--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ভিতৰত সপ্তাহত সর্বাধিক সময় কাম কৰে গুজৰাটৰ লোকসকলে। আনহাতে গোৱাৰ লোকসকলে কম সময় কাম কৰিলেও আর্থিকভাৱে যথেষ্ট আগত আছে। গোৱাৰ লোকসকলে 'স্মার্ট ৱৰ্ক' নীতি মানি চলে। ৰাজ্যখনৰ লোকসকলে কম সময়ত অধিক কাম কৰে আৰু বাকী সময়ছোৱা নিজৰ জীৱন উপভোগ কৰে।

গোৱাৰ লোকসকলে ইয়াকে প্ৰমাণ কৰি দেখুৱাইছে যে অধিক কাম কৰাটোৱেই যথেষ্ট নহয়, বৰং স্মার্ট উপায়েৰে কাম কৰাটোহে উত্তম। প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদে প্রকাশ কৰা এখন প্রতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে। সপ্তাহত আটাইতকৈ বেছি কাম কৰা ৰাজ্যৰ তালিকাত গুজৰাটে প্রথম স্থান লাভ কৰাৰ বিপৰীতে বিহাৰে তলৰ ফালৰ পৰা প্ৰথম আৰু অসমে তলৰ ফালৰ পৰা দ্বিতীয় স্থান লাভ কৰিছে। বিহাৰৰ মাত্র ১% লোকেহে সপ্তাহত ৭০ ঘণ্টাতকৈ অধিক কাম কৰে। অসমৰ ১.৬%, ঝাৰখণ্ডৰ ২.১% লোকেহে সপ্তাহত ৭০ ঘণ্টাতকৈ অধিক কাম কৰে বুলি প্রতিবেদনখনৰ পৰা জানিব পৰা গৈছে। 

চৰকাৰী অধ্যয়নটোৰ পৰা লাভ কৰা তথ্য অনুসৰি গড় হিচাপত প্রতিজন ভাৰতীয়ই সপ্তাহত ৪২.২ ঘণ্টা কাম কৰে। সপ্তাহত ৭০ ঘণ্টাতকৈ অধিক কাম কৰা লোকৰ ক্ষেত্ৰত উত্তৰ ভাৰতৰ লোকসকল যথেষ্ট পাছ পৰি আছে। দিল্লীৰ লোকসকলে প্রতি দিনে কমেও ৮.৩ ঘণ্টা কাম কৰে। গোৱাৰ লোকসকলে গড় হিচাপত দৈনিক ৫.৫ ঘণ্টা কাম কৰে। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লোকসকলে গড় হিচাপত প্রতিদিনে ৬ ঘণ্টা কাম কৰে। উল্লেখযোগ্য যে সপ্তাহত ৭০ ঘণ্টা বা তাতকৈ অধিক কাম কৰাৰ অৰ্থ হ'ল ছদিনত গড় হিচাপত প্রতিদিনে ১১ ঘণ্টাতকৈ অধিক কাম কৰা। আনহাতে ৭০ ঘণ্টাতকৈ অধিক কাম কৰা সৰ্বাধিক সাত শতাংশ লোক আছে গুজৰাটত। পঞ্জাবৰ লোকসকলেও সপ্তাহত ৭০ ঘণ্টা পর্যন্ত কাম কৰে। 

ৰাজ্যখনৰ সাত শতাংশ লোকে ৭০ ঘণ্টাতকৈ অধিক কাম কৰে। আনহাতে মহাৰাষ্ট্ৰৰ ৬.৬%, পশ্চিম বংগৰ ৬.২% আৰু কেৰালাৰ ৬.১% লোকে এসপ্তাহত ৭০ ঘণ্টাতকৈ অধিক সময় কাম কৰে। ইফালে দেশৰ গড় অনুসৰি নগৰাঞ্চলত বাস কৰা লোকসকলে প্রতিদিনে ৭.৮ ঘণ্টা আৰু গ্রামাঞ্চলৰ লোকসকলে প্রতিদিনে ৬.৭ ঘণ্টা কাম কৰে। উত্তৰাখণ্ড, পঞ্জাব আৰু ঝাৰখণ্ডৰ গ্রামাঞ্চলৰ লোকসকলে আটাইতকৈ বেছি সময় কাম কৰে। অসম, নগালেণ্ড আৰু গোৱাৰ লোকসকলে আটাইতকৈ কম কাম কৰে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement