--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত বহু প্ৰতীক্ষাৰ অন্ত পেলাই পৃথিৱীত ভৰি দিলেহি সুনীতা উইলিয়ামছে। পৃথিৱীবাসীয়ে পেলাইছে স্বস্তিৰ নিঃশ্বাস। মহাকাশত প্ৰায় ৯ মাহ কাল কটোৱাৰ পিছত স্পেচএক্স ড্ৰেগন মহাকাশযানেৰে ধৰাত উপস্থিত ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বাচ্চ উইলম’ৰ। 

২৮৬ দিনৰ অন্তত নিৰাপদে পৃথিৱীলৈ উভতি আহিৃল মহাকাশচাৰীদ্বয়।

উল্লেখ্য যে, ভাৰতীয় সময় অনুসৰি পুৱতি নিশা প্ৰায় ৩:২৭ বজাত ফ্লোৰিডাৰ সমুদ্ৰ পৃষ্ঠত স্প্লেছডাউন বা অৱতৰণ কৰিলে ইলন মাস্কৰ SpaceXৰ Dragon।

মঙলবাৰে পুৱা ৮:১৫ বজাত বন্ধ কৰা হৈছিল স্পেচএক্সৰ দুৱাৰ। প্ৰায় ১০.৩৫ বজাত হেচ্চ বন্ধ আৰু আই এছ এছৰ পৰা আনডক কৰাৰ পিছত আন দুজন মহাকাশচাৰীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশৰ পৰা প্ৰস্থান কৰিছিল সুনিতা আৰু উইলম’ৰে।

ভাৰতীয় সময় অনুসৰি মঙলবাৰে ১০ বাজি ৩৫ মিনিটত কৰা হৈছিল আনডকিং, অৰ্থাৎ SpaceX ড্ৰেগনৰ সৈতে আন্তৰ্জাতিক মহাকাশ আস্থানৰ সংযোগ বিচ্ছিন্ন কৰা হৈছিল।

উল্লেখযোগ্য যে, ২০২৪ৰ ৫ জুনত ৮ দিনৰ বাবে মহাকাশলৈ গৈছিল সুনীতা উইলিয়াম আৰু বাচ্চ উইলম’ৰ। কিন্তু ব’য়িং ষ্টাৰলাইনাৰ মহাকাশযানত হোৱা বিজুতিৰ বাবে উভতি আহিব নোৱাৰিলে সুনীতা আৰু বাচ্চ। 

যান্ত্ৰিক বিজুতিৰ বাবে ব’য়িং ষ্টাৰলাইনাৰ মহাকাশযানত মানুহ লৈ উভতি অহাটো বিপজ্জনক হ’ব বুলি আশংকা কৰা হৈছিল। সেয়েহে সুনীতা আৰু বাচ্চ উইলম’ৰক আন্তৰ্জাতিক মহাকাশ আস্থানতে ৰাখি খালী যানখনকে উভতাই অনা হৈছিল।

ফলত ISSত ৯ মাহ আবদ্ধ হৈ পৰিছিল সুনীতা। তাৰ পিছত কেইবাবাৰো তেওঁলোকক উভতাই অনাৰ বাবে চেষ্টা কৰা হৈছিল যদিও সফল হোৱা নাছিল। অৱশেষত ইলন মাস্কৰ সহযোগত পৃথিৱীলৈ উভতি আহিল সুনীতা উইলিয়ামছ।

ইলন মাস্ককো কৃতজ্ঞতা জনাইছে বিশ্ববাসীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ