--°C
Loading...
Listen to Article
2 min read
80%

লণ্ডনঃ বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰনেতা বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ ওচৰ চপাতো বৰ সহজ কথা নহয়। কিন্তু শেহতীয়াকৈ তেওঁৰ ব্যক্তিগত তথ্য ৰাজহুৱা হৈ পৰাৰ এটা ঘটনা পোহৰলৈ আহিছে। শেহতীয়াকৈ পোহৰলৈ অহা মতে, অনলাইনত কোনোবাই প্ৰকাশ কৰি দিছিল ব্ৰিটেইন প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত ফোন নম্বৰ! কেৱল এদিন নহয়, বিগত ১৫বছৰ ধৰি অনলাইনত তেওঁৰ ফোন নম্বৰ মুকলিকৈ প্ৰকাশ হৈ আছিল।

আৰু পঢ়িব পাৰিব :   ডকাইতি কাণ্ডৰ সৈতে জড়িত ১২ জনক গ্ৰেপ্তাৰ কৰিমগঞ্জ আৰক্ষীৰ


বিশেষ সূত্ৰৰ সংবাদ অনুসৰি-অনলাইন যোগে প্ৰকাশিত ফোন নম্বৰটো ২০০৬চনৰ পৰা বিগত সপ্তাহলৈকে ব্যৱহাৰ কৰি আছিল তেওঁ। কিন্তু শুকুৰবাৰৰপৰা যোগাযোগ স্থাপনৰ চেষ্টা কৰিও সংযোগ স্থাপনত ব্যৰ্থ যোগাযোগকাৰী। তথ্য অনুসৰি, যোৱা বছৰ এই ফোন নম্বৰৰ যোগেদিয়ে প্ৰধানমন্ত্ৰীয়ে ডাউনিং ষ্ট্ৰীটৰ অট্টালিকাটো সুন্দৰকৈ সাজি উলিয়াবৰ বাবে ছৌদিৰ ৰাজপুত্ৰ মহম্মদ বিন ছলমন তথা উদ্যোগপতি জেমছ ডাইচেনৰ সৈতে বাৰ্তালাপ কৰিছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে।

আৰু পঢ়িব পাৰিব :   হোজাইত কামনাৰ বলি যুৱতীঃ গোচৰ ৰুজু


ইংলেণ্ডৰ প্ৰাক্তন সুৰক্ষা উপদেষ্টা পিটাৰ ৰিকেটে আন্তৰ্জাতিক সংবাদমাধ্যমত দিয়া এটি সাক্ষাৎকাৰত সদৰি কৰে যে,বিট্ৰিছ প্ৰধানমন্ত্ৰীৰ ফোন নম্বৰটো অনায়াসে অপৰাধী,গেংষ্টাৰসকলৰ হাতলৈ যোৱাৰ আশংকা সৃষ্টি হৈছিল। চলিত সপ্তাহত ব্ৰিটেইন সাংসদে উদ্বেগ প্ৰকাশ কৰিছে জনছনৰ বিৰোধী দলৰ সাংসদ ৰচেল হপকিঙে। বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ নম্বৰ এনেদৰে মুকলিকৈ প্ৰকাশ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় সুৰক্ষা বিঘ্নিত হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে তেওঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ