--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শংকুৰাজ কোঁৱৰ অসমৰ এগৰাকী গীতিকাৰ, সুৰকাৰ, সংগীত প্ৰযোজক তথা এজন কণ্ঠশিল্পী৷ অসমীয়া সংগীত জগতক আধুনিক ইলেকট্ৰনিক সংগীতৰ ধাৰালৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ জনাজাত। তেওঁৰ দ্বিতীয়টি বিহুগীত ‘জয়মলা ২.০’ৰ পাছতেই আজি মুকলি হ’ল ‘আন্‌মনা’ শীৰ্ষক এটি নতুন গীত ৷

‘‘প্ৰাপ্তিৰো থাকে সমাপ্তি, 
সকলো সুকলমে চলি যায়
কিছুমান সৰু সৰু ভূলেই হৈ যায় বিচ্ছেদৰ কাৰণ
হৈ পৰে সকলো স্মৃতি…’’

কেতিয়াবা আৱেগবোৰ তীব্ৰতৰ হৈ পৰে, সুৰকাৰে নিজৰ হৃদয়খন ঢালি দিয়ে, গীতিকাৰে অনুভৱ কৰে তেওঁৰ এৰি থৈ যোৱা অসহ্যকৰ শূন্যতা৷ প্ৰতিটো টোকাই কঢ়িয়াই লৈ ফুৰে নিসংগতাৰ ওজন ৷ প্ৰতিটো গীতৰ কথাই তেওঁৰ আকাংক্ষাৰ প্ৰতিধ্বনি দিয়ে। ‘আনমনা’ও সেই একে ধৰণৰ বিৱৰণ, য’ত আছে প্ৰেমৰ আৱৰণ ৷


TRP Production আৰু RM Entertainments ৰ বেনাৰত নিৰ্মিত গীতটিৰ কথা পংকজ শইকীয়াৰ,সংগীত ব্যৱস্থাপনা কৰিছে হোমেন বৰা শ্যামল ভূঞা আৰু প্ৰদ্যুত বৰুৱাই, গীটাৰ সংগত কৰিছে হোমেন বৰাই লগতে বাঁহী বজাইছে প্ৰীতম বৰপাত্ৰ গোঁহাই আৰু ভাস্কৰ কলিতাই ৷ আৱহ কণ্ঠ স্তুতি শৰ্মাৰ আৰু গীতটোৰ শব্দ সংমিশ্ৰণ কৰিছে ৰীত্বিক ৰাজ পাঠকে। 

গীতটিৰ পৰিচালনা সোণমণি গোৱালাৰ ৷অভিনয় কৰিছে নীল তামূলী আৰু কাজল বৰাই ৷গীতটিৰ প্ৰযোজনা ইন্দুকল্প ভৰালীৰ ৷গ্ৰাফিক্স অনুভৱ দত্তৰ আৰু ভিএফএক্স কৰিছে দিপাংকৰ কাশ্যপে ৷ বৈদুৰ্য্য সেনাপতি আৰু জীতুল বৰুৱাই কৰিছে গীতটিৰ দৃশ্যগ্ৰহণ ৷




সম্পূৰ্ণ গীতটোৰ লিংক আপুনি তলত লাভ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ