--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ষমতালৈ অহাৰ আগতে মোদীৰ চৰকাৰে জনতাক যি পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল সেয়া আখৰে আখৰে পালন কৰি গৈছে চৰকাৰ খনে। সেইমৰ্মে   নিম্ন মধ্যবিত্ত শ্ৰেণীৰ জনতাৰ মূৰত মাধমাৰ শোধাই চৰকাৰে পুনৰ গৰুৱা ভাবে ব্যৱহাৰ কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিছে।

আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৫০ টকাকৈ বৃদ্ধি  কৰা হৈছে। ফলত বুধবাৰৰ পৰা গুৱাহাটীত চিলিণ্ডাৰৰ দাম প্ৰায় ১১ শ  টকা হৈছে। একেদৰে   কলকাতাত ১৪.২ কিলোগ্ৰাম ওজনৰ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি হৈ ১,০৭৯ টকা হৈছে। 

ইয়াৰ পূৰ্বে ১৯ মে'ত ৰন্ধন গেছৰ মূল্য তিনি টকা বৃদ্ধি কৰা হৈছিল।  মে’ মাহৰে আৰম্ভণিতে  দেশত প্ৰথমবাৰৰ বাবে এলপিজি চিলিণ্ডাৰৰ  মূল্য ৫০ টকা বৃদ্ধি কৰা হৈছিল আৰু তেতিয়াই চিলিণ্ডাৰৰ দামে হাজাৰৰ সীমা অতিক্ৰম কৰিছিল।

৬ মে'ত অন্তিমবাৰ বাবে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰদাম  আছিল ১,০০০ টকাৰ তলত। সেই সময়ত মূল্য আছিল ৯৬৭ টকা। তেতিয়াৰে পৰা দুমাহৰ ভিতৰত চিলিণ্ডাৰৰ লক্ষ্যণীয়ভাবে মূল্য বৃদ্ধি হৈছে। মাত্ৰ ৬০ দিনত চিলিণ্ডাৰৰ  মূল্য মুঠ ১০৩ টকালৈ বৃদ্ধি হৈছে। স্বাভাৱিকতে চিলিণ্ডাৰৰ উচ্চ মূল্যৰ বাবে বহুতৰে দৈনন্দিন ঘৰ চলোৱা খৰচো বৃদ্ধি পাইছে।ইফালে ৫ কিলোগ্ৰামৰ এটা সৰু চিলিণ্ডাৰৰ মূল্য ৩৯৬ টকালৈ বৃদ্ধি পাইছে।

নতুন মূল্য অনুসৰিএলপিজি চিলিণ্ডাৰৰ মূল্য দিল্লীত ১০৫৩ টকা, মুম্বাইত ১০৫২.৫০ টকা আৰু চেন্নাইত ১০৬৮.৫০  টকা হৈছে। অৱশ্যে ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৮ টকা হ্ৰাস পাইছে। আজিৰ পৰা, বাণিজ্যিক গেছ চিলিণ্ডাৰ ২.১৩২ টকাত উপলব্ধ হ'ব।

মন কৰিব লগীয়া যে যোৱা মাহত ৰন্ধন গেছৰ  এক নতুন সংযোগৰ ব্যয়ও বৃদ্ধি কৰা হৈছিল।  গেছ কোম্পানীবোৰক ঘৰত ব্যৱহৃত ১৪.২ কিলোগ্ৰাম চিলিণ্ডাৰৰ সংযোগৰ বাবে সুৰক্ষামূলক জমা হিচাপে ৭৫০ টকা অধিক জমা দিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। 

ৰেগুলেটৰৰ মূল্যও বৃদ্ধি পাইছিল। নতুন ৰেগুলেটৰ এটা কিনিবলৈ গ্ৰাহকে ১০০ টকা অধিক পৰিশোধ কৰিবলগীয়া হৈছে। ইয়াৰ মাজতে আজি  চিলিণ্ডাৰৰ মূল্য পুনৰ বৃদ্ধি পোৱাত জনতাৰ মূৰত নতুন বোজা আহি পৰিছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক