--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শ্ৰীলংকাই কিছুদিনৰ ভিতৰতে ইন্ধন শেষ হোৱাৰ আশংকা প্ৰকাশ কৰিছে, যাৰ ফলত চৰকাৰে কলম্বোৰ বিদ্যালয়সমূহ বন্ধ কৰি চৰকাৰী কৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ দিছে। আনহাতে সেনাই পেট্ৰলৰ বাবে অপেক্ষাৰত লোকক শাৰী পাতিবলৈ নিৰ্দেশ দিছে।

 শ্ৰীলংকাই সাত দশকৰ ভিতৰত আটাইতকৈ ভয়াৱহ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে, অভিলেখসংখ্যক বৈদেশিক মুদ্ৰাৰ মজুত  বৰ্তমানত নিম্নতম স্তৰত উপনীত হৈছে আৰু ২ কোটি ২০ লাখ লোকৰ দ্বীপটোৱে খাদ্য, ঔষধ আৰু আটাইতকৈ জটিল কথাটো হল ইন্ধনৰ অত্যাৱশ্যকীয় আমদানিৰ বাবে ধন পৰিশোধ কৰিবলৈ সংগ্ৰাম কৰি আছে।ইন্ধনৰ বাবে শাৰীত থকা ৬৭ বছৰীয়া অট’ৰিক্সাচালক ডব্লিউ ডি শ্বেল্টনে কয় যে তেওঁ চাৰিদিন ধৰি শাৰী পাতি আছে, এই সময়ছোৱাত তেওঁ সঠিকভাৱে খাব-শুবও পৰা নাই। আনহাতে নৌসেনাই সোমবাৰে পুৱাৰ ভাগত নাৱেৰে যাবলৈ চেষ্টা কৰাৰ সময়ত পূব উপকূলৰ পৰা ৫৪জন লোকক গ্ৰেপ্তাৰ কৰে। যোৱা মাহত চৰকাৰ সমৰ্থক আৰু বিৰোধী প্ৰতিবাদকাৰীৰ মাজৰ সংঘৰ্ষই দেশজোৰা হিংসাত্মক পৰিস্থিতিৰ ৰূপ লোৱাৰ পাছত ইতিমধ্যে ৯জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৩০০ লোক আহত হয়। ইয়াৰ পাছতেই প্ৰধানমন্ত্ৰী ৰানিল উইক্ৰেমসিংহে পদত্যাগ কৰে। ইন্ধনৰ নাটনি বৃদ্ধি পোৱাৰ ফলত সৃষ্টি হোৱা এই বিক্ষোভৰ ঢৌ আৰু বৃদ্ধি পোৱাৰ আশংকা আছে।

 আনহাতে বিৰোধী নেতা সজিত প্ৰেমদাসাই চৰকাৰক পদত্যাগ কৰিবলৈ আহ্বান জনাই কয় যে চৰকাৰে বাৰে বাৰে জনসাধাৰণক মিছা কথা কৈ আহিছে আৰু পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কোনো সুপৰিকল্পনা নাই। দেওবাৰে শক্তিমন্ত্ৰীয়ে জনোৱা মতে, চৰকাৰী ইন্ধনৰ প্ৰায় ৯ হাজাৰ টন ডিজেল আৰু ৬ হাজাৰ টন পেট্ৰল মজুত আছে আৰু কোনো চালানৰ প্ৰয়োজন হোৱা নাই।

 ভাৰতীয় তেল নিগমৰ স্থানীয় ইউনিট লংকা আইঅচিয়ে ৰয়টাৰ্ছক জনোৱা মতে তেওঁলোকৰ হাতত ২২ হাজাৰ টন ডিজেল আৰু ৭৫০০ টন পেট্ৰল মজুত আছে। প্ৰায় ১৩ জুলাইত একেলগে আৰু ৩০ হাজাৰ টন পেট্ৰল আৰু ডিজেলৰ চালানৰ আশা কৰিছে।

 লংকাৰ আই অ চিৰ মুৰব্বী মনোজ গুপ্তাই ৰয়টাৰ্ছক জনোৱা মতে, কেৱল পৰিবহণৰ প্ৰয়োজনীয়তা পূৰণৰ বাবেই শ্ৰীলংকাই দিনটোত প্ৰায় ৫ হাজাৰ টন ডিজেল আৰু ৩ হাজাৰ টন পেট্ৰল ব্যৱহাৰ কৰে। শ্ৰীলংকাৰ জইণ্ট এপাৰেল এছচিয়েশ্যন ফৰামৰ মহাসচিব যোহান লৰেন্সে কয় যে অহা সাত-দহ দিনৰ বাবে তেওঁলোকৰ হাতত পৰ্যাপ্ত ইন্ধন আছে,‌ লগতে অনাগত দিনত কি হ'ব, ইন্ধনৰ মজুত আহিব নেকি তাৰ বাবে অপেক্ষা কৰি আছে বুলি উল্লেখ কৰিছে। শ্ৰীলংকাৰ শক্তি নিয়ন্ত্ৰকে জনোৱা মতে, দেশখনে একাধিক তাপীয় শক্তি কেন্দ্ৰ চলাবলৈ আৰু বিদ্যুৎ কৰ্তন ন্যূনতম কৰি ৰাখিবলৈ শেষত নিজ‌ ভঁৰালৰ মজুত তেল ব্যৱহাৰ কৰি আছে। আনহাতে শ্ৰীলংকাৰ ৰাজহুৱা উপযোগিতা আয়োগৰ অধ্যক্ষ জনক ৰত্নায়কে কয় যে নিৰ্ধাৰিত বিদ্যুৎ কৰ্তন সোমবাৰৰ পৰা ডেৰ-দুঘণ্টা পূৰ্বে তিনি ঘণ্টালৈ বৃদ্ধি পাব কিন্তু দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এয়া পৰবৰ্তী সময়ত সলনি হ'ব পাৰে।

 ৰকাৰে কৰ্মচাৰীসকলক পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত ঘৰৰ পৰাই কাম কৰিবলৈ কোৱাৰ বিপৰীতে বাণিজ্যিক ৰাজধানী কলম্বো আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত এসপ্তাহৰ বাবে বিদ্যালয়সমূহ বন্ধ কৰি ৰখা হৈছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ এটা দলে ৩ বিলিয়ন ডলাৰৰ বেইলআউট পেকেজৰ ওপৰত আলোচনাৰ বাবে শ্ৰীলংকা ভ্ৰমণ কৰিছে। বৃহস্পতিবাৰে ভ্ৰমণ সমাপ্ত হোৱাৰ পূৰ্বে দেশখনে কৰ্মচাৰী পৰ্যায়ৰ চুক্তিত উপনীত হোৱাৰ আশা কৰিছে, যিয়ে কোনো ধৰণৰ তাৎক্ষণিক পুঁজিৰ তলা মুকলি কৰাৰ সম্ভাৱনা নাই।

 উল্লেখযোগ্য যে শ্ৰীলংকাই ভাৰতৰ পৰা প্ৰায় ৪ বিলিয়ন ডলাৰ আৰ্থিক সাহায্য লাভ কৰিছে আৰু শ্ৰীলংকা চৰকাৰে সোমবাৰে প্ৰকাশ কৰিছে যে আমেৰিকাই ইয়াৰ বিত্তীয় ব্যৱস্থাপনাৰ বাবে কাৰিকৰী সহায় আগবঢ়াবলৈ সন্মত হৈছে। শেষত শ্ৰীলংকাৰ এই অৰ্থনৈতিক সংকটৰ লগতে ইন্ধনৰ নাটনিৰ এই ভয়াৱহ পৰিস্থিতিয়ে কি ৰূপ ধাৰণ কৰে সেয়া বৰ্তমান লক্ষ্যনীয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি