--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ষমতালৈ অহাৰ আগতে মোদীৰ চৰকাৰে জনতাক যি পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল সেয়া আখৰে আখৰে পালন কৰি গৈছে চৰকাৰ খনে। সেইমৰ্মে   নিম্ন মধ্যবিত্ত শ্ৰেণীৰ জনতাৰ মূৰত মাধমাৰ শোধাই চৰকাৰে পুনৰ গৰুৱা ভাবে ব্যৱহাৰ কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিছে।

আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৫০ টকাকৈ বৃদ্ধি  কৰা হৈছে। ফলত বুধবাৰৰ পৰা গুৱাহাটীত চিলিণ্ডাৰৰ দাম প্ৰায় ১১ শ  টকা হৈছে। একেদৰে   কলকাতাত ১৪.২ কিলোগ্ৰাম ওজনৰ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি হৈ ১,০৭৯ টকা হৈছে। 

ইয়াৰ পূৰ্বে ১৯ মে'ত ৰন্ধন গেছৰ মূল্য তিনি টকা বৃদ্ধি কৰা হৈছিল।  মে’ মাহৰে আৰম্ভণিতে  দেশত প্ৰথমবাৰৰ বাবে এলপিজি চিলিণ্ডাৰৰ  মূল্য ৫০ টকা বৃদ্ধি কৰা হৈছিল আৰু তেতিয়াই চিলিণ্ডাৰৰ দামে হাজাৰৰ সীমা অতিক্ৰম কৰিছিল।

৬ মে'ত অন্তিমবাৰ বাবে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰদাম  আছিল ১,০০০ টকাৰ তলত। সেই সময়ত মূল্য আছিল ৯৬৭ টকা। তেতিয়াৰে পৰা দুমাহৰ ভিতৰত চিলিণ্ডাৰৰ লক্ষ্যণীয়ভাবে মূল্য বৃদ্ধি হৈছে। মাত্ৰ ৬০ দিনত চিলিণ্ডাৰৰ  মূল্য মুঠ ১০৩ টকালৈ বৃদ্ধি হৈছে। স্বাভাৱিকতে চিলিণ্ডাৰৰ উচ্চ মূল্যৰ বাবে বহুতৰে দৈনন্দিন ঘৰ চলোৱা খৰচো বৃদ্ধি পাইছে।ইফালে ৫ কিলোগ্ৰামৰ এটা সৰু চিলিণ্ডাৰৰ মূল্য ৩৯৬ টকালৈ বৃদ্ধি পাইছে।

নতুন মূল্য অনুসৰিএলপিজি চিলিণ্ডাৰৰ মূল্য দিল্লীত ১০৫৩ টকা, মুম্বাইত ১০৫২.৫০ টকা আৰু চেন্নাইত ১০৬৮.৫০  টকা হৈছে। অৱশ্যে ১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৮ টকা হ্ৰাস পাইছে। আজিৰ পৰা, বাণিজ্যিক গেছ চিলিণ্ডাৰ ২.১৩২ টকাত উপলব্ধ হ'ব।

মন কৰিব লগীয়া যে যোৱা মাহত ৰন্ধন গেছৰ  এক নতুন সংযোগৰ ব্যয়ও বৃদ্ধি কৰা হৈছিল।  গেছ কোম্পানীবোৰক ঘৰত ব্যৱহৃত ১৪.২ কিলোগ্ৰাম চিলিণ্ডাৰৰ সংযোগৰ বাবে সুৰক্ষামূলক জমা হিচাপে ৭৫০ টকা অধিক জমা দিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। 

ৰেগুলেটৰৰ মূল্যও বৃদ্ধি পাইছিল। নতুন ৰেগুলেটৰ এটা কিনিবলৈ গ্ৰাহকে ১০০ টকা অধিক পৰিশোধ কৰিবলগীয়া হৈছে। ইয়াৰ মাজতে আজি  চিলিণ্ডাৰৰ মূল্য পুনৰ বৃদ্ধি পোৱাত জনতাৰ মূৰত নতুন বোজা আহি পৰিছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ