--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ তালিবানক বান্ধি দিয়া সময়সীমা উকলি যোৱাৰ পূৰ্বেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই আফগানিস্থান ত্যাগ কৰিছে। বিমল আনন্দ লাভ কৰিছে তালিবানে। আফগানিস্তানত তেওঁলোকৰ নিয়ন্ত্ৰণৰো কথা সজোৰে দাবী কৰিছে। আমেৰিকাই লুটি-বাগৰ মাৰিলেও আফগানিস্তানৰ মহিলাসকলে নতি স্বীকাৰ কৰিবলৈ অনিচ্ছুক। ২০বছৰ পিছুৱাই যোৱাৰ বিপৰীতে মৃত্যুলৈকে যুঁজাৰ দৃঢ় সংকল্প লৈছে আফগান মহিলাসকলে। তালিবানে কাবুল দখল কৰাৰ পাছত মহিলাৰ স্বাধীনতা খৰ্ব নকৰাৰ আশ্বাস দিছিল। কিন্তু পৰৱৰ্তী সময়ত বোৰ্খা পৰিধান নকৰা একাংশ মহিলাক বন্দী কৰি হত্যা কৰিছিল তালিবানে। শেহতীয়াকৈ আফগান মহিলাসকলে জাঙুৰ খাই উঠিছে তালিবানী বৰ্বৰতাত।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত ৩ আফগান মহিলাই তেওঁলোকৰ শেহতীয়া অভিজ্ঞতাৰ ভাগ-বতৰা কৰা পৰিলক্ষিত হৈছে। তালিবানসকলে আফগানিস্তান দখলৰ পাছত তেওঁলোকৰ মনৰ আশংকা প্ৰকাশ কৰিছে।’ উল্লেখ্য যে, তালিবানৰ কাৰ্যকলাপত ভীতি-সন্ত্ৰস্ত হৈ পেৰালিম্পিকত অংশগ্ৰহণৰ পৰা বিৰত আছিল দেশখন। জাকিয়া খুদাদী, হাছান ৰাছাউলীৰ স্বপ্নভংগৰ সমান্তৰালকৈ বক্সাৰ সীমা ৰেজাইও ক্ষোভ প্ৰকাশ কৰিছে। তালিবানী ত্ৰাসৰ মাজতে অনাগত সময়ত অনুশীলন কৰি যাব বুলি অংগীকাৰ সীমাৰ।

ক্ৰীড়াৰ লগতে মৌলবাদী সংগঠনটোৱে সংগীতো নিষিদ্ধ কৰিছে দেশখনত। জনপ্ৰিয় পপ তাৰকা আৰিয়ানা ছাইদে প্ৰাণৰ মমতাত দেশ ত্যাগ কৰাৰ বিপৰীতে জনপ্ৰিয় ইউটুবাৰ সাদিকা মাদাগৰে আফগানত থাকিয়েই কাম কৰি যাব বুলি জনাইছে। শেহতীয়াকৈ তালিবানে সংবাদ মাধ্যমৰ ওপৰতো চোকা নজৰ ৰাখিছে। তালিবান বিৰোধী সংবাদ পৰিৱেশনত কঠোৰ বিধি-নিষেধ বান্ধি দিয়া বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আফগানিস্তানত সংবাদ সংস্থাৰ শোচনীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এগৰাকী মহিলা সাংবাদিক সৰব হৈ পৰা দেখা গৈছে। নাম প্ৰকাশত অনিচ্ছুক মহিলাগৰাকীয়ে কয়, ‘বিগত ৬বছৰ ধৰি সাংবাদিক হিচাপে মই কৰ্মৰত। শিৰচ্ছেদ হ’লেও নিৰ্ভীকতাৰে সংবাদ সেৱা আগবঢ়াই যোৱাই মোৰ সংকল্প।’


বিজ্ঞানৰ পৰশ পৰা কোনো সচেতন নাগৰিকে তালিবানৰ ওচৰত নতজানু হ’ব নোৱাৰে। বিশ্বৰ সামগ্ৰিক প্ৰেক্ষাপটত মহিলাই বিশেষ ভূমিকা পালন কৰি আহিছে। আফগানিস্থানৰ সাময়িক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এতিয়া মহিলাসকলে আগবাঢ়ি আহিছে। অনাগত সময়ত মহিলাৰ পুনঃজাগৰণে দেশখনক কিদৰে প্ৰভাৱিত কৰে সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক