--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : আফগানিস্তানত তালিবানে পুনৰ শাসন দখল কৰাৰ পাছত তাত থকা ধৰ্মীয় সংখ্যালঘু লোকসকলৰ সংশয় ঘণীভূত হৈ পৰিছে। আন বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ লোকৰ লগতে হিন্দু-শিখ আদি লোকসকলো তালিবানৰ নিৰ্যাতনৰ বলি হোৱাৰ আশংকা গাঢ় হৈ পৰিছে তাৰ মাজতে সামান্য সকাহৰ বাৰ্তা আহিছে আফগানিস্তানৰ পৰা। আফগানিস্তানত থকা হিন্দু আৰু শিখসকলক তালিবানে অভয়বাণী দিয়াৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

তালিবানে প্ৰচাৰ কৰা এটা ভিডিঅ’ত কোৱা হৈছে যে, তালিবানে এইসকল লোকক সুৰক্ষাক লৈ শংকিত নহ’বলৈ আৰু কোনো উদ্বিগ্নতাৰ মাজত নাথাকিবলৈ নিশ্চয়তা প্ৰদান কৰিছে। কাবুল গুৰুদ্বাৰৰ মুৰব্বীগৰাকীৰ এই বিষয়ক এটা মন্তব্য আকালি দলৰ এজন মুখপাত্ৰ আৰু তালিবানে প্ৰচাৰ কৰে। সংবাদ প্ৰতিষ্ঠান আল জাজিৰাই এই ভিডিঅ’টো প্ৰচাৰ কৰিছে। তদুপৰি ইছলামিক এমিৰেট অব আফগানিস্তানৰ ৰাজনৈতিক কাৰ্যালয়ৰ এজন মুখপাত্ৰ এম নায়িমেও এই ভিডিঅ’টো টুইটাৰৰ জৰিয়তে প্ৰচাৰ কৰিছে।

আনহাতে আকালি দলৰ মনজিন্দৰ সিং শীৰ্ষায়ো এই ভিডিঅ’ টুইট কৰে। ভিডিঅ’টোত প্ৰকাশ কৰা মতে, তালিবানে হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকক সাক্ষাৎ কৰিছে আৰু তেওঁলোকৰ সুৰক্ষাৰ নিশ্চয়তা প্ৰকাশ কৰিছে। এয়া তালিবানৰ নিজৰ ভাৱমূৰ্তি নিকা কৰাৰ প্ৰচেষ্টা নে কট্টৰ মৌলবাদী সংগঠনটোৱে স্বৰূপাৰ্থতে এনে চিন্তা কৰিছে সেয়া সময়েহে ক’ব যদিও এই ভিডিঅ’ দুৰ্যোগৰ মাজতে সামান্য সকাহ হিচাপে বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু