--°C
Loading...
Listen to Article
2 min read
80%

ৰাষ্ট্ৰসংঘ : কাৰাৰুদ্ধ অৱস্থাতে ফাডাৰ ষ্টেন স্বামীৰ মৃত্যু হোৱাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে। ৮৪ বছৰীয়া গুৰুতৰভাৱে অসুস্থ ষ্টেন স্বামীয়ে উপযুক্ত চিকিৎসাৰ বাবে বাৰে বাৰে জামিনৰ আবেদন কৰিও জামিন পাবলৈ সক্ষম নহ’ল আৰু তেওঁ কৰুণভাৱে মৃত্যুক আকোঁৱালি ল’লে। মানৱ অধিকাৰ কৰ্মীগৰাকীৰ এই দুৰ্ভাগ্যজনক মৃত্যুৰ পাছত ভাৰতৰ ন্যায় ব্যৱস্থা তথা মানৱ অধিকাৰক লৈ বিভিন্ন প্ৰশ্ন তুলিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে।

এইবাৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বিশেষজ্ঞ এগৰাকীয়ে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ষ্টেন স্বামীৰ ন্যায়িক জিম্মাতে মৃত্যু হোৱা ঘটনাই তেওঁ আশ্বৰ্যন্বিত কৰা বুলি মন্তব্য কৰি ৰাষ্ট্ৰসংঘৰ বিষয়াগৰাকীয়ে কয়, এই ঘটনা ভাৰতৰ মানৱ অধিকাৰ সম্পৰ্কীয় দিশত এটা দাগ হৈ ৰৈ যাব। এলগাৰ-পাৰিষদ মাওবাদীৰে সম্পৰ্কৰ গোচৰত নিয়াই যোৱা বছৰেই ৮৪বছৰীয়া একপ্ৰকাৰ অথৰ্ব সমাজকৰ্মীগৰাকীক গ্ৰেপ্তাৰ কৰিছিল আৰু কাৰাগাৰত তেওঁ ন্যুনতম অধিকাৰ লাভৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল। ৫জুলাইত তেওঁৰ চিকিৎসাধীন অৱস্থাত মুম্বাইৰ এখন হাস্পতালত মৃত্যু হয়। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বিষয়ৰ বিশেষজ্ঞ মেৰী লালোৰে এক আনুষ্ঠানিক বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰিছে যে, ষ্টেট স্বামীৰ ঘটনাটোৱে সকলো ৰাজ্যকে মানৱ অধিকাৰ সম্পৰ্কীয় বিষয়ত এটা স্মাৰকৰ ভূমিকা গ্ৰহণ কৰিব। আনহাতে যিসকলৰ পৰ্যাপ্ত প্ৰমাণ অবিহতে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক মুকলি কৰি দিয়া উচিত বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ কয়, ‘এগৰাকী মানৱ অধিকাৰ কৰ্মীক সন্ত্ৰাসবাদীৰ দৰে ব্যৱহাৰ কৰাৰ দৰে ঘটনা কেতিয়াও ক্ষমাৰ যোগ্য নহয়। ফাদাৰ ষ্টেন স্বামীৰ দৰে কোনো লোকৰে মৃত্যু হোৱা উচিত নহয়। যাক অভিযুক্ত কৰা হ’ল, আটক কৰা হ’ল আৰু অধিকাৰৰ পৰা বঞ্চিত কৰা হ’ল।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু