--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি টাটুৰ প্ৰেমিক নেকি বা আপুনি টাটু কৰাম বুলি ভাবি আছে নেকি? আজিৰ যুৱপ্ৰজন্মৰ মাজত টাটু বহুলভাৱে জনপ্ৰিয়। সেয়েহে বহুত লোকে টাটু বনোনাৰ ইচ্ছা পুহি ৰাখে। বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত টাটু অধিক জনপ্ৰিয়। যদি আপুনিও টাটুৰ প্ৰেমত পৰিছে তেন্তে আপোনাৰ বাবে আছে এক গুৰুত্বপূৰ্ণ খবৰ। টাটুত ব্যৱহাৰ কৰা চিয়াঁহীৰ বাবে মানুহৰ কেন্সাৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে।আমেৰিকাৰ এক গৱেষণাত এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। বেছিভাগ টাটু পাৰ্লাৰতে ব্যৱহাৰ কৰা চিয়াঁহীত কিছুমান কাৰ্চিনোজেন থাকে, যেনে ৰিয়াছনিক। এই চিয়াঁহীয়ে মানুহৰ কেন্সাৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। শেহতীয়া এক অধ্যয়নে এনে আশংকা প্ৰকাশ কৰিছে।

বিংহামটনস্থিত নিউয়ৰ্কৰ ষ্টেট ইউনিভাৰ্চিটিৰ গৱেষকসকলে আমেৰিকাৰ টাটু শিল্পীসকলে ব্যৱহাৰ কৰা প্ৰায় ৫৬বিধ চিয়াঁহীৰ পৰীক্ষা কৰিছিল। ইয়াৰে চিয়াঁহীত প্ৰায় ২৩ টা বিপজ্জনক এজো যৌগ পোৱা গৈছিল। ইয়াৰ উপৰিও কাৰ্চিনোজেনিক এৰোমেটিক এমাইন, পলিচাইক্লিক এৰোমেটিক হাইড্ৰ’কাৰ্বনৰ দৰে ক্ষতিকাৰক পদাৰ্থও পোৱা গৈছে। এনে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থই এলাৰ্জী, ছালৰ ফোহা আনকি কেন্সাৰৰো সম্ভাৱনা বৃদ্ধি কৰে বুলি গৱেষকসকলে প্ৰকাশ কৰিছে।

এই প্ৰসংগত ‘আমেৰিকান কেমিকেল ছ’চাইটি’য়ে এটা বক্তব্য আগবঢ়াইছে। বিবৃতিটোত কোৱা হৈছে যে টাটু শিল্পী আৰু সাধাৰণ জনতাৰ মাজত টাটুত ব্যৱহাৰ কৰা চিয়াঁহী আৰু ইয়াক তৈয়াৰ কৰা সামগ্ৰীৰ বিষয়ে কম জ্ঞান আছে। এই ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে এই পদক্ষেপ লোৱা হৈছে।

টাটু কৰিবলৈ যোৱাৰ আগতে বহুতে বিভিন্ন ৱেবচাইট চেক কৰে। গৱেষকসকলে সেই সুযোগ ব্যৱহাৰ কৰিব বিচাৰে। টাটু বনাওতে ব্যৱহৃত চিয়াঁহী আৰু ইয়াক বনোৱা প্ৰক্ৰিয়াৰ বিষয়ে বিতং তথ্য ৱেবচাইটত ৰাখি জনসাধাৰণক আগতীয়াকৈ সজাগ কৰাৰ কথা চিন্তা কৰা হৈছে। ইয়াৰ পূৰ্বে ইউৰোপীয় আয়োগে কোৱা হৈছিল যে ছালৰ ক্ষতি কৰা ৰাসায়নিক পদাৰ্থ প্ৰসাধন সামগ্ৰীত ব্যৱহাৰ কৰিব নোৱাৰি। ইউৰোপৰ প্ৰায় ৭খন দেশত এই নিষেধাজ্ঞা কাৰ্যকৰী কৰা হৈছিল।

এই সকলোবোৰ ক্ষেত্ৰতে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ বিকল্প ব্যৱহাৰ কৰিবলৈ কোৱা হৈছিল। য’ত একেবাৰেই বিকল্প নাই, তাত নতুন কিবা এটা আৱিষ্কাৰ নোহোৱালৈকে অপেক্ষা কৰিব লাগিব বুলি কোৱা হৈছিল। যদিও আমেৰিকাই ইউৰোপৰ দৰে টাটুৰ চিয়াঁহীৰ ব্যৱহাৰ নিষিদ্ধ কৰা নাই, তথাপিও আমেৰিকানসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এনে পদক্ষেপ গ্ৰহণ কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ