--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : আজি নতুন দিল্লীত স্বাক্ষৰিত হয় বহু প্ৰত্যাশিত কাৰ্বি শান্তি চুক্তি৷ আজি ৪ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৬ টাকৈ কাৰ্বি বিদ্ৰোহী সংগঠনৰ নেতৃত্বৰে শান্তি চুক্তিত স্বাক্ষৰ কৰে৷ এই স্বাক্ষৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ লগতে ১৬২ জন আত্মসমৰ্পনকাৰী সংগঠনৰ নেতা উপস্থিত থাকে৷

এই চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহে টুইটযোগে এয়া এক ঐতিহাসিক ক্ষণ বুলি অভিহিত কৰে৷ মোদী চৰকাৰ শতিকাজোৰা পুৰণি বিবাদসমূহ দূৰ কৰিবলৈ দায়বদ্ধ বুলি প্ৰকাশ কৰি তেওঁ অসমৰ আঞ্চলিক অখণ্ডতা ৰক্ষা কৰাৰ বাবেও প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰে।

এই শান্তি চুক্তি স্বাক্ষৰৰ পাছত অমিত শ্বাহে কৰিলে বৃহৎ ঘোষণা- আগন্তুক ৫ বছৰত কাৰ্বি আংলঙত হ’ব ১০০০ কোটিৰ বিশেষ উন্নয়নমূলক বিনিয়োগ। চুক্তি স্বাক্ষৰৰ অন্তত কাৰ্বি আংলঙত শান্তি প্ৰতিষ্ঠাৰ এক বৃহৎ পদক্ষেপ সম্পূৰ্ণ হোৱা বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই। পৃথক ৰাজ্যৰ সশস্ত্ৰ পন্থা লোৱা ৬টাকৈ গোটে এই চুক্তিৰ জৰিয়তে ভাৰতীয় সংবিধান আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ প্ৰতি পূৰ্ণ আস্থা প্ৰকাশ কৰে।  উল্লেখ্য যে বিগত ফেব্ৰুৱাৰী মাহত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অস্ত্ৰ সম্বৰণ কৰিছিল ১হাজাৰ ৪০ জন সশস্ত্ৰ উগ্ৰপন্থীয়ে। ইয়াৰ পাছতে শান্তি প্ৰক্ৰিয়াৰ বাবে অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত পৰিষদে অহৰহ প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল। শনিবাৰে KLNLF, PDCK, UPLA, KPLTৰ যুদ্ধবিৰত গোট, KPLT(R), KPLT(M) আদি গোটসমূহে শান্তি চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তি স্বাক্ষৰৰ বাবে দিল্লীলৈ ৰাওনা হৈছিল ১৬২জনকৈ সশস্ত্ৰ গোটৰ নেতা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক