰতাই সকলো সংবেদনশীল লোককে হতচকিত কৰি আহিছে। এইবাৰ আৰক্ষীৰ বৰ্বৰতাৰ আন এক মৰ্মস্পৰ্শী কাহিনী পোহৰলৈ আহিছে। এইবাৰ ৰাজপথতে এজন দিব্যাংগ কিশোৰক দুজন আৰক্ষীৰ লোকে দৌৰাই দৌৰাই প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে। চিচিটিভিত আৰক্ষীৰ দুষ্কাৰ্যৰ এই ভিডিঅ’ পোহৰলৈ অহাৰ পাছতে সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।


ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বৰেলীত। বৰেলীৰ বিথৰী চৈনপুৰ এলেকাত এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত। মাছ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা ১৫বছৰীয়া দিব্যাংগ কিশোৰ এজনক প্ৰচণ্ড মাৰ-পিট কৰে। চিচিটিভিত বন্দী হোৱা ভিডিঅ’ত দেখা গৈছে যে, পথৰ কাষেৰে খোজকাঢ়ি আহি থকা কিশোৰজনৰ কাষত দুজন আৰক্ষীৰ লোক বাইকেৰে আহি ৰয়হি আৰু তাৰ পাছত কোনো কথাৰ অৱতাৰণা নকৰাকৈ মাৰপিট কৰিবলৈ ধৰে। প্ৰথমে চৰ-গোৰ শোধাই ক্ষান্ত নহৈ আৰক্ষীৰ লোক দুজনে লাঠীৰে নিৰ্মমভাৱে প্ৰহাৰ কৰে কিশোৰজনক। আৰক্ষীৰ হাতৰ পৰা সাৰিবলৈ দৌৰি পলায়নৰ চেষ্টা কৰে কিশোৰটিয়ে। কিন্তু আৰক্ষীৰ লোক দুজনে তেওঁক পিছে পিছে খেদি গৈ প্ৰহাৰ কৰে আৰু গুৰুতৰভাৱে আহত কৰি পথৰ ওপৰতে পেলাই থৈ যায়।


কিশোৰটিৰ পৰিয়ালৰ লোক আৰু ভুক্তভোগী চিকিৎসাধীন কিশোটিয়ে সদৰি কৰা মতে আৰক্ষীৰ লোক দুজন তেওঁৰ পৰা ব্যৱসায়ৰ চান কাঢ়িব খুজিছিল। তেওঁ মাছ বিক্ৰী কৰা কাৰ্য অবৈধ বুলি অভিহিত কৰি তেওঁৰ ধন দাবী কৰিছিল। ধন দিবলৈ অস্বীকাৰ কৰা বাবেই এনেদৰে নিৰ্মম প্ৰহাৰ কৰে দিব্যাংগ কিশোৰজনক। কিশোৰজন এতিয়া গুৰুতৰভাৱে আহত অৱস্থাত জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই ঘটনাৰ কথা পোহৰলৈ অহাৰ পাছতে হেড কনিষ্টবল আৰু কনিষ্টবল নবীন মালিকক চাকৰিৰ পৰা নিলম্বিত কৰিছে বেৰেলীৰ এছএছপি ৰোহিত সিং ছজবানে। এই ঘটনাৰ তদন্তৰো নিৰ্দেশ দিছে আৰক্ষী বিষয়াগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক