--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সুদীর্ঘ ৯ মাহৰ উৎকণ্ঠাৰ অন্তত সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম'ৰক মহাকাশৰ পৰা পৃথিৱীলৈ ওভতাই অনা বিজ্ঞানীৰ দলত আছে এগৰাকী অসম সন্তান। এইগৰাকী সুযোগ্য অসমীয়া বিজ্ঞানীৰ ঘৰ দৰং জিলাৰ হাজৰিকাপাৰাত। তেওঁৰ নাম ভৱানী শর্মা। 

উল্লেখযোগ্য যে ইলন মাক্সৰ মহাকাশ প্রতিষ্ঠান স্পেচএক্সত ভৱানী শৰ্মা এগৰাকী মাইক্র ছফট অভিযন্তা হিচাপে কৰ্মৰত হৈ আছে। একেবাৰে প্ৰচাৰবিমুখ এইগৰাকী নীৰৱ সাধকৰ বিষয়ে অসম বাদেই, দৰং জিলাতেই বৰ বেছি জনাজাত নহয়। কিন্তু আজি পুৱতি নিশা সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম'ৰ এখন ড্রেগন কেপচুলেৰে আটলান্টিক মহাসাগৰৰ বুকুত নামি অহাৰ পাছতেই সমগ্র দেশজুৰি এইগৰাকী স্বনামধন্য অসমীয়াৰ নাম চর্চালৈ আহে। বিশেষকৈ জন্মস্থান হাজৰিকাপাৰাৰ লগতে সমগ্র অসমবাসী ভৱানী শৰ্মাৰ কৃতিত্বত উৎফুল্লিত হৈ পৰে। উল্লেখযোগ্য  যে হাজৰিকাপাৰা নিৱাসী লাটমণ্ডল প্রয়াত সুৰেন্দ্ৰ নাথ শৰ্মা আৰু সোণপাহী দেৱীৰ পুত্ৰ ভৱানী শৰ্মাই হাজৰিকাপাৰাৰ গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষা দি ১৯৮৩ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীর্ণ হয়। ইয়াৰ পাছত গুৱাহাটীৰ আর্য বিদ্যাপীঠ কলেজত উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তি কৰে। পাছত তেওঁ চান্দমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানত কম্পিউটাৰ ইঞ্জিনীয়াৰিং বিভাগত পলিটেকনিকৰ ডিপ্লমা সম্পূৰ্ণ কৰে। 

পৰৱৰ্তী সময়ত তেওঁ জালুকবাৰীস্থিত অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিকৰ স্নাতক ডিগ্রীও গ্রহণ কৰে। ইয়াৰ পাছত তেওঁ শিক্ষা বিভাগৰ ডি পি ই পি আঁচনিত শিৱসাগৰত কিছুদিন চাকৰি কৰি ১৯৯৯ চনত আমেৰিকালৈ গুচি যায়। বর্তমান সন্তানসহ পত্নী গীতিমা শৰ্মাৰ সৈতে আমেৰিকাৰ কেলিফর্নিয়াৰ বাসিন্দা ভৱানী ভি শৰ্মাই আমেৰিকাত থাকিও শিপাৰ সৈতে সম্পৰ্ক অক্ষুণ্ণ ৰাখিছে। তেওঁ ফ্রেণ্ডছ অব্ আছাম নামৰ এটা অনুষ্ঠানৰ সৈতেও ওতপ্রোতভাৱে জড়িত হৈ আছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ