--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ  "মোৰ মৃত্যুৰ বাবে শাহু দায়ী"। এনেদৰে লিখি এগৰাকী বোৱাৰীয়ে কৰিলে আত্মহত্যা। কোনো কাগজত নহয় হাতৰ তলুৱাত এনেদৰে লিখি আত্মহত্যা কৰিলে বোৱাৰীগৰাকীয়ে। এই ঘটনা দক্ষিণ কলকাতাৰ টলিগঞ্জত সংঘটিত হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি পূজা চান্দ নামৰ বোৱাৰীগৰাকীয়ে যোৱা ১০ নৱেম্বৰত সন্ধিয়া প্ৰায় ৭.৫০ বজাত ডিঙিত টাৱেল এখনেৰে চিপ লৈ আত্মহত্যা কৰে। ওচৰ-চুবুৰীয়াসকলে পূজাক ওলমি থকা দেখা পাই ততাতৈয়াকৈ হাস্পতাললৈ লৈ যায়। হাস্পতালত চিকিৎসকে পূজা চান্দক মৃত বুলি ঘোষণা কৰে। চিকিৎসালয়ত মৃতদেহ পৰীক্ষা কৰোতে পূজাৰ হাতৰ তলুৱাত লিখি থোৱা কথাশাৰী সকলোৰে দৃষ্টিগোচৰ হয়। পূজাৰ হাতৰ তলুৱাত লিখা আছিল "মোৰ মৃত্যুৰ বাবে মোৰ শাহু দায়ী, ইতি পূজা।"

ইয়াৰ পাছতেই টলিগঞ্জ আৰক্ষী থানাৰ আৰক্ষীয়ে তেওঁৰ স্বামী আৰু শাহুৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৪-বি আৰু ৩৪ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। ওচৰ-চুবুৰীয়াই সদৰী কৰা অনুসৰি বিবাহৰ পাছৰে পৰা ২০ বছৰীয়া পূজা তেওঁৰ শাহুৱেকৰ মানসিক নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে। সৰু সৰু কথাবোৰতে পূজাক বেয়াকৈ গালি-গালাজ পাৰি মানসিক নিৰ্যাতন চলাইছিল শাহুৱেকে। পূজাই দক্ষিণ পৰগণাৰ কুলপীত থকা তেওঁৰ দেউতাকৰ ঘৰলৈ কালী পূজাৰ পিছদিনা ভাইফোঁটা উৎসৱ পালন কৰিবলৈ গৈছিল। পূজা দুদিনৰ ভিতৰত স্বামীৰ ঘৰলৈ উভতি অহাৰ কথা আছিল যদিও তেওঁ ঘূৰি অহা নাছিল।

আৰু পঢ়কঃ বীমাতকৈ ভৰি ডাঙৰ নহয়! টকাৰ লোভত ৰে’লৰ দ্বাৰা দুয়োখন ভৰি কটালে এজন লোকে

স্বামী সঞ্জয় চান্দে ১০ নৱেম্বৰত পূজাক আনিবলৈ যায়। সঞ্জয় চান্দৰ সৈতে স্বামীগৃহত উপস্থিত হয় পূজা। শাহুৱে পূজাক দেখা পায়েই পুনৰ তীব্ৰ ভাষাৰে গালি পাৰিবলৈ আৰম্ভ কৰে। গালি পৰাৰ কাৰণটো হ'ল সঞ্জয় চান্দৰ এখন দোকান আছিল। সঞ্জয়ে সেইদিনা পত্নীক আনিবলৈ যোৱাৰ কাৰণে গোটেই দিনটো দোকানখন বন্ধ আছিল ফলত গ্ৰাহকসমূহ আহিও ঘূৰি গৈছিল। দিনটো দোকানখন বন্ধ কৰি ৰাখিবলগীয়া হোৱা বাবে বোৱাৰীয়েকক দোষাৰোপ কৰে শাহুৱেকে। স্বামী বাহিৰলৈ ওলাই যোৱাৰ পাছতেই পূজা চান্দে আত্মহত্যা কৰে। টলিগঞ্জ আৰক্ষী থানাৰ আৰক্ষীয়ে পূজাৰ পিতৃৰ লিখিত অভিযোগৰ ভিত্তিত শাহু আৰু স্বামীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক