--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সোমবাৰে দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত দুজন উগ্ৰপন্থী আৰু জম্মুৰ আৰ এছ পোৰা ছেক্টৰত সীমান্তত এজন অভিযুক্ত অনুপ্ৰৱেশকাৰীক হত্যা কৰে নিৰাপত্তা বাহিনীয়ে।

 এই এনকাউণ্টাৰ কুলগাম জিলাত ট্ৰুবজীৰ নৌপোৰাৰ খেৰপোৰা গাঁৱত সংঘটিত হয় যত সশস্ত্ৰ বাহিনীয়ে এটা নিৰ্দিষ্ট ইনপুটৰ ওপৰত কাম কৰি তালাচী অভিযান আৰম্ভ কৰিছিল। আৰক্ষীয়ে দাবী কৰিছে যে উগ্ৰপন্থীয়ে তালাচী দলটোৰ ওপৰত গুলীচালনা কৰি এনকাউণ্টাৰৰ সূচনা কৰে। আৰক্ষীয়ে জনোৱা মতে গুলীচালনাত দুজন অচিনাক্ত উগ্ৰপন্থী নিহত হয়।

 চলিত বৰ্ষত সমগ্ৰ কাশ্মীৰ উপত্যকাত নিৰাপত্তা বাহিনীয়ে কমেও ৭০টা এনকাউণ্টাৰত প্ৰায় ১২০জন উগ্ৰপন্থী নিহত কৰিছে। ইয়াৰ ভিতৰত ৩জন আছিল বিদেশী, যাৰ অধিকাংশই পাকিস্তানৰ পৰা আহিছিল। মে আৰু জুন মাহৰ প্ৰথম দুসপ্তাহত লক্ষ্য কৰি হত্যাৰ সতেজ ঢৌৰ পিছত সশস্ত্ৰ বাহিনীয়ে উগ্ৰপন্থী বিৰোধী অভিযান তীব্ৰতৰ কৰি সমগ্ৰ উপত্যকাটোত বেক টু বেক এনকাউণ্টাৰত লিপ্ত হয়। ভূগৰ্ভস্থ উগ্ৰপন্থী‌ বুলি সন্দেহ কৰা অসংখ্য যুৱকক সোধা-পোছা কৰি আটক কৰি গ্ৰেপ্তাৰ কৰে।

 ইফালে, জম্মুৰ আৰ এছ পোৰা অঞ্চলত বকুৱাৰপুৰ সীমান্ত চৌহদত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে এজন অভিযুক্ত অনুপ্ৰৱেশকাৰীক হত্যা কৰে। সীমান্তৰ সিপাৰৰ পৰা সৈন্যই তেওঁৰ গতিবিধি অনুসন্ধান কৰাৰ সময়তে পুৱা প্ৰায় ১২.১০ বজাত গুলীয়াই হত্যা কৰা হয় অভিযুক্ত অনুপ্ৰৱেশকাৰীজনক।

 ইফালে, জম্মুৰ ভাগৱতী নগৰৰ যাত্ৰী নিৱাসত অমৰনাথ যাত্ৰা তীৰ্থযাত্ৰীসকলৰ বাবে কৰা ব্যৱস্থাৰ পৰ্যালোচনা কৰে জে এণ্ড কে এল জি মনোজ সিনহাই। লগতে কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে উজনি কাশ্মীৰৰ অনন্তনাগ জিলাত অমৰনাথ যাত্ৰা সম্পৰ্কীয় এখন চূড়ান্ত নিৰাপত্তা পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক