--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি শ্বাহজাহানে তাজমহল নিৰ্মাণ নকৰিলেহেঁতেন, তেন্তে আজি ভাৰতত প্ৰতি লিটাৰ পেট্ৰ'ল মানুহে  ৪০ টকাত পেট্ৰ'ল কিনিব পাৰিহেঁতেন!। এনে  'উদ্ভট' দাবী কৰিছে হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ৱাইচিয়ে । দেশত পেট্ৰ'ল-জিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জনতাক কোঙা কৰি পেলোৱাৰ সময়তে সাংসদগৰাকীয়ে কৰা এনে মন্তব্যই বেছ চৰ্চা লাভ কৰিছে। 

কোৱা বাহুল্য যে এআইএমআইএমৰ মুৰব্বীগৰাকীয়ে প্ৰকৃততে এনে মন্তব্যৰ জৰিয়তে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাস কৰিবহে বিচাৰিছিল। ৱাইচিয়ে প্ৰকৃততে কি কৈছিল? 

মোদী আৰু বিজেপি নেতৃত্বাধীন চৰকাৰ খনক ক্ষুৰধাৰ সমালোচনা কৰিবলৈ গৈ সাংসদগৰাকীয়ে কৈছিল "দেশৰ যুৱক-যুৱতীসকল নিবনুৱা। মুদ্ৰাস্ফীতি নিতৌ বাঢ়িয়েই আহিছে। ডিজেল প্ৰতি লিটাৰত ১০২ টকাত বিক্ৰী কৰা হৈছে। ঔৰঙ্গজেৱ এই সকলোবোৰৰ বাবে দায়ী, ইয়াৰ বাবে দায়ী মোদী নহয় । আকবৰ নিবনুৱা সমস্যাৰ বাবে বাবে দায়ী। তাজমহলৰ বাবে পেট্ৰ'লৰ মূল্য বৃদ্ধি পাইছে।" 

ৱাইচিয়ে লগতে কয়, "যদি তাজমহল নিৰ্মাণ নহ'লহেঁতেন, তেন্তে আজি পেট্ৰ'ল ৪০ টকাত বিক্ৰী হ'লহেঁতেন। মই ভাবো শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰি এটা ডাঙৰ ভুল কৰিছিল। তেওঁ সেই সকলো টকা ৰাহি কৰিব লাগিছিল। সেই ধন ২০১৪ চনত মোদীৰ হাতত তুলি দিলে ভাল হ'লহেঁতেন। তেতিয়া তেলৰ দাম কমাই ৰাখিব পৰা গ'লহেঁতেন।এতিয়া মুছলমানসকলক সকলো বিষয়তে দোষাৰোপ কৰা হয়, মোগলসকলক দোষাৰোপ কৰা হয়। মোগলসকলে অকলে দেশ শাসন কৰিছিল নেকি? অশোকে কৰা নাছিল নেকি? চন্দ্ৰগুপ্তই কৰা নাছিল নেকি? কিন্তু বিজেপিয়ে কেৱল মোগলকহে দেখা পায়। তেওঁলোকে এটা চকুৰে মোগলক দেখে আৰু আনটো চকুৰে পাকিস্তানক দেখে। "

ৱাইচিয়ে এই প্ৰৱণতাক গৰিহণা দি কয় "আমি জিন্নাৰ প্ৰস্তাৱ নাকচ কৰিছিলো, দেশৰ স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকী উদযাপন কৰিছো। ভাৰত আমাৰ প্ৰিয় দেশ। আমি ভাৰত এৰি নাযাওঁ। বহুতে যিমানেই শ্ল'গান দিওঁক, আমি দেশ এৰি নাযাওঁ। মোৰ জন্ম ইয়াতে হৈছিল আৰু মই ইয়াতে মৰিম। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু