--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সংগীত জগতৰ মহান কণ্ঠ শ্লিল্পী সকলৰ ভিতৰত অন্যতম এগৰাকী লতা মংগেশকাৰ৷ যাৰ চিৰসেউজ কণ্ঠই প্ৰতিটো প্ৰজন্মকে আলোড়িত কৰি ৰাখিছে৷ যাৰ কণ্ঠত প্ৰাণ পাই উঠিছিল সংগীতে আৰু যি কণ্ঠই প্ৰতিগৰাকী সংগীত প্ৰেমিৰ হৃদয়ত তুলিছিল সেই চিৰসেউজ গীতৰ ঝংকাৰ৷ কিংবদন্তি গায়িকা তথা ভাৰতৰত্ন বঁটা বিজয়ী কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে ২০২২ চনৰ ৬ ফেব্ৰুৱাৰীত মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰিছিল। কণ্ঠ শিল্পী গৰাকীৰ আজিৰ দিনটোত সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছে৷

তেওঁ ছয়ত্ৰিশটাতকৈও অধিক ভাৰতীয় ভাষা আৰু কেইটামান বিদেশী ভাষাৰ গীত কণ্ঠদান কৰৰা লগতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত কণ্ঠ নিগৰাইছিল। তেওঁৰ কণ্ঠ দান কৰা প্ৰতিটো গানেই হৈ পৰিছিল চিৰসেউজ৷ আহকচোন তেওঁৰ সংগীতৰ যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল আৰু তেওঁৰ সফলতাৰ বিষয়ে আলোকপাত কৰোঁ৷

১৯৪৭ চনত চিত্ৰ নিৰ্মাতা বসন্ত যোগলেকাৰে নিজৰ ছবি আপকী সেৱা(ছেৱা)ত মংগেশকাৰক এটা গীত গাবলৈ সুযোগ প্ৰদান কৰিছিল।  ইয়াৰ পিছতে মজবুৰ ছবিখনৰ দুটি গীতে সমাজত লতাজীৰ গীতে সমাদৰ লাভ কৰে। ১৯৪৯ চনত সেই সময়ৰ আটাইতকৈ চৰ্চিত অভিনেত্ৰী মধুবালা অভিনীত মহল কথাছবিখনৰ আয়েগা আনেৱালা শীৰ্ষক গীতটোৰ পৰা মংগেশকাৰে জিনপ্ৰিয়তা    অৰ্জন কৰিছিল। ইয়াৰ পিছৰ খিনি ইতিহাস...ভাৰতীয় উপমহাদ্বীপৰ লগতে সমগ্ৰ পৃথিৱীতে সমাদৃত লতা মংগেশকাৰৰ কণ্ঠ। যাৰ বাবে তেওঁক ভাৰতৰ নাইটিংগেল বুলিও জনা যায়। 

তেওঁ সংগীত জগতলৈ আগবঢ়োৱা আৱদানৰ স্বীকৃতি হিচাপে ১৯৮৯ চনত ভাৰত চৰকাৰে তেওঁক দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰে। ১৯৬৯ ভাৰত চৰকাৰৰ পৰা পদ্মভূষণ, ১৯৯৯ চত পদ্মবিভূষণ বঁটা আৰু ২০০১ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল আৰু এই সন্মান লাভ কৰা এম এছ চুব্বালক্ষ্মীৰ পিছত তেওঁ দ্বিতীয়গৰাকী মহিলা কণ্ঠশিল্পী আছিল। ফ্ৰান্সে ২০০৭ চনত তেওঁক ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক বঁটা নেচনেল অৰ্ডাৰ অফ দ্য লিজিয়ন অফ অনাৰৰ বিষয়া প্ৰদান কৰিছিল।

তেওঁ তিনিটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ১৫টাকৈ বেংগল ফিল্ম জাৰ্নালিষ্ট এছ’চিয়েচন এৱাৰ্ড, চাৰিটাকৈ ফিল্মফেয়াৰ শ্ৰেষ্ঠ মহিলা প্লেবেক বঁটা, দুটাকৈ ফিল্মফেয়াৰ বিশেষ বঁটা, ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট বঁটাৰ লগতে আৰু বহুতো বঁটা লাভ কৰিছিল। ১৯৭৪ চনত তেওঁ লণ্ডনৰ ৰয়েল এলবাৰ্ট হলত সংগীত প্ৰদৰ্শন কৰা প্ৰথম ভাৰতীয় নেপথ্য গায়িকা আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ