--°C
Loading...
Listen to Article
2 min read
80%

ভূপাল: এক শোকাৱহ ঘটনাৰ সাক্ষী হৈছে সমগ্ৰ দেশ৷ ৮ বছৰীয়া এটি শিশুক উদ্ধাৰ কৰিবলৈ গৈ কুঁৱাত পৰিল ৪০ জন লোক। কুঁৱাত পৰা লোকসকলৰ ভিতৰত ৩জনৰ মৃত্যু ঘটিছে। এই ঘটনা মধ্যপ্ৰদেশৰ বিদিশা জিলাৰ গঞ্জ বাসদা গাঁৱত সংঘটিত হৈছে। কুঁৱাত পৰা ২৩ জনক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ কৰিছে এনডিআৰএফৰ দলে। অৱশ্যে এই পৰ্যন্ত কুঁৱাত প্ৰথমে পৰা ৮ বছৰীয়া শিশুটিক উদ্ধাৰ কৰিব পৰা হোৱা নাই। ৫০ ফুট গভীৰ আছিল কুঁৱাটো। বৃহস্পতিবাৰে নিশা কুঁৱাত পৰিছিল শিশুটি। তাৰ পাছত এজনৰ পাছত আনজন কুঁৱাত নামিছিল। ইয়াৰ মাজত হঠাৎ কুঁৱাৰ পাৰ ভাঙি পৰিছিল। আবদ্ধ হৈ পৰিছিল কুঁৱাত নমা লোকসকল।

প্ৰায় ২৩ জন লোকক উদ্ধাৰ কৰা হৈছে বুলি মন্ত্ৰী বিশ্বাস কৈলাশ চাৰাঙে উল্লেখ কৰে৷ চাৰঙৰ ভাষ্য অনুসৰি তেওঁলোকৰ ১৩ জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজ্যৰ ৰাজধানী ভূপালৰ পৰা ৫০ কিলোমিটাৰ দূৰত বিদিশা জিলাৰ অভিভাৱক মন্ত্ৰী চাৰঙক উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰিবলৈ কৈছিল৷ তেওঁ এই দুৰ্ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে।

গাঁওবাসীৰ মতে, বৃহস্পতিবাৰে সন্ধিয়া খেলি থাকোতে এজনী ছোৱালী কুঁৱাত বাগৰি পৰে। আৰু গাঁওবাসীয়ে এই কথা গম পায় তেওঁলোকে কণমানিজনীক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিল৷ যেতিয়া কুঁৱাটোৰ সীমাৰ দেৱালখন সোমাই গৈছিল আৰু তেওঁলোক কুঁৱাটোত পৰি গৈছিল, ভূপাল বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান চাই মনোহৰে কয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ