--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ আইন-শৃংখলাৰ পৰিস্থিতি দ্রুতভাৱে বেয়াৰ ফাললৈ গতি কৰাৰ লগে লগে দেশখন গভীৰ সংকটৰ সম্মুখীন হৈছে বুলি স্বীকাৰ কৰিছে দেশখনৰ সেনাৰ মুৰব্বী জেনেৰেল ৱাকাৰ-উজ-জামানে। দেশখন সামাজিক-ৰাজনৈতিক সংকটৰ দিশে অগ্ৰসৰ হোৱাৰ বাবে বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাক জগৰীয়া কৰি সেনা প্রধানজনে কয় যে দেশখনৰ পৰিস্থিতি ইমানেই ভয়ানক হৈছে যে  নাগৰিকসকলে নিৰৱচ্ছিন্নভাৱে ইজনে সিজনক নিন্দা কৰাৰ মনোভাব পোষণ কৰি আছে। 

দেশখনৰ সশস্ত্র বাহিনীৰ এটা অনুষ্ঠানত ভাষণ দি জেনেৰেল জামানে কয় যে এই নৈৰাজ্য দেশখনৰ লোকসকলে নিজেই সৃষ্টি কৰিছে। দেশখনত আৰক্ষী বাহিনীত পৰ্যাপ্ত লোক নথকাৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰি জেনেৰেল জামানে কয় যে  আৰক্ষীৰ জ্যেষ্ঠৰ পৰা কনিষ্ঠ পৰ্যায়ৰ বিষয়ালৈকে এতিয়া ভয়ত বিহ্বল হৈ আছে কাৰণ কোন সময়ত তেওঁলোকে ন্যায়িক গোচৰৰ সন্মুখীন হৈ জে'ললৈ যাব লাগে তাৰ কোনো নিশ্চয়তা' নাই। 

দেশখনৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি হোৱাৰ লগে লগে সশস্ত্র বাহিনীসমূহৰ অধিক দায়িত্ব বাঢ়িছে বুলি জেনেৰেল জামানে মন্তব্য কৰে। ৰাষ্ট্ৰৰ একতা আৰু প্রাতিষ্ঠানিক শৃংখলাৰ বাবে এইটো জৰুৰী প্ৰয়োজন বুলি কৈ বাংলাদেশৰ সেনাৰ মুৰব্বীজনে শংকা ব্যক্ত কৰে যে নিৰৱচ্ছিন্ন আৰু দ্রুতভাৱে বৃদ্ধি হোৱা দেশখনৰ সমাজৰ মাজত যুঁজ-বাগৰে বাংলাদেশৰ সাৰ্বভৌমত্বক সংকটত পেলাব।

উৎস- দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ