--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সোমবাৰে লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত ২০২৫ বৰ্ষৰ একাডেমি এৱাৰ্ড বা অস্কাৰ বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়। প্ৰথমবাৰৰ বাবে অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান জিঅ' হটষ্টাৰত সোমবাৰে পুৱা ৫-৩০ বজাৰ পৰা লাইভ দেখুওৱা হয়। 

অস্কাৰ প্ৰতিযোগিতাত ভাৰতৰ একমাত্র আশা, প্রিয়ংকা চোপ্রা কার্যবাহী প্রযোজক ৰূপে থকা 'অনুজা' নামৰ চুটি চলচ্চিত্ৰখনে ভাৰতীয় জনতাক নিৰাশ কৰিলে। 'বেষ্ট লাইভ একশ্যন শ্বর্ট ফিল্ম' শাখাত 'অনুজা'ক পিছ পেলাই ওলণ্ডাজ ছবি 'আই এম নট এ ৰবট'-এ বঁটা লাভ কৰে। 

৯৭সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠানত ২৩ শাখাত বঁটা প্ৰদান কৰা হয়। হষ্ট (অনুষ্ঠান পৰিচালক) হিচাপে প্রথম অনুষ্ঠান কৰা কৌতুক শিল্পী কনান অ'ব্রায়েনে বঁটা প্রদান অনুষ্ঠানত আৰম্ভণিতেই ভাৰতীয় দর্শকক প্রথমতে হিন্দীতে সম্বোধন কৰে। তেওঁ কয়, 'যিসকলে ভাৰতৰ পৰা অনুষ্ঠান চাই আছে মই ক'বলৈ বিচাৰোঁ- ভাৰত কে লোগো কো নমস্কাৰ। ৱহা সুবহ হো চুকী হেঁ, তো মুঝে উম্মীদ হে কী নাস্তে কে সাথ অস্কাৰ কৰ ৰহে হেঁ। (ভাৰতবাসীক নমস্কাৰ। তাত ৰাতিপুৱাইছে, সেয়ে মই ভাবোঁ যে পুৱাৰ জলপানৰ সৈতে আপোনালোকে অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান চাই আছে।) 

৯৭সংখ্যক অস্কাৰ বঁটাৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্র, শ্রেষ্ঠ পৰিচালককে ধৰি ১৩টা বিষয়ত 'এমিলিয়া পেৰেজ' মনোনয়নত শীর্ষত আছিল যদিও পৰিচালক চীন বেকাৰৰ ৰোমাণ্টিক কমেডী ড্রামা 'অনুৰা'ই অনুষ্ঠানত সর্বাধিক বঁটা লাভ কৰে। 'অনুৰা'ই লাভ কৰে শ্ৰেষ্ঠ চলচ্চিত্র, শ্রেষ্ঠ অভিনেত্রী (মিকী মেডিছন), শ্রেষ্ঠ পৰিচালক (ছীন বেকাৰ), শ্ৰেষ্ঠ সম্পাদনা আৰু শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্যৰ বঁটা লাভ কৰে। 


ইফালে ব্রেডি কৰবেটৰ 'দ্য ব্ৰুটেলিষ্ট'ত কৰা অভিনয়ৰ বাবে শ্রেষ্ঠ অভিনেতাৰ বঁটা দিয়া হয় এড্রিয়েন ব্ৰ'ডিক। অনুষ্ঠানত বঁটা লাভ কৰা আনসকল হ'ল- শ্রেষ্ঠ সহ-অভিনেত্রী: জ' ছালডানা (এমিলিয়া পেৰেজ), শ্রেষ্ঠ সহ-অভিনেতা: কিয়েৰেন কালকিন, শ্রেষ্ঠ মৌলিক সংগীত : দ্য ব্রুটেলিষ্ট (এ ২৪), শ্রেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র: আই এম ষ্টিল হিয়েৰ (ব্রাজিল), শ্রেষ্ঠ চিনেমাট'গ্রাফি: দ্য ব্রুটেলিষ্ট (লল ক্ৰ'ৱলী), শ্রেষ্ঠ ভিজুৱেল এফেক্ট: ডিউন-পার্ট টু (পল লেম্বার্ট, ষ্টিফেন জে'মছ, ৰাইজ ছেলকাম্ব আৰু গার্ড নেফজাৰ), শ্ৰেষ্ঠ শব্দ: ডিউন-পার্ট টু (গেৰেথ জন, ৰিচাৰ্ড কিং, ৰন বার্টলেট আৰু ডাউগ হেমফিল), শ্রেষ্ঠ তথ্যচিত্রীয় কাহিনী চিত্ৰ: ন' আদাৰ লেণ্ড, শ্রেষ্ঠ তথ্যচিত্রীয় চুটি ছবি: দ্য অনলি গার্ল ইন দ্য অর্কেষ্টা, শ্রেষ্ঠ মৌলিক গীতঃ এল মেল (এমিলিয়া পেৰেজ), শ্রেষ্ঠ চিত্রনাট্য (অভিযোজনা): কনক্লেভ (পিটাৰ ষ্ট্ৰঘোন), শ্রেষ্ঠ এনিমেটেড কাহিনী ছবিঃ ফ্ল', শ্রেষ্ঠ এনিমেটেড চুটি ছবিঃ ইন দ্য শ্বেড' অব দ্য চাইপ্রেছ, শ্রেষ্ঠ সাজসজ্জা: উইকেড,
 শ্রেষ্ঠৰূপসজ্জা আৰু কেশসজ্জা : দ্য ছাবষ্টেন্স।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ