--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : আফগানিস্তানত তালিবানে পুনৰ শাসন দখল কৰাৰ পাছত তাত থকা ধৰ্মীয় সংখ্যালঘু লোকসকলৰ সংশয় ঘণীভূত হৈ পৰিছে। আন বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ লোকৰ লগতে হিন্দু-শিখ আদি লোকসকলো তালিবানৰ নিৰ্যাতনৰ বলি হোৱাৰ আশংকা গাঢ় হৈ পৰিছে তাৰ মাজতে সামান্য সকাহৰ বাৰ্তা আহিছে আফগানিস্তানৰ পৰা। আফগানিস্তানত থকা হিন্দু আৰু শিখসকলক তালিবানে অভয়বাণী দিয়াৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

তালিবানে প্ৰচাৰ কৰা এটা ভিডিঅ’ত কোৱা হৈছে যে, তালিবানে এইসকল লোকক সুৰক্ষাক লৈ শংকিত নহ’বলৈ আৰু কোনো উদ্বিগ্নতাৰ মাজত নাথাকিবলৈ নিশ্চয়তা প্ৰদান কৰিছে। কাবুল গুৰুদ্বাৰৰ মুৰব্বীগৰাকীৰ এই বিষয়ক এটা মন্তব্য আকালি দলৰ এজন মুখপাত্ৰ আৰু তালিবানে প্ৰচাৰ কৰে। সংবাদ প্ৰতিষ্ঠান আল জাজিৰাই এই ভিডিঅ’টো প্ৰচাৰ কৰিছে। তদুপৰি ইছলামিক এমিৰেট অব আফগানিস্তানৰ ৰাজনৈতিক কাৰ্যালয়ৰ এজন মুখপাত্ৰ এম নায়িমেও এই ভিডিঅ’টো টুইটাৰৰ জৰিয়তে প্ৰচাৰ কৰিছে।

আনহাতে আকালি দলৰ মনজিন্দৰ সিং শীৰ্ষায়ো এই ভিডিঅ’ টুইট কৰে। ভিডিঅ’টোত প্ৰকাশ কৰা মতে, তালিবানে হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকক সাক্ষাৎ কৰিছে আৰু তেওঁলোকৰ সুৰক্ষাৰ নিশ্চয়তা প্ৰকাশ কৰিছে। এয়া তালিবানৰ নিজৰ ভাৱমূৰ্তি নিকা কৰাৰ প্ৰচেষ্টা নে কট্টৰ মৌলবাদী সংগঠনটোৱে স্বৰূপাৰ্থতে এনে চিন্তা কৰিছে সেয়া সময়েহে ক’ব যদিও এই ভিডিঅ’ দুৰ্যোগৰ মাজতে সামান্য সকাহ হিচাপে বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ