--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমাগত ৰঙৰ উৎসৱ ফাকুৱা৷ হেঁপাহৰ ৰঙৰ উৎসৱ হোলীলৈ মাজত মাত্ৰ আৰু দুটা দিন। ফাকুৱা হৈছে প্ৰেম, একতা আৰু বসন্তৰ আগমনৰ এক আনন্দময় উৎসৱ৷ ফাকুৱা বুলি ক'লে সকলোৰে মাজত এক উছৱমুখৰ পৰিবেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। ডেকাৰ পৰা বৃদ্ধলৈকে সকলোৱে মিলি হোলি উদযাপন কৰে। ৰঙীন হৈ পৰে আকাশ-বতাহ ৷ কিন্তু ফাকুৱা উদযাপনৰ পাছতে ৰুগীয়া হৈ পৰে বহু লোক৷ কিয় জানেনে ? বজাৰত উপলব্ধ ফাকুৱাৰ ৰঙসমূহৰ বাবে। 

উল্লেখযোগ্য যে পূৰ্বতে হালধি, বিভিন্ন ফল, ঔষধি গুণযুক্ত গছৰ পাত শুকুৱাই ফাকুৰ গুড়ি তৈয়াৰ কৰা হৈছিল যিবোৰৰ কোনো পাৰ্শ্বক্ৰিয়া নাছিল৷ বৰঞ্চ, সেই গুড়ি ছাল-চকুৰ সংস্পৰ্শলৈ অহাৰ ফলত আমাৰ স্বাস্থ্যৰ উপকাৰহে হৈছিল৷ কিন্তু বৰ্তমান কৃত্ৰিমভাৱে সৃষ্টি কৰা বজাৰৰ এই ৰংসমূহে আমাৰ স্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনে। যাৰ ফলত আমি অসুস্থ হৈ পৰো। লীড অক্সাইড, ক্ৰমিয়াম আয়’ডাইড, কপাৰ ছালফেট, পাৰা ছালফাইড আৰু এলুমিনিয়াম ব্ৰ’মাইডৰ দৰে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থবোৰ ফাকুৰ গুড়িত বহুলভাৱে ব্যৱহাৰ কৰা হয়। বিগত কেইমাহৰ পৰা সমগ্ৰ অসমতে বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ চৌদিশে সৃষ্টি হোৱা ধূলিময় পৰিৱেশৰ ফলত ইতিমধ্যেই অধিকাংশ লোক বেমাৰৰ সন্মুখীন হ'বলগীয়া হৈছে। সেয়েহে, এইবাৰ ফাকুৱা উদযাপনত সকলোৱে বিশেষ সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী।

এতিয়া জানো আহক কেনেদৰে ঘৰতে প্ৰস্তুত কৰিব ফাকুৱা। নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰি আপুনি সমাগত ফাকুৱাত বজাৰৰ পৰা অনা ৰঙৰে ফাকুৱা নেখেলিব ৷ ইয়াৰ পৰিৱৰ্তে খুব সহজ উপায়েৰে ঘৰতে ফাকুৱাৰ ৰং তৈয়াৰ কৰিব পাৰিব ৷

১)ডালিমৰ বাকলি শুকুৱাই এইসমূহ পিহি ৰঙা ৰং তৈয়াৰ কৰিব পাৰে৷ এই ৰং স্বাস্থ্যৰ‌ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।

২)গুলপীয়া ৰং প্ৰস্তুত কৰিবলৈ বীট আৰু শুকান জৱা ফুলৰ পাহি পিহি ল'ব। এই ৰং আপুনি গুলপীয়া ফাকুৱাৰ ৰং হিচাপে ব্যৱহাৰ কৰিব পাৰে।

৩) শুকান নিম পাত আৰু শুকান জেতুকা পাত মিহলি কৰি সেউজীয়া ৰং প্ৰস্তুত কৰিব পৰা যায়।

৪) ময়দাৰ সৈতে হালধি মিহলি কৰি আপুনি হালধীয়া ৰং তৈয়াৰ কৰিব পাৰে ৷

৫) নীলা অপৰাজিতা গুড়ি কৰি ফাকুৱাৰ নীলা ৰং প্ৰস্তুত কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ