--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি শ্বাহজাহানে তাজমহল নিৰ্মাণ নকৰিলেহেঁতেন, তেন্তে আজি ভাৰতত প্ৰতি লিটাৰ পেট্ৰ'ল মানুহে  ৪০ টকাত পেট্ৰ'ল কিনিব পাৰিহেঁতেন!। এনে  'উদ্ভট' দাবী কৰিছে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ৱাইচিয়ে । দেশত পেট্ৰ'ল-জিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জনতাক কোঙা কৰি পেলোৱাৰ সময়তে সাংসদগৰাকীয়ে কৰা এনে মন্তব্যই বেছ চৰ্চা লাভ কৰিছে। 

কোৱা বাহুল্য যে এআইএমআইএমৰ মুৰব্বীগৰাকীয়ে প্ৰকৃততে এনে মন্তব্যৰ জৰিয়তে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাস কৰিবহে বিচাৰিছিল। ৱাইচিয়ে প্ৰকৃততে কি কৈছিল? 

মোদী আৰু বিজেপি নেতৃত্বাধীন চৰকাৰ খনক ক্ষুৰধাৰ সমালোচনা কৰিবলৈ গৈ সাংসদগৰাকীয়ে কৈছিল "দেশৰ যুৱক-যুৱতীসকল নিবনুৱা। মুদ্ৰাস্ফীতি নিতৌ বাঢ়িয়েই আহিছে। ডিজেল প্ৰতি লিটাৰত ১০২ টকাত বিক্ৰী কৰা হৈছে। ঔৰঙ্গজেৱ এই সকলোবোৰৰ বাবে দায়ী, ইয়াৰ বাবে দায়ী মোদী নহয় । আকবৰ নিবনুৱা সমস্যাৰ বাবে বাবে দায়ী। তাজমহলৰ বাবে পেট্ৰ'লৰ মূল্য বৃদ্ধি পাইছে।" 

ৱাইচিয়ে লগতে কয়, "যদি তাজমহল নিৰ্মাণ নহ'লহেঁতেন, তেন্তে আজি পেট্ৰ'ল ৪০ টকাত বিক্ৰী হ'লহেঁতেন। মই ভাবো শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰি এটা ডাঙৰ ভুল কৰিছিল। তেওঁ সেই সকলো টকা ৰাহি কৰিব লাগিছিল। সেই ধন ২০১৪ চনত মোদীৰ হাতত তুলি দিলে ভাল হ'লহেঁতেন। তেতিয়া তেলৰ দাম কমাই ৰাখিব পৰা গ'লহেঁতেন।এতিয়া মুছলমানসকলক সকলো বিষয়তে দোষাৰোপ কৰা হয়, মোগলসকলক দোষাৰোপ কৰা হয়। মোগলসকলে অকলে দেশ শাসন কৰিছিল নেকি? অশোকে কৰা নাছিল নেকি? চন্দ্ৰগুপ্তই কৰা নাছিল নেকি? কিন্তু বিজেপিয়ে কেৱল মোগলকহে দেখা পায়। তেওঁলোকে এটা চকুৰে মোগলক দেখে আৰু আনটো চকুৰে পাকিস্তানক দেখে। "

ৱাইচিয়ে এই প্ৰৱণতাক গৰিহণা দি কয় "আমি জিন্নাৰ প্ৰস্তাৱ নাকচ কৰিছিলো, দেশৰ স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকী উদযাপন কৰিছো। ভাৰত আমাৰ প্ৰিয় দেশ। আমি ভাৰত এৰি নাযাওঁ। বহুতে যিমানেই শ্ল'গান দিওঁক, আমি দেশ এৰি নাযাওঁ। মোৰ জন্ম ইয়াতে হৈছিল আৰু মই ইয়াতে মৰিম। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ