--°C
Loading...
Listen to Article
2 min read
80%

ইছলামবাদ: স্বাধীনতা দিৱসৰ আনন্দত টিকটক ভিডিঅ’ কৰিবলৈ গৈ এগৰাকী যুৱতীয়ে হেৰুৱালে সন্মান। চাৰি শতাধিক উন্মাদ পুৰুষে টিকটক কৰাৰ অভিযোগতে ৰাজহুৱাকৈ ফালিলে এগৰাকী যুৱতীৰ কাপোৰ, ৰাজহুৱাকৈ দিলে গালিৰ বৰ্ষণ। ৰাজহুৱা স্থানতে শিল্পী মনৰ যুৱতীক সংগীৰ সৈতে দাঙি নি ঠেলিয়াই-গটিয়াই অত্যাচাৰ কৰিলে উন্মাদ পুৰুষৰ দলটোৱে। দেশখনৰ স্বাধীনতা দিৱস অৰ্থাৎ ১৪ আগষ্টৰ দিনা ঘটনা সংঘটিত হৈছিল পাকিস্তানত।

লাহোৰত গ্ৰেটাৰ ইকবাল পাৰ্কত সংঘটিত হ’ল এই লোমহৰ্ষক ঘটনা। স্বাধীনতা দিৱসৰ আনন্দত টিকটক কৰিবলৈ যোৱাটোৱে কাল হ’ল যুৱতীগৰাকীৰ। ৰাজহুৱা স্থানত গীত-নৃত্য কৰাৰ অভিযোগতে শতাধিক পুৰুষৰ অত্যাচাৰৰ বলি হ’ল যুৱতীগৰাকী। ইতিমধ্যে আৰক্ষীক এজাহাৰ দাখিল কৰিছে যুৱতীসহ ৬গৰাকী সহযোগীয়ে।

উন্মাদপ্ৰায় দলটোৱে শিল্পীগৰাকীৰ শৰীৰতো অশ্লীল মাত মাতি নিভৃত অংগত বলপূৰ্বক স্পৰ্শ কৰা বুলিও স্পষ্টভাৱে এজাহাৰত উল্লেখ কৰিছে। ইতিমধ্যে বিশ্বজুৰি ভাইৰেল হৈ পৰা এই দৃশ্যক লৈ অস্বস্তিত পৰিছে ইমৰাণ খান নেতৃত্বাধীন পাকিস্তান চৰকাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ