--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ বিখ্যাত প্ৰেমিক যুগল তামান্না ভাটিয়া আৰু বিজয় বাৰ্মা আকৌ এবাৰ শিৰোনামলৈ আহিছে। খবৰ অনুসৰি দুবছৰ ধৰি ডেটিং কৰাৰ পিছত এই সুন্দৰ প্ৰেমিক যুগলে সম্পৰ্কৰ অন্ত পেলাইছে। বিচ্ছেদৰ খবৰৰ মাজতে তামান্না ভাটিয়া আৰু বিজয় বাৰ্মাই তেওঁলোকৰ ইনষ্টাগ্ৰামৰ পৰা সকলো ফটো ডিলিট কৰিছে।

এই প্ৰেমিক দম্পতীৰ বিচ্ছেদ ঘটিছে বুলি তীব্ৰ চৰ্চা আৰম্ভ হৈছে। অৱশ্যে এই বিচ্ছেদক ​​লৈ দুয়োজনেই মৌনতা অৱলম্বন কৰিছে। এই খবৰটো শুনি তেওঁলোকৰ অনুৰাগীসকল অতিশয় দুখী হৈ পৰিছে, কাৰণ অনুৰাগীসকলে আগ্ৰহেৰে তামান্না আৰু বিজয়ৰ বিবাহৰ বাবে অপেক্ষা কৰি আছিল। যেতিয়াই এওঁলোকক ক’ৰবাত দেখা গৈছিল তেতিয়াই অনুৰাগীয়ে তেওঁলোকৰ বিয়াৰ পৰিকল্পনাৰ বিষয়ে সুধিছিল। এক খবৰ অনুসৰি কেইসপ্তাহমান আগতে তামান্না আৰু বিজয়ৰ মাজত বিচ্ছেদ ঘটিছিল যদিও তেওঁলোক এতিয়াও ভাল বন্ধু হৈয়েই আছে। দুয়োজনে নিজৰ কামত মনোনিৱেশ কৰিব আৰু কঠোৰ পৰিশ্ৰম কৰিব।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এতিয়া তামান্না ভাটিয়া আৰু বিজয় বাৰ্মাৰ একেলগে কোনো ছবি নাই। ফটো সমূহ ডিলিট হোৱাৰ পিছৰে পৰা এই ব্ৰেকআপৰ খবৰে শিৰোনাম দখল কৰিছে। 

শেহতীয়াকৈ প্ৰয়াগৰাজ মহাকুম্ভলৈ গৈছিল তমন্না ভাটিয়া। এই সময়ছোৱাত তেওঁক অকলে দেখা গ’ল। ২০২৩ চনত ‘লাষ্ট ষ্ট’ৰীছ ২’ত দুয়ো দুয়োৰে কাষ চাপিছিল। ইয়াৰ লগে লগে তেওঁলোকৰ সম্পৰ্ক আৰম্ভ হ’ল। এই যুটিটোক সকলোৱে পচন্দ কৰিছিল এতিয়া তেওঁলোকৰ বিচ্ছেদৰ বাতৰি বিয়পি পৰাৰ লগে লগে অনুৰাগীসকল দুখত ভাগি পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ