--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পাকিস্তান ক্রিকেট দলৰ অধিনায়ক ছলমান আলী আঘাই চৰকাৰৰ নির্দেশ অনুসৰি ভাৰতৰ বিৰুদ্ধে মেচ বর্জন কৰিব বুলি স্পষ্ট কৰি দিছে। দেওবাৰে পাকিস্তান চৰকাৰে ঘোষণা কৰে যে ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্ব কাপত তেওঁলোকে খেলিব নোৱাৰিব।

ডিজিটেল ডেস্ক: ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্ব কাপত নেখেলাৰ সিদ্ধান্তৰ বাবে পাকিস্তানক শাস্তি দিয়াৰ ইংগিত দিছে আ ই চি চিয়ে। 


সূত্ৰৰ খবৰ অনুসৰি এইবাৰ ক্রিকেটৰ সর্বোচ্চ নিয়ামক সংস্থাটোৱে ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ মেচ বৰ্জনৰ‌ সিদ্ধান্তক লৈ জৰুৰী বৈঠকৰ আহ্বান কৰিবলৈ ওলাইছে।


সেই অনুসৰি বিশ্বকাপ আৰম্ভ হোৱাৰ পূর্বেই এই বৈঠক অনুষ্ঠিত হ'ব। ভাৰতৰ বিৰুদ্ধে নেখেলাৰ বাবে পাকিস্তানক কি শাস্তি দিয়া হ'ব সেয়াও উক্ত বৈঠকতে সিদ্ধান্ত লোৱা হ'ব। 


আনহাতে, পাকিস্তান ক্রিকেট দলৰ অধিনায়ক ছলমান আলী আঘাই চৰকাৰৰ নির্দেশ অনুসৰি ভাৰতৰ বিৰুদ্ধে মেচ বর্জন কৰিব বুলি স্পষ্ট কৰি দিছে। দেওবাৰে পাকিস্তান চৰকাৰে ঘোষণা কৰে যে ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্ব কাপত তেওঁলোকে খেলিব নোৱাৰিব। পিছে পাকিস্তান ক্রিকেট ব'র্ডে এই সন্দর্ভত এতিয়াও আনুষ্ঠানিকভাৱে আই চি চিক অৱগত কৰা নাই। কিন্তু পাকিস্তানৰ অধিনায়কগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে বিশ্ব কাপত খেলাৰ সন্দর্ভত তেওঁলোকৰ হাতত একো নাই। 


অষ্টেলিয়াৰ বিৰুদ্ধে খেলখনৰ পাছত সংবাদ মাধ্যমত ছলমানে কয়, 'আমি নিশ্চিতভাৱে বিশ্ব কাপত খেলিম। কিন্তু সেয়া আমাৰ সিদ্ধান্ত নহয়। জানি লওক যে আমাৰ হাতত একো নাই। আমাৰ চৰকাৰ অথবা অধ্যক্ষই যি নির্দেশনা দিয়ে আমি মানি চলিব লাগিব। তেওঁলোকে যি ক'ব আমি সেই টোকে কৰিম।' ছলমানৰ মন্তব্যই স্পষ্ট কৰি দিছে যে পাকিস্তান ব'র্ডে প্রকৃততে ক্রিকেটাৰৰ স্বার্থ বা ইচ্ছাৰ প্রতি গুৰুত্ব দিয়া নাই। সেই পথকে অৱলম্বন কৰিছে শ্বাহবাজ শ্বৰীফ চৰকাৰেও। পাকিস্তানৰ বিৰুদ্ধে কি শাস্তি আৰোপ কৰা হ'ব সেই সিন্ধান্ত ল'বলৈ অহা মণ্ডলবাৰ অথবা বুধবাৰে আই চি চিয়ে বৈঠকৰ আহ্বান কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু