--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পাকিস্তান ক্রিকেট দলৰ অধিনায়ক ছলমান আলী আঘাই চৰকাৰৰ নির্দেশ অনুসৰি ভাৰতৰ বিৰুদ্ধে মেচ বর্জন কৰিব বুলি স্পষ্ট কৰি দিছে। দেওবাৰে পাকিস্তান চৰকাৰে ঘোষণা কৰে যে ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্ব কাপত তেওঁলোকে খেলিব নোৱাৰিব।

ডিজিটেল ডেস্ক: ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্ব কাপত নেখেলাৰ সিদ্ধান্তৰ বাবে পাকিস্তানক শাস্তি দিয়াৰ ইংগিত দিছে আ ই চি চিয়ে। 


সূত্ৰৰ খবৰ অনুসৰি এইবাৰ ক্রিকেটৰ সর্বোচ্চ নিয়ামক সংস্থাটোৱে ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ মেচ বৰ্জনৰ‌ সিদ্ধান্তক লৈ জৰুৰী বৈঠকৰ আহ্বান কৰিবলৈ ওলাইছে।


সেই অনুসৰি বিশ্বকাপ আৰম্ভ হোৱাৰ পূর্বেই এই বৈঠক অনুষ্ঠিত হ'ব। ভাৰতৰ বিৰুদ্ধে নেখেলাৰ বাবে পাকিস্তানক কি শাস্তি দিয়া হ'ব সেয়াও উক্ত বৈঠকতে সিদ্ধান্ত লোৱা হ'ব। 


আনহাতে, পাকিস্তান ক্রিকেট দলৰ অধিনায়ক ছলমান আলী আঘাই চৰকাৰৰ নির্দেশ অনুসৰি ভাৰতৰ বিৰুদ্ধে মেচ বর্জন কৰিব বুলি স্পষ্ট কৰি দিছে। দেওবাৰে পাকিস্তান চৰকাৰে ঘোষণা কৰে যে ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্ব কাপত তেওঁলোকে খেলিব নোৱাৰিব। পিছে পাকিস্তান ক্রিকেট ব'র্ডে এই সন্দর্ভত এতিয়াও আনুষ্ঠানিকভাৱে আই চি চিক অৱগত কৰা নাই। কিন্তু পাকিস্তানৰ অধিনায়কগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে বিশ্ব কাপত খেলাৰ সন্দর্ভত তেওঁলোকৰ হাতত একো নাই। 


অষ্টেলিয়াৰ বিৰুদ্ধে খেলখনৰ পাছত সংবাদ মাধ্যমত ছলমানে কয়, 'আমি নিশ্চিতভাৱে বিশ্ব কাপত খেলিম। কিন্তু সেয়া আমাৰ সিদ্ধান্ত নহয়। জানি লওক যে আমাৰ হাতত একো নাই। আমাৰ চৰকাৰ অথবা অধ্যক্ষই যি নির্দেশনা দিয়ে আমি মানি চলিব লাগিব। তেওঁলোকে যি ক'ব আমি সেই টোকে কৰিম।' ছলমানৰ মন্তব্যই স্পষ্ট কৰি দিছে যে পাকিস্তান ব'র্ডে প্রকৃততে ক্রিকেটাৰৰ স্বার্থ বা ইচ্ছাৰ প্রতি গুৰুত্ব দিয়া নাই। সেই পথকে অৱলম্বন কৰিছে শ্বাহবাজ শ্বৰীফ চৰকাৰেও। পাকিস্তানৰ বিৰুদ্ধে কি শাস্তি আৰোপ কৰা হ'ব সেই সিন্ধান্ত ল'বলৈ অহা মণ্ডলবাৰ অথবা বুধবাৰে আই চি চিয়ে বৈঠকৰ আহ্বান কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ