--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একোচা সুন্দৰ চুলিৰ অধিকাৰী হ'বলৈ সকলোৱে বিচাৰে। চুলি ধুনীয়া দেখাবলৈ হ'লে চুলি সুস্থ হৈ থকাটো অতি প্ৰয়োজনীয়। চুলিখিনি সঠিকভাৱে ৰাখিবলৈ আৰু মজবুত, উজ্জ্বল কৰি ৰাখিবলৈ সময়ে সময়ে তেল লগাব লাগে। বহুতে চুলিত একেবাৰে তেল নলগায়। কিন্তু কিছুমান মানুহে নিয়মীয়াকৈ তেল লগাই চুলি জিলিকাই ৰাখে। চুলিত সদায় তেল লগালেও বহু ক্ষতি হয়। কিন্তু সপ্তাহত দুই-তিনিদিন লগোৱাটো প্ৰয়োজনীয়। চুলিত তেল লগালে কেৱল চুলিত উপকাৰ হোৱাই নহয়, মূৰৰ ছালো উপকৃত হয়। সেইবাবেই চুলিত তেল লগোৱাটো অতি প্ৰয়োজনীয়। চুলিত তেল নলগালে কি কি অসুবিধা হয় জানো আহক।

চুলিত তেল নলগালে হোৱা সমস্যাসমূহ

১) চুলিত তেল নলগালে চুলি শুকাই যাব পাৰে আৰু ইয়াৰ ফলত চুলি দুৰ্বল হৈ পৰে।

২) গৰমৰ দিনত চুলি আৰু মূৰৰ ছালৰ আৰ্দ্ৰতা ধৰি ৰাখিবলৈ চুলিত তেল লগাব লাগে।

৩) মূৰৰ ছালত হোৱা খজুৱতিৰ পৰা হাত সাৰিবলৈ চুলিত তেল লগাব লাগে।

৪) চুলিত তেল নলগালে উফিৰ দৰে সমস্যাই দেখা দিয়ে।

৫) চুলিত তেল নলগালে চুলিয়ে পুষ্টি নাপায় আৰু চুলি ফাটিবলৈ আৰম্ভ কৰে।

চুলিত তেল দিয়াটো কিয় গুৰুত্বপূৰ্ণ?

১) চুলিত তেল নিদিয়াৰ বাবে আপোনাৰ বহুতো সমস্যা হ'ব পাৰে। চুলিৰ পৰ্যাপ্ত পুষ্টি, বৃদ্ধি আৰু শক্তিৰ বাবে সময়ে সময়ে তেল লগাব লাগে।

২) চুলি মজবুত আৰু সুস্থ কৰি তুলিবলৈ তেল লগাব লাগে।

৩) চুলিৰ ৰুক্ষতা কমাবলৈ আৰু ফাটি যোৱাৰ পৰা ৰক্ষা কৰিবলৈ তেল লগাব লাগে।

৪) চুলি হাইড্ৰেট কৰি ৰাখিবলৈ চুলিত তেল লগাব লাগে।

৫)চুলিৰ পুষ্টিত তেলে সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ