--°C
Loading...
Listen to Article
2 min read
80%

ৰাষ্ট্ৰসংঘ : কাৰাৰুদ্ধ অৱস্থাতে ফাডাৰ ষ্টেন স্বামীৰ মৃত্যু হোৱাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে। ৮৪ বছৰীয়া গুৰুতৰভাৱে অসুস্থ ষ্টেন স্বামীয়ে উপযুক্ত চিকিৎসাৰ বাবে বাৰে বাৰে জামিনৰ আবেদন কৰিও জামিন পাবলৈ সক্ষম নহ’ল আৰু তেওঁ কৰুণভাৱে মৃত্যুক আকোঁৱালি ল’লে। মানৱ অধিকাৰ কৰ্মীগৰাকীৰ এই দুৰ্ভাগ্যজনক মৃত্যুৰ পাছত ভাৰতৰ ন্যায় ব্যৱস্থা তথা মানৱ অধিকাৰক লৈ বিভিন্ন প্ৰশ্ন তুলিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে।

এইবাৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বিশেষজ্ঞ এগৰাকীয়ে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ষ্টেন স্বামীৰ ন্যায়িক জিম্মাতে মৃত্যু হোৱা ঘটনাই তেওঁ আশ্বৰ্যন্বিত কৰা বুলি মন্তব্য কৰি ৰাষ্ট্ৰসংঘৰ বিষয়াগৰাকীয়ে কয়, এই ঘটনা ভাৰতৰ মানৱ অধিকাৰ সম্পৰ্কীয় দিশত এটা দাগ হৈ ৰৈ যাব। এলগাৰ-পাৰিষদ মাওবাদীৰে সম্পৰ্কৰ গোচৰত নিয়াই যোৱা বছৰেই ৮৪বছৰীয়া একপ্ৰকাৰ অথৰ্ব সমাজকৰ্মীগৰাকীক গ্ৰেপ্তাৰ কৰিছিল আৰু কাৰাগাৰত তেওঁ ন্যুনতম অধিকাৰ লাভৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল। ৫জুলাইত তেওঁৰ চিকিৎসাধীন অৱস্থাত মুম্বাইৰ এখন হাস্পতালত মৃত্যু হয়। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বিষয়ৰ বিশেষজ্ঞ মেৰী লালোৰে এক আনুষ্ঠানিক বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰিছে যে, ষ্টেট স্বামীৰ ঘটনাটোৱে সকলো ৰাজ্যকে মানৱ অধিকাৰ সম্পৰ্কীয় বিষয়ত এটা স্মাৰকৰ ভূমিকা গ্ৰহণ কৰিব। আনহাতে যিসকলৰ পৰ্যাপ্ত প্ৰমাণ অবিহতে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক মুকলি কৰি দিয়া উচিত বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ কয়, ‘এগৰাকী মানৱ অধিকাৰ কৰ্মীক সন্ত্ৰাসবাদীৰ দৰে ব্যৱহাৰ কৰাৰ দৰে ঘটনা কেতিয়াও ক্ষমাৰ যোগ্য নহয়। ফাদাৰ ষ্টেন স্বামীৰ দৰে কোনো লোকৰে মৃত্যু হোৱা উচিত নহয়। যাক অভিযুক্ত কৰা হ’ল, আটক কৰা হ’ল আৰু অধিকাৰৰ পৰা বঞ্চিত কৰা হ’ল।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ