--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিটো গ্ৰহই নিৰ্দিষ্ট সময়ত নিজৰ ৰাশি সলনি কৰি শুভ আৰু অশুভ যোগৰ সৃষ্টি কৰে। জ্যোতিষত বুধক গ্ৰহৰ ৰাজকুমাৰ বুলি কোৱা হয়। অহা ১ অক্টোবৰত বুধ গ্ৰহে ট্ৰেনজিট কৰি কন্যা ৰাশিত প্ৰৱেশ কৰিব। বুধে ৰাশি সলনি কৰি কন্যা ৰাশিত প্ৰৱেশ কৰি ত্ৰিগ্ৰহী যোগৰ সৃষ্টি কৰিব। দৰাচলতে বুধ আৰু সূৰ্য্য ইতিমধ্যে কন্যা ৰাশিত অৱস্থান কৰি আছে। এইদৰে বুধৰ কন্যা ৰাশিত প্ৰৱেশৰ বাবে এই ৰাশিত সূৰ্য্য, বুধ আৰু মংগল গ্ৰহৰ সংগমেৰে ত্ৰিগ্ৰহী যোগৰ সৃষ্টি হ’ব। কন্যা ৰাশিত ত্ৰিগ্ৰহী যোগ গঠনত এই ৩ ৰাশিৰ লোকক অতি শুভ প্ৰদান কৰিব। আপুনিও এই ৰাশিৰ মাজৰ এজন নেকি চাওঁ আহক।

১. কন্যা ৰাশিঃ-কন্যা ৰাশিৰ লোকৰ বাবে ত্ৰিগ্ৰহী যোগ অতি উপকাৰী। এই ত্ৰিগ্ৰহী যোগ কেৱল কন্যা ৰাশিতহে গঠন হোৱাৰ ফলত এই ৰাশিৰ লোকসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। তেওঁৰ ব্যক্তিত্ব উন্নত কৰাৰ লগতে সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব। বিবাহিতসকল সুখী হ’ব পাৰিব। এই যোগে লেখা আৰু যোগাযোগৰ ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকল অধিক লাভান্বিত হ’ব পাৰিব।

২. ধনু ৰাশিঃ-ত্ৰিগ্ৰহী যোগৰ গঠনে ধনু ৰাশিৰ লোকক অনুকূল ফলাফল প্ৰদান কৰিব। উপাৰ্জনৰ উৎস বঢ়াৰ লগতে ডাঙৰ টেণ্ডাৰ বা অৰ্ডাৰ পাব পাৰে। নতুন চাকৰিৰ বাবে যোগাযোগ কৰিব পাৰে। ব্যৱসায়ৰ লগতে অন্যান্য ক্ষেত্ৰতো উপকৃত হ’ব।

৩. মকৰ ৰাশিঃ বুধ ৰাশিৰ ট্ৰেনজিটৰ দ্বাৰা গঠিত ত্ৰিগ্ৰহী যোগে মকৰ ৰাশিৰ লোককো যথেষ্ট উপকৃত কৰিব। ব্যৱসায় ক্ষেত্ৰতখন বহু দূৰলৈকে সম্প্ৰসাৰণ কৰাৰ সুযোগ লাভ কৰিব পাৰিব। ঘৰত কিছু শুভ কাম হ’ব পাৰে। বিদেশলৈ যোৱাৰ সপোন পূৰণ হোৱাৰ লগতে অৰ্থনৈতিক অৱস্থা উন্নত হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ