--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : আজি নতুন দিল্লীত স্বাক্ষৰিত হয় বহু প্ৰত্যাশিত কাৰ্বি শান্তি চুক্তি৷ আজি ৪ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৬ টাকৈ কাৰ্বি বিদ্ৰোহী সংগঠনৰ নেতৃত্বৰে শান্তি চুক্তিত স্বাক্ষৰ কৰে৷ এই স্বাক্ষৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ লগতে ১৬২ জন আত্মসমৰ্পনকাৰী সংগঠনৰ নেতা উপস্থিত থাকে৷

এই চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহে টুইটযোগে এয়া এক ঐতিহাসিক ক্ষণ বুলি অভিহিত কৰে৷ মোদী চৰকাৰ শতিকাজোৰা পুৰণি বিবাদসমূহ দূৰ কৰিবলৈ দায়বদ্ধ বুলি প্ৰকাশ কৰি তেওঁ অসমৰ আঞ্চলিক অখণ্ডতা ৰক্ষা কৰাৰ বাবেও প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰে।

এই শান্তি চুক্তি স্বাক্ষৰৰ পাছত অমিত শ্বাহে কৰিলে বৃহৎ ঘোষণা- আগন্তুক ৫ বছৰত কাৰ্বি আংলঙত হ’ব ১০০০ কোটিৰ বিশেষ উন্নয়নমূলক বিনিয়োগ। চুক্তি স্বাক্ষৰৰ অন্তত কাৰ্বি আংলঙত শান্তি প্ৰতিষ্ঠাৰ এক বৃহৎ পদক্ষেপ সম্পূৰ্ণ হোৱা বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই। পৃথক ৰাজ্যৰ সশস্ত্ৰ পন্থা লোৱা ৬টাকৈ গোটে এই চুক্তিৰ জৰিয়তে ভাৰতীয় সংবিধান আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ প্ৰতি পূৰ্ণ আস্থা প্ৰকাশ কৰে।  উল্লেখ্য যে বিগত ফেব্ৰুৱাৰী মাহত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অস্ত্ৰ সম্বৰণ কৰিছিল ১হাজাৰ ৪০ জন সশস্ত্ৰ উগ্ৰপন্থীয়ে। ইয়াৰ পাছতে শান্তি প্ৰক্ৰিয়াৰ বাবে অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত পৰিষদে অহৰহ প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল। শনিবাৰে KLNLF, PDCK, UPLA, KPLTৰ যুদ্ধবিৰত গোট, KPLT(R), KPLT(M) আদি গোটসমূহে শান্তি চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তি স্বাক্ষৰৰ বাবে দিল্লীলৈ ৰাওনা হৈছিল ১৬২জনকৈ সশস্ত্ৰ গোটৰ নেতা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান